নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এগৰাকী সাহসী যোদ্ধা

  •   থানেশ্বৰ মালাকাৰ

মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তেখেতৰ এটা লেখাত দার্শনিক ছক্রেটিছৰ এটি মূল্যৱান বাক্য ব্যৱহাৰ কৰিছিল৷ মুখ্যমন্ত্রীয়ে লিখিছে– ‘গ্রীক দার্শনিক ছক্রেটিছে কৈছিল,An unexamined life is no worth living৷ অর্থাৎ যিটো জীৱন পৰীক্ষা কৰি চোৱা নহয়, সেই জীৱন যাপন কৰাৰ যোগ্য নহয়৷ জীৱন পথত কিছুদূৰ বাট বোলাৰ পাছত বহু লোকে মাজে মাজে নিজৰ জীৱনটো পৰীক্ষা কৰি চায়৷ কেতিয়াবা নিজে আৰু কেতিয়াবা আনৰ চকুৰে জীৱনটো পৰীক্ষা কৰি চাব লগা হয়৷ প্রতিগৰাকী ব্যক্তিয়েই এটা সময়ত নিজৰ জীৱনৰ খতিয়ান লোৱা উচিত৷ বহু সময়ত অইনৰ দৃষ্টিৰে নিজৰ জীৱনটো চোৱাৰ সুযোগে ব্যক্তি এগৰাকীক পৰিশোধিত ৰূপত আগবাঢ়ি যাবলৈ দিশ নির্দেশনা দিয়ে৷’ এই কথাখিনিৰ মাজতে সোমাই আছে মাননীয় মুখ্যমন্ত্রীগৰাকীৰ ‘জীৱন দর্শন’–An unexamined life is no worth living– ‘যিটো জীৱন পৰীক্ষা কৰি চোৱা নহয়, সেই জীৱন যাপন কৰাৰ যোগ্য নহয়৷’ সেইবাবেই ড০ হিমন্ত বিশ্ব শর্মাই বিভিন্ন পৰীক্ষাত অৱতীর্ণ হৈ আহিছে আৰু প্রমাণ কৰিব বিচাৰিছে নিজৰ শক্তি আৰু সামর্থ্য৷ ছাত্রাৱস্থাৰ পৰাই নিয়মীয়া পৰীক্ষাৰ বাদেও জীৱনৰ নানা পৰীক্ষা তেখেতে সাহসেৰে মুখামুখি হৈছে, ক’ৰবাত উজুটি খাইছে যদিও জয়ী হৈছে, ৰাজহাড পোন কৰি থিয় হৈছে৷
কটন কলেজৰ ছাত্র হৈ থাকোঁতেই ড০ হিমন্ত বিশ্ব শর্মাই ন ন চিন্তাধাৰাৰে ছাত্রশক্তিক ন–ৰূপ দিছিল, ছাত্রনেতা হিচাপে বলিষ্ঠ পদক্ষেপেৰে শিক্ষক আৰু ছাত্রক আচৰিত কৰি তুলিছিল৷ সেই সময়তেই ৰাষ্ট্রীয় স্তৰৰ ৰাজনৈতিক নেতা, শিক্ষাবিদক কটন মহাবিদ্যালয়লৈ বক্তা হিচাপে আদৰি আনিছিল৷ এজন নেতাৰ বাবে প্রয়োজনীয় গুণ যেনে– সুচিন্তিত পৰিকল্পনা, আঁচনিৰ যথাযথ ৰূপায়ণ, সুস্থিৰ আলোচনা, অনুসৰণকাৰীসকলৰ্ মাজত বিশ্বাসযোগ্যতা স্থাপন, প্রতিগৰাকীৰ কার্যদক্ষতা নিৰীক্ষণ, সততা, নিষ্ঠা, কর্তব্যপৰায়ণতা, নিয়মানুৱর্তিতা, সময়ানুৱর্তিতা– এই সকলো গুণ তেখেতে ছাত্রাৱস্থাতেই আহৰণ কৰিছিল৷ সেই গুণবোৰৰ বাবেই যোৱা প্রায় ছল্লিশ বছৰে তেখেতে অসমৰ ৰাজনীতিত গুৰুত্বপূর্ণ স্থান দখল কৰি আহিছে৷ তেখেতৰ কর্মদক্ষতা, বিচক্ষণতা আৰু দূৰদৃষ্টি তুলনাবিহীন৷ দ্বিতীয় এজন ব্যক্তি নাই, যিজনে এই গুণবোৰৰ দ্বাৰা তেখেতৰ লগত ফেৰ মাৰিব পাৰে৷ উচ্চ শিক্ষাৰে শিক্ষিত মুখ্যমন্ত্রী মহোদয় বিৰল প্রতিভাৰ অধিকাৰী৷ ৰাজ্যখনে গৌৰৱ কৰিব পাৰে যে ভাৰতৰ ভিতৰতেই ‘আমাৰ মুখ্যমন্ত্রী’ একমাত্র উচ্চ শিক্ষিত মুখ্যমন্ত্রী৷
ক’ভিডকালীন (২০১৯) অৱস্থাত স্বাস্থ্যমন্ত্রী হিচাপে তেখেতে ৰাজ্যখনক যি নেতৃত্ব আৰু সেৱা আগবঢ়ালে সি অবিস্মৰণীয়৷ সকলো স্তৰৰ মানুহৰ মাজত ভয় আৰু শংকাৰ সলনি আশা আৰু আস্থা স্থাপন কৰিব পৰাটো আছিল তেখেতৰ বিৰল কৃতিত্ব৷ স্বাস্থ্যখণ্ডৰ বাবে তেখেতে যি সাহসী পদক্ষেপ লৈছে– সি ঐতিহাসিক৷ ২০২২ চনৰ ২৮ এপ্রিল বৃহস্পতিবাৰে মাননীয় প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিশিষ্ট উদ্যোগপতি আৰু সমাজসেৱী ৰতন টাটাৰ উপস্থিতিত ৭খন কেন্সাৰ হাস্পতাল মুকলি কৰে আৰু ৭খন কেন্সাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰে৷ টাটা ন্যাস আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত ১৪খন কেন্সাৰ হাস্পতাল স্থাপনৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ উপৰি ২৪খন মেডিকেল কলেজ নির্মাণৰ তেখেতে যি আঁচনি গ্রহণ কৰিছে সি ঐতিহাসিক পদক্ষেপ৷ এই মেডিকেল কলেজৰ প্রতিখনৰ পৰা বছৰত কমেও এশগৰাকী এম বি বি এছ ডাক্তৰ আমি পাম৷ ইয়েই আমাৰ ডাক্তৰৰ অভাৱ পূৰণ কৰিব আৰু স্বাস্থ্যখণ্ডৰ উন্নতিত প্রভূত সহায় কৰিব৷ এনে ছাত্র–ছাত্রীৰ প্রেৰণাত গাঁৱৰ ছাত্র–ছাত্রীসকল অধিকভাৱে অনুপ্রাণিত হ’ব৷ গুৱাহাটীৰ আমিনগাঁৱত এইমছ(AIMS) স্থাপন– উত্তৰ– পূর্বাঞ্চলৰ বাবেই ই এক গুৰুত্বপূর্ণ সম্পদ৷ ওচৰতে আছে আই আই টি৷ এই সমুদায় অনুষ্ঠান–প্রতিষ্ঠান সহজতে অহা নাই৷ তাৰ বাবে লাগিব সু–চিন্তিত পৰিকল্পনা, কেন্দ্রীয় চৰকাৰক পতিয়ন নিয়াব পৰা যোগ্যতা আৰু নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে যুদ্ধ কৰাৰ সাহস৷ মুখ্যমন্ত্রী মহোদয়ে প্রমাণ কৰিছে তেখেত এগৰাকী ‘সাহসী যোদ্ধা’৷
ভোট বিভাজনৰ ভয়ত ‘উচ্ছেদ’ কৰিব নিদিয়া মানসিকতাৰ ঊর্ধ্বত গৈ দেশ আৰু জাতিৰ স্বার্থত তেখেতে অবৈধ বেদখল বিশেষকৈ বনাঞ্চলত থকা বেদখল উচ্ছেদ কৰি তেখেতে যি কার্য কৰি দেখুৱালে সিয়েই প্রকৃতিপ্রেমী আৰু পৰিৱেশ বিজ্ঞানীসকলৰ লগতে প্রশাসনৰ লগত জডিত বিষয়া–কর্মচাৰীসক সাহস আৰু প্রেৰণা যোগালে৷ সংৰক্ষিত বনাঞ্চল আৰু সাধাৰণ বনাঞ্চলত হোৱা অবৈধ দখলে জীৱ–জন্তু, পক্ষীকুলৰ প্রতি ভাবুকি সৃষ্টি কৰিছে, বায়ু প্রদূষণত সহায় কৰিছে৷ তেখেতৰ নেতৃত্বত ‘উচ্ছেদ অভিয়ানে’ এক নতুন মাত্রা লাভ কৰিলে৷
