নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাচি–বাগি–ই, হওঁগৈ আহাঁ–আঁ, ৰাইজ––ৰ বি–ই–ধাতা

আহিছে, আহিছে আকৌ আহিছে৷ বান উৎসৱ গ’ল, কিন্তু ভোট উৎসৱ আহিছে৷ প্রতিশ্রুতি উৎসৱ আহিছে, মিথ্যাচাৰ উৎসৱ, ঠগন উৎসৱ, প্রৱঞ্চনা উৎসৱ আহিছে৷ টালুকি–ভালুকিৰ সময়, পাভ–লুটি, চিতল–লুটি, কান্ধুলি–লুটি মৰাৰ সময় আহিছে৷
বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশ ভাৰতবর্ষ৷ ইয়াত আটাইৰে ‘গণতান্ত্রিক’ অধিকাৰ আছে, সকলোৰে সম অধিকাৰ আছে৷ একো ভেদাভেদ নাই৷ ভোট দিয়াৰ অধিকাৰ আছে স্বদেশীৰো আছে, স্বদেশী বুলি দাবী কৰোঁতা বিদেশীৰো আছে৷ বিদেশী নির্বাচনত উঠি জিকাৰ নজিৰো আছে৷ মন্ত্রীয়ে বিদেশীক চৰকাৰী চাকৰি দিয়াই নিজৰ চৰকাৰী বাসভৱনতে ৰখাৰ ক্ষমতা সাব্যস্ত কৰাৰ নজিৰো আছে৷ মন্ত্রী ৰাইজৰ প্রতিনিধি, ৰাইজৰ শাসক তেনে অধিকাৰ নাথাকিব কিয়? গণতন্ত্র মানে বাক্ স্বাধীনতাৰো তন্ত্র৷ এতেকে, বিশ্বৰ বৃহত্তম গণতান্ত্রিক ৰাষ্ট্রখনত যাৰ যি মন যায়, সি তাকেই ক’ব পাৰে ঃ সঁচা ক’ব পাৰে, নক’বও পাৰে, মিছা ক’ব পাৰে সত্য, অসত্য, অর্ধ সত্য সকলো ‘জায়েজ’৷ নির্বাচনৰ সময়ত আৰু বেছিহে ‘জায়েজ’ ফাঁকি, জীয়া ফাঁকি, ‘হোৱাইট্ লাই’, ‘ডেম্ লাই’ সকলো চলে, চলিব, ‘চল্তা হ্যেয়’৷
মাথোন সিমানেয় নহয় ‘ৰাজনীতি’ কৰিলে, ৰাইজৰ প্রতিনিধি হ’লে, হ’বলৈ ওলালে, মুহূর্তৰ ভিতৰতে সামাজিক–ৰাজনৈতিক ধ্যান–ধাৰণা, চিন্তা–চর্চা, দর্শন সকলোৰে ‘বৈপ্লৱিক’ পৰিৱর্তন ঘটাই ‘দল বাগৰা’ৰ অধিকাৰো আছে৷ তাত সোঁ পন্থী, বাম পন্থী, মধ্যম পন্থী, কঠোৰ পন্থী, নৰম পন্থী, সুমেৰু পন্থী, কুমেৰু পন্থী বুলিও একো কথা নাই শেতেলিত পৰিলে ইকাতি–সিকাতি হৈ বাগৰ সলাব লাগিবই৷ হুৱে(ৰ্) ইয্ খলিলুদ্দিন –হিয়ে(ৰ্) এম্ আই অৰুণোদ্দিন ‘আমি কেব্–কাৰ তীব্র বিৰোধিতা কৰোঁ, কেতিয়াও আপোচ নকৰোঁ, লে’কিন্ মিত্রতাকা পুছ্ পাক্ৰকে ঝুল্ ঝুল্কে’ দেশ, জাতি ঔৰ জমীন্ ৰক্ষা কৰকেহী ৰহে’ংগে’৷’ ইতিমধ্যে বতৰা ওলাইছে বোলে অসম বিধান সভাৰ আগন্তুক (‘আগন্তক’ নহয়, এটে’ন্শ্ন্, সোণোৱাল) নির্বাচনত ভাজপাৰ যিসকল বর্তমান বিধায়কে পুনৰ মনোনয়ন নাপাব পাৰে বুলি সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছিল, খৰি ধৰা লোকে, খহনীয়াত উভাল খাই বানত নদীত উটি–ভাহি অহা মৰা–জীয়া গছ লংগৰেৰে টানি পাৰলৈ অনাৰ দৰে, কংগ্রে’ছ্ দলেও, দলীয় টিকিট্ দিয়াৰ প্রলোভন দি সেইসকল বিধাতাক কংগ্রে’ছী লংগৰেৰে দললৈ হাঁকুটিয়াইছে৷ য়ে’ছ্ এ’ভ্রিথিং ইয্ ফেয়া(ৰ্) ইন্ লাভ্ এণ্ড্ ৱ(ৰ্)৷ তাতোকৈ ডাঙৰ কথা,– মহাত্মা গান্ধীৰ আদর্শত বিশ্বাসী কংগ্রে’ছ্ দলৰ বাবে কোনো অস্পৃশ্য নহয়৷ গতিকে, কঁকালত টঙালি বান্ধি সাজু হওক লুটি–বাগৰ, বগৰা–বগৰি, ঠাট্টা–মস্কৰা, আত্মশ্লাঘা, ফঁকৰা–যোজনা, এই সমস্ত শ্রৱণ আৰু দর্শন কৰিবলৈ, বীৰৰস আৰু হাস্যৰস আস্বাদন কৰিবলৈ৷ জাতীয় সমস্যা, সামাজিক সমস্যা সমাধানৰ আশা নকৰিব হতাশ হ’ব লাগিব৷ মহামাৰীৰ মাজতে তামাচা দেখিবলৈ পাব, তামাচা চাব৷ বিনা পইচাত নহয়, টিকিট কিনি বস্তু–বাহানিৰ আৰু অধিক বর্ধিত দাম শোধ কৰি উপভোগ কৰিব সেই তামাচা৷ আশাত ভজি থাকিলে পাঁচ বছৰৰ মূৰত কি হ’ব জানে? বিনন্দ চন্দ্র বৰুৱাৰ ‘গড়গাঁও’ কৱিতাটোত থকা, আজিৰ খাৰখোৱাহঁতৰ দশা হ’ব ঃ ‘সপোনৰ শেষ ৰাতি/…/কোনোজনে সাৰ পায়/কোনোৱে উভতি চায়/একেথৰে আছে চকু মেলি/ভাগে মোহ দিলে লোকে ঠেলি’৷ আটাই মাহ খোৱা বান্দৰ৷ মাহনিত অকল মহন্তৰে চিন নোলায়৷ সেই যে বানত উটি–ভাহি অহা ধর্মবায়ুগ্রস্ত জনসেৱক ধৰিবলৈ ‘ধর্মনিৰপেক্ষ’ দলে লংগৰ দলিওৱাৰ কথা কৈছিলোঁ, এতিয়া নিমখ–হালধিও ধুইহে আঞ্জাত দিয়া ফোঁট–ৰেঘা–চাপাতি–গ্ দলে সেইসকল ‘উটণ্ড–ভাহন্ত’ জনসেৱকক ‘চুপ ৰহো’ বুলি কাঢ়া নির্দেশ দি আটাইৰে মুখে মুখে দিলে বাপ্পেকে ধর্মযাজক ভাস্মলৰ ৰাজনৈতিক দলীয় প্রতীক চিহ্ণ একোটা ওলমাই ‘খেলখন’ এতিয়াহে ‘জমিব’৷ কোন ক’ত আছে, কিয় আছে, অমুকে বা সেইটো কি ক’লে, কিয় ক’লে, সেইবোৰৰ একো ভু–ভটং নোপোৱাকৈয়ে আপোনাসৱে বাছি দিব আপোনাসৱৰ ১২৬ গৰাকী ভাগ্য বিধাতা৷ সিসৱৰ মাজৰ পৰাই গঠিত হ’ব এখন চৰকাৰ, আপোনাসৱৰ ‘মাই–বাপ’৷ তাৰ পাছত সিসৱে পাঁচ বছৰ হালোৱা এছাৰিৰে আপোনাসৱৰ দগধা পিঠি ফালি সোণগুটি ভৰাব নিজৰ নিজৰ ‘গণতান্ত্রিক’ ভঁৰালত৷
দেশ সেৱা বা ৰাজনীতি কাৰো একচেটিয়া অধিকাৰ বা ক্ষেত্র নহয়৷ ৰাজনীতি আটায়ে কৰিব পাৰে৷ কোনেও কাকো বাধা দিব নোৱাৰে৷ কিন্তু নিষ্ঠা, আন্তৰিক চিন্তা–চর্চা তথা দায়বদ্ধতাৰ কথা এটা আছে৷ এটা সময় আছিল যেতিয়া ৰাজনীতি আছিল সামাজিক, ৰাজনৈতিক তথা ৰাজহুৱা বিষয় বা সমস্যাবোৰৰ বিষয়ে চিন্তা–চর্চা কৰা, সামগ্রিক জনকল্যাণৰ অর্থে সমস্যাৰ সমাধানৰ বাবে চেষ্টা, দাবী আৰু আন্দোলন কৰা আদি সক্রিয়তাৰ ক্ষেত্র৷ কিন্তু এতিয়া ই প্রায় সম্পূর্ণ ৰূপে হৈ পৰিছে ক্ষমতা আৰু প্রতিপত্তি আহৰণ আৰু ধন–সম্পদ সংগ্রহৰ অন্যতম প্রধান যন্ত্র৷ যোগ্যতা–যোগ্যতা, চিন্তা–চর্চা, দায়বদ্ধতা আদিৰ প্রশ্ণ নাই৷ সেই প্রশ্ণৰ উত্তৰ দিয়ে নির্বাচনত হোৱা জয় আৰু পৰাজয়ে৷ বিগত বেছ কিছু বছৰত ভাৰতৰ ৰাজনৈতিক ক্ষেত্রখনত কথাছবি জগতৰ অভিনেতা–ভিনেত্রীৰ ব্যাপক সমাগম ঘটিছে৷ কথাছবি জগতৰ লোকে ৰাজনীতিত, স্পষ্টতঃ সংসদীয় ৰাজনীতিত, প্রৱেশ কৰিব নোৱাৰিব কিয়? নিশ্চয় পাৰে৷ এ’ন্ টী ৰামা ৰাও, এ’ম্ জী ৰামাচন্দ্রন, জয়াললিতা আদি এক সংখ্যক অভিনেতা–ভিনেত্রীয়ে যোগ্যতা আৰু সফলতা প্রদর্শন কৰাৰ উপৰি নিজস্ব একোটা ধাৰাও প্রতিষ্ঠা কৰি থৈ গৈছে৷ সাংসদ স্বৰূপে শাবানা (‘শ্বাবানা’ নহয়) আজমীয়েও সংসদৰ ভিতৰে–বাহিৰে নিজৰ ৰাজনৈতিক সচেতনতা আৰু সক্রিয়তা প্রমাণ কৰি থৈছে৷ সক্রিয় ৰাজনীতিত প্রৱেশ নকৰিলেও, বলৰাজ সাহানী, আই এ’ছ্ জোহৰ, খাজা আহমেদ আব্বাছ, গিৰীশ কার্ণাড্, এ’ কে’ হাংগাল, আমোল পালে’কাৰ, মৃণাল সেন, ঋত্বিক ঘটক, আমীৰ খান, গৌতম ঘোষকে আদি কৰি ছবি জগতৰ একাধিক লোকে নিজৰ লেখা, চিন্তা, শিল্প কর্ম আদিৰ যোগে ৰাজনৈতিক চেতনা আৰু ধ্যান–ধাৰণাৰ পৰিচয় দি থৈছে৷ কিন্তু ভাৰতীয় কথাছবিৰ সংখ্যা আৰু ছবি জগতত জড়িত লোকৰ সংখ্যাৰ তুলনাত এনেসকল লোক এপাচি শাকত এটা জালুকৰ দৰেই ব্যতিক্রম৷
সন্দেহ নাই যে বৃহত্তৰ, সামগ্রিক জনজীৱনৰ কিছু কিছু মৌলিক সমস্যাক বিষয়বস্তু ৰূপে লৈ ভাৰতত সময়ে সময়ে কিছু ‘ৰাজনৈতিক’ কথাছবি নির্মাণ কৰা হৈছে দৰাচলতে হৈছিল৷ কিন্তু সিবিলাকো ক্রমহ্রাসমান৷ ইয়াৰ বিপৰীতে, বর্তমান বেছিভাগ কথাছবিৰ, বিশেষতঃ বলীউডী কথাছবিৰ, মূল উপজীৱ্য হৈছে যৌনতা, শাৰীৰিক প্রেম, নাৰী দেহ প্রদর্শন, অপৰাধ তথা সস্তীয়া মনোৰঞ্জন৷ অধিক কি, বেছ কিছু বছৰৰ আগেয়ে নির্মিত ‘গংগাজল’ নামৰ হিন্দী কথাছবিখন এক প্রকাৰে ‘ৰাজনৈতিক’ হ’লেও, তাৰো প্রধান উপাদান হ’ল নির্বাচনী ৰাজনীতি তথা ক্ষমতাৰ ৰাজনীতিত অপৰাধ প্রৱণতা৷ ৰাজনীতিক, আমোলা, আৰক্ষী, চোৰাং বেপাৰী, ঠিকাদাৰ, দালাল আৰু গুণ্ডাৰ ছিণ্ডিকেইটক লৈ নির্মিত ‘ৰাজনৈতিক’ ছবি হিন্দী, অসমীয়া আৰু বিভিন্ন ভাষাত বহুত আছে৷ কিন্তু সেইবোৰৰ কেন্দ্র বিন্দু দেশৰ ঘুণে খোৱা লাই খুঁটাবোৰ নহয়৷ সিবোৰৰ বিষয়বস্তুবোৰ প্রকৃত ৰাজনৈতিক ঘুণবোৰৰ উপজাতকহে, বাই প্রডাক্ট্৷
এনে এক পৰিস্থিতিত আশ্চর্য্যজনক নহয় যে সংসদত বা বিধানসভাত নিজৰ দলীয় সদস্য বা সমর্থক সদস্যৰ সংখ্যা বৃদ্ধি কৰি ক্ষমতা হস্তগত কৰিবৰ বাবে আৰু ক্ষমতাত বর্তি থাকিবৰ বাবে ৰাজনৈতিক দলবোৰে ছবি জগতলৈ লংগৰ মাৰি যিসকল ‘শিল্পী–ৰাজনীতিক’ক টানি আনে, সেইসকলৰ মূলধন হ’ল চমক বা ‘গ্লেমা(ৰ্)’ আৰু পর্বতপ্রমাণ ধন৷ আশ্চর্য্যজনক নহয় যে তেনেসকল হ’ল, তাহানিৰেপৰা এতিয়ালৈকে, দিলীপ কুমাৰ, ৱৈজয়ন্তীমালা, ‘পথেৰ পাচালী’–ৰ দৰে ছবিৰ যোগে ‘ভাৰতৰ দাৰিদ্র্য বিদেশত উদঙাই (অর্থাৎ বলীউডী ছুপা(ৰ্)ৰিচ্ আৰু আণ্ডা(ৰ্)ৱর্ল্ড্ ডন্সকলৰ আৰব্য উপন্যাসৰ নায়কৰ দৰে বিজুলী চমকপূর্ণ, স্বপ্ণ ৰাজ্যৰ জীৱন যাত্রাৰ ঢ়ং দেখুওৱাৰ পৰিৱর্তে) দি দেশক অপমান কৰিছে’ বুলি সত্যজিৎ ৰায়ক ৰাজ্য সভাত সমালোচনা কৰা নার্গিছ দত্ (‘দত্ত’ নহয়), সুনীল দত্ত, অমিতাভ বচ্চন, জয়া বচ্চন, ৱিনোদ খান্না, ৰাজ বাবৰ, জয়া প্রদা, ধর্মেন্দ্র, হে’মা মালিনী, ৰে’খা, ৰাজহুৱা স্বার্থজড়িত আৱেদন (পাব্লিক ইণ্ঢ্ৰ্স্ত্ লিটিগেইশ্ন্) চাও চাও বা ম’ম’, নে, কেৰুমণি বা গাম খাৰু তাকো নজনা গোৱিন্দা (বিপুল ভোটত জয় লাভ) আদি ইত্যাদি৷ কোকিল কণ্ঠী সংগীত সম্রাজ্ঞী বুলি লতা মংগেশকাৰক সহস্র প্রণাম৷ কিন্তু ‘সদনলৈ নাযাওঁ, এদিন কি দুদিনহে গৈছোঁ’– বুলিহে যদি ক’বলৈকে হয়, তেন্তে, তেখেতে ৰাজ্য সভাৰ সদস্য পদৰ মনোনয়ন অস্বীকাৰ নকৰিলে কিয়? আন এখন জগতৰপৰা ৰাজ্য সভালৈ চালান হোৱা, ‘ক্রিকে’টৰ ভগৱান’ (হে’ ঈশ্বৰ) শচীন তেন্দুলকাৰ প্রায়ে ব্যস্ত পে’প্সি কৌলা, কিবা এবিধ বিস্কিট্, কিবা এবিধ সঞ্চয় আঁচনি নে কিহবাৰ বিজ্ঞাপনত লোক সভা হ’লে এবাৰত পাঁচ বছৰকৈ, আৰু ৰাজ্য সভা হ’লে এবাৰত ছয় বছৰকৈ, কৌটি কৌটি ছাল ছিগা ভাৰতীয় ভিকহুৰ কিমান যে লক্ষ কৌটি ঘণ্টাৰ চূড়ান্ত অপচয় হায়, ভাৰতীয় ৰাজনীতি সুনীল দত্ আৰু ৱিনোদ খান্নাক মন্ত্রীও পাতি লোৱা হৈছিল পিচে, কি হ’ল? কি কৰিলে? শত্রুঘ্ণ সিন্হা আছিল কিছু ব্যতিক্রমী৷ কিন্তু ‘কিডাল’ হ’ব? খোলা–খুলিকৈ কথা কোৱা মানুহ নক’লেও নোৱাৰিছিল, – ফটা মুখ –নগৰত লগালে জগৰ ৱয্ শৌন্ দ্য ড(ৰ্) DOOR)৷ শত্রুঘ্ণ ‘মৰিল’ কৈ, চৰাই মৰিল ৰখি
এতিয়াৰপৰা ৩২/৩৩ বছৰৰ পূর্বে ভাজপাই সাংসদ পাতিছিল অর্ৱিন্দ ত্রিৱেদী আৰু দীপিকা সিখালিয়াক৷ কিয়, মনত আছেনে? কাৰণ, তাহানিৰ দূৰদর্শন ধাৰাৱাহিক ‘ৰামায়ণ’ত ত্রিৱেদী হৈছিল ৰাৱণ, আৰু সিখালিয়া হৈছিল সীতা আৰু কোনোবা এগৰাকীকো পাতিছিলে৷ ধাৰাৱাহিকখনত তেওঁ ৰূপায়ণ কৰা চৰিত্রটোৰ নাম আৰু তেওঁৰ নিজৰ নামটো পাহৰিছোঁ মনত পেলাবলৈ কচৰত কৰাৰ প্রয়োজন বোধ কৰা নাই৷ ৰূপা গাংগুলী নামৰ এগৰাকীকো ৰাজ্য সভাত সুমুওৱা হৈছিল৷ যোগ্যতা? দূৰদর্শন ধাৰাৱাহিক ‘মহাভাৰত’ত দ্রৌপদী হৈছিল ৰূপা গাংগুলী৷ ভীমৰ চৰিত্রত অভিনয় কৰা প্রৱীণ কুমাৰ বোলাজন আৰু দ্রোণাচার্য্য নে কৃপাচার্য্য হওঁতা সুৰেন্দ্র পাল সিং বোলাজনৰ নাম দুটাও বৰকৈ ওলাইছিল৷ শেষত কি হ’লগৈ, খবৰ ৰাখিবলৈ নহ’ল৷ কিন্তু প্রশ্ণ হ’ল– দেশৰ সামগ্রিক– ৰাজনৈতিক জনজীৱনলৈ এখেতসকলৰ অৱদান কি? মানে, কামত কিম্বা কথাত? ‘ৰাজনীতি’ৰ নামত, দেশ সেৱাৰ নামত, দেশৰ জনগণৰ কল্যাণৰ নামত ইমান তৰলতা, ইমান ল’ৰা–ধেমালি, তাচ্ছিল্য, ভেঙুচালি, ভেকোঁ–ভাওনা
আধুনিক অসমৰ সামগ্রিক জনজীৱনত ৰাজনৈতিক চিন্তা–চেতনাৰ বাহক কৱি, শিল্পী, গীতিকাৰ, গায়ক, নাট্যকাৰ আদিসকলৰ ভিতৰত জনদিয়েক হ’ল জ্যোতি প্রসাদ আগৰৱালা, কমলাকান্ত ভট্টাচার্য, অম্বিকাগিৰী ৰায়চৌধুৰী, প্রসন্নলাল চৌধুৰী, বিষ্ণু ৰাভা, ফণী শর্মা, কেশৱ মহন্ত৷ এইসকলৰ ভিতৰত কোনোজন ৰাজনৈতিক ক্ষমতা প্রয়াসী বা গ্লেমা(ৰ্) প্রয়াসী নাছিল৷ ৰাইজৰ হেঁচাত ১৯৬৭ চনত বিষ্ণু ৰাভা এবাৰলৈ বিধায়ক হৈছিল৷ পিচে, কালে নসহিলে৷ দুবছৰৰ পাছতে আঁজুৰি নিলে৷ ক’ব খোজা নাই যে সক্রিয় ৰাজনীতিলৈ আহি মন্ত্রী, বিধায়ক হোৱা হ’লে, পূর্বোল্লিখিত ব্যক্তিসকল আটাই কিম্বা সিসকলৰ বেছ একাংশ সেইখন জগতত সফল হ’লহেঁতেন৷ কিন্তু শিল্পী, সাহিত্যিক, চিন্তাশীল ব্যক্তি আদি লোকক ৰাজনৈতিক ক্ষেত্রখনলৈ আনিব লাগে বুলি মাজে মাজে বুৰবুৰণি তোলা চিন্তা ধাৰাটোৰ লগত কোনো ৰাজনৈতিক দলে বা কোনো পক্ষই কেতিয়াও, পূর্বোল্লিখিত লোকসকলৰ কিম্বা উমাকান্ত বৈৰাগী, ৰেকিবুদ্দিন আহমেদ, কমল নাৰায়ণ চৌধুৰী, ৰত্নকান্ত তালুকদাৰ, পুৰুষোত্তম দাস, ৰামেশ্বৰ পাঠক আদি ইত্যাদিসকলৰ কাৰো নাম চর্চালৈ অনা নাছিল৷ মাজতে, বছৰদিয়েক আগেয়ে কংগ্রে’ছ্ দলে লংগৰ মাৰি নিপন গোস্বামী আৰু দীনেশ দাসক চপাই আনি ‘ব্যৱহাৰ’ কৰি চাইছিল৷ গোস্বামীয়ে কংগ্রে’ছৰ হৈ দুই–চাৰিদিন বাকচৰ পর্দাত থৰক–বৰককৈ কিবা দুৱাষাৰমান আওৰাইছিল৷ দাসে বিশেষ একো ক’বলৈ তালিম পোৱা নাছিল৷ মাহদিয়েক পাছত দুয়োৰে মোহভংগ ঘটিল৷ তাৰ পাছে টা–টা, বাঈ–বাঈ৷ এতিয়া সোঁত বোওৱা হৈছে আন এবিধৰ৷ কৈছোঁ ৰ’ব৷
ৰাজনীতি এতিয়া আৰু দেশ তথা সমাজৰ চিন্তা আৰু কর্মত জীৱনপাত কৰা গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, নৱীন চন্দ্র বৰদলৈ, ৰোহিণী হাতীবৰুৱা, ভীমবৰ দেউৰী, মহম্মদ তৈয়বুল্লা, খগেন বৰবৰুৱা, শংকৰ বৰুৱা, কৃষ্ণ শর্মা, হেম বৰুৱা, নিবাৰণ বৰা আদিৰ দৰে লোকৰ ক্ষেত্র হৈ থকা নাই৷ সেইখন এতিয়া টকা–পইচা আৰু কায়দা–কিটিপৰ লীলা ভূমি৷ শেহতীয়াকৈ অসমত ৰাজনীতিলৈ ধল বৈছে, দায়ৱদ্ধ শিল্পীৰ পৰিৱর্তে এনে এচাম বাণিজ্যিক বা বেপেৰুৱা শিল্পীৰ, যিচামৰ মূলধন হৈছে অসমৰ তিনি–চাৰিমহীয়া জাতীয় উৎসৱ, বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ ৰূপালী জয়ন্তী, সোণালী জয়ন্তী, শতবার্ষিকী আদিৰ বিচিত্রানুষ্ঠানৰ মঞ্চ, বৃহৎ বাণিজ্যিক প্রতিষ্ঠানৰ বিলাসবহুল ভোগ্য–পণ্য সামগ্রীৰ উন্মোচনী অনুষ্ঠান আদিত হৰেক কিচিমৰ নাচ–গান পৰিৱেশন কৰি অর্জন কৰা তৰল, সস্তীয়া জনপ্রিয়তা আৰু প্রচুৰ ধন৷ লগতে আছে, তৰল আৰু যৌন আৱেদনসর্বস্ব তথাকথিত ‘বিহুসুৰীয়া গীত’ৰ এচাম পাইকাৰী ৰচক৷ মই আটাইৰে কথা কোৱা নাই কোৱাৰ প্রশ্ণও নুঠে৷ বাণিজ্যিক শিল্পীসকলৰ ভিতৰৰে একাংশ, সক্রিয় ৰাজনৈতিক ক্ষেত্রলৈ যোৱাৰ পৰা বেছ সচেতনভাবে আঁতৰত আছে কোনো কোনোৱে সেই মর্মে স্পষ্টকৈ ঘোষণাও কৰিছে৷ তেওঁলোকৰ বিপৰীতে, আন দুই–একোজনে তাহানিৰেপৰা ভিন্ ভিন্ সময়ত ভিন্ ভিন্ দলৰ নেতা–পালি নেতাৰ লগত গা ঘঁহাই, ক’ৰ পানী ক’লৈ যায়, তাৰে তং কৰি ছল চাই চাপৰি বজাই আছে৷
ইফালে, বাণিজ্যিক শিল্পী মানেই যে বেয়া বা নিন্দনীয়, তেনে কোনো কথা নাই৷ যুগে যুগে বিভিন্ন কলা–শিল্পৰ কলাকাৰ–শিল্পীয়ে তেওঁলোকৰ শিল্পকর্মক জীৱিকাৰ আহিলা হিচাপে লৈ আহিছে৷ কিন্তু এহাতে সুস্থ, সূক্ষ্ম ৰুচিসন্মত শিল্প–কলাক দায়ৱদ্ধভাবে জীৱিকা ৰূপে গ্রহণ, আৰু, আনহাতে, শিল্পকর্মৰ ধনসর্বস্ব নিকৃষ্ট বাণিজ্যায়ন, এই দুটাৰ মাজত বিস্তৰ প্রভেদ৷ আজিকালি আমাৰ বাকচবোৰে অহোৰাত্রি দেখুৱাই থকা এলবামৰ নাচ–গানবোৰেয় ‘আধুনিক’ অসমীয়া নৃত্য–গীত তথা কলা–শিল্পৰ ‘উৎকৃষ্ট’ নিদর্শন এই বিষয়ে সন্দেহ নাই যে বর্তমান বেছিভাগ অসমীয়া বাণিজ্যিক সংগীত শিল্পীৰে নিজ নিজ সমর্থনৰ ভেটি হ’ল ‘বিহু আদৰণি’ৰ পৰা আৰম্ভ কৰি ‘ব’হাগী বিদায়’লৈকে তিনি–চাৰি মাহ