অসমৰ পৰিচয়, সংস্কৃতি, ঐতিহ্য ৰক্ষিত হৈ আছে আমাৰ সত্র–নামঘৰসমূহ৷ সত্রসমূহ অকল ধর্মীয় অনুষ্ঠানেই নহয়, ই সংস্কৃতিৰ একো একোখন বিশ্ববিদ্যালয় স্বৰূপ৷ সত্রৰ মাজেৰে মানুহে উদাৰতা, মানৱতা, নিৰহংকাৰ, দাস্য মনোভাব– এই গুণবোৰ আহৰণ কৰে৷ ‘সনাতনী ধর্ম’ ৰক্ষিত হৈ আছে সত্রসমূহত৷ এই সত্রসমূহৰ পৰা বেদখল উচ্ছেদ কৰি আৰু সত্রসমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে উচ্চস্তৰীয় সমিতি গঠন কৰি তেখেতে সুচিন্তাৰ নায়ক হিচাপে নিজকে দাঙি ধৰিব পাৰিছে৷ ‘কথাৰে নহয় বন্ধু কামত পৰিচয়’– এই াপ্তবাক্যশাৰী তেখেতে হূদয়েৰে উপলব্ধি কৰে৷ ৰাইজক দিয়া প্রতিটো কথাৰে তেখেতে কামত ৰূপ দিব পাৰিছে বাবেই তেখেতৰ ওপৰত ৰাইজৰ আস্থা বাঢ়ি গৈছে৷ আস্থা বঢ়াৰ লগে লগে ৰাইজৰ প্রত্যাশাও বাঢ়িছে৷ ফলত তেখেতৰ বোজা বাঢ়ি গৈছে সকলোৰে সপোন পূৰ কৰাৰ ক্ষেত্রত৷ তথাপি তেখেতে ‘সাহসী যোদ্ধা’ৰ দৰে বীৰদর্পে যুদ্ধ কৰিব ৰাইজৰ মংগলৰ বাবে৷ ই নিশ্চিত৷
‘বাল্যবিবাহ’ ৰোধ তেখেতৰ জীৱনৰ চমকপ্রদ সাফল্য৷ নানা উচ্চস্তৰীয় কমিছন, কমিটী, নানা পুস্তক, পুস্তিকা প্রকাশ কৰি লাখ লাখ টকা খৰচ কৰি অহা হৈছে বছৰ বছৰ ধৰি৷ ফলাফল কিন্তু শূন্য৷ দূৰদৃষ্টিসম্পন্ন মুখ্যমন্ত্রীয়ে ভাবিলে ই কথা সি কথাই নহয়৷ কিবা এটা হেস্তনেস্ত কৰিবই লাগিব৷ গতিকে আৰক্ষীৰ সহায়ত নাবালক দৰা–কইনা, পিতৃ–মাতৃ, পুৰোহিত, কাজীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’লে৷ চাৰিওফালে হাহাকাৰ লাগিল৷ ভয়তে সকলোৱে ‘বাল্যবিবাহ’ৰ পৰা আঁতৰি থাকিবলৈ ল’লে৷ এই কার্য আৰু জোৰদাৰ কৰিব লাগিব আৰু নিৰন্তৰ পর্যালোচনাৰ দৰকাৰ হ’ব৷ সন্দেহ নাই মুখ্যমন্ত্রী মহোদয়ৰ ই এক সাহসী পদক্ষেপ৷ তেখেতলৈ অভিনন্দন৷
ড০ হিমন্ত বিশ্ব শর্মাৰ কৰণীয় বহুতেই আছে৷ তেখেতে কৰিব পাৰিব বুলি আমাৰ গভীৰ বিশ্বাস৷ ৰাইজে তেখেতৰ প্রতিটো সৎ কার্যত সহায়ৰ হাত আগবঢ়াব লগিব, তেখেতক প্রেৰণা দিব লাগিব৷ তেখেতৰ ভাষাত, ‘আনৰ চকুৰে নিজৰ জীৱনটো পৰীক্ষা কৰি চাব লগা হয়৷’
তেখেতে বহুতো কৰিছে৷ এতিয়াও বহুতো কৰিবলৈ বাকী আছে৷ ভাৰতৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক ৰাখিব বিচৰা স্বপ্ণদ্রষ্টা, উজাগৰী নিশা কটোৱা মুখ্যমন্ত্রীয়ে খন্তেক জিৰণিৰ বাবে বিছনালৈ যাওঁতে নিশ্চয় মনত পৰে ইংৰাজ কবি ৰবার্ট ফ্রষ্ট (Robart Frost) এই কবিতা ফাকি–
‘The woods are lovely, dark and deep,

But, I have promises to keep,

And miles to go before I sleep,

And miles to go before I sleep.’

চৰকাৰৰ দ্বিতীয় বর্ষপূর্তিৰ এই শুভক্ষণত আমাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ মাননীয় মুখ্যমন্ত্রীলৈ আৰু তেখেতৰ নেতৃত্বাধীন চৰকাৰলৈ৷
সংযোজন ঃ
ব্যক্তিগতভাৱে মই গৌৰৱ অনুভৱ কৰোঁ যে মই তেখেতৰ অধীনত প্রত্যক্ষভাৱে কাম কৰাৰ সুযোগ পাইছিলোঁ৷ মই যেতিয়া সর্বশিক্ষা অভিযানৰ মিছন সঞ্চালক আৰু প্রাথমিক শিক্ষা বিভাগৰ সচিব আছিলোঁ তেখেত মোৰ বিভাগীয় মাননীয় শিক্ষামন্ত্রী৷ তেতিয়াই গম পাইছিলো তেখেতৰ বিচক্ষণতা আৰু কাম কৰাৰ দক্ষতা৷
২০১৮ চনৰ ১০ ডিচেম্বৰত শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ ‘স্মৃতি দিৱস’ৰ অনুষ্ঠানলৈ ভৱানীপুৰলৈ আহোঁতে জিলাৰ উপায়ুক্ত হিচাপে মঞ্চত তেখেতৰ কাষতে বহাৰ সুযোগ পাইছিলোঁ৷ কথাৰ মাজতে তেখেতে মোক কৈছিল–‘আপুনি চাকৰি জীৱনৰ ৰিপোর্ট কার্ডত এ–প্লাছ(A+) পাইছে, মাত্র সর্বশিক্ষাৰ শিক্ষকৰ বদলিখিনি কৰিব নালাগিছিল৷’ তেখেতে হঁাহিছিল, ময়ো৷
২০১৯ চনৰ ৩১ জানুৱাৰীত চাকৰিৰ পৰা অৱসৰ লোৱাৰ দিনা বিদায়ৰ শেষ মুহূর্তত মই দেখা কৰা মন্ত্রীগৰাকী আছিল ড০ হিমন্ত বিশ্ব শর্মা৷ সিদিনা তেখেত বাজেট সম্পক্য় এখন গুৰুত্বপূর্ণ সভাত ব্যস্ত আছিল৷ অতিৰিক্ত মুখ্য সচিব (বিত্ত)ৰ লগতে বিভাগীয় সকলো বিষয়া তাত উপস্থিত আছিল৷ হঠাতে তেখেত এবাৰ বাহিৰলৈ ওলাই আহিল, ‘ফ্রেচ’ হ’বলৈ৷ মই সাউতকৈ ওচৰ চাপি ক’লোঁ, ‘ছাৰ, আজি মোৰ চাকৰি জীৱনৰ শেষ দিন, আপোনাক মাত লগাবলৈ দুঘণ্টা অপেক্ষা কৰি আছোঁ৷ কিবা ভুল–ভ্রান্তি হৈছিল যদি ক্ষমা কৰি দিয়ে যেন৷’ কৰমর্দন কৰি তেখেতে ক’লে, ‘নাই নাই৷ আপুনি বহুত দক্ষতাৰে কাম কৰিলে৷ শুভেচ্ছা থাকিল৷ আকৌ লগ পাম৷ আহি থাকিব৷’
মাননীয় মুখ্যমন্ত্রীৰ সু–স্বাস্থ্য আৰু দীর্ঘায়ুৰ বাবে পৰমেশ্বৰৰ ওচৰত প্রার্থনা জনালোঁ৷

You might also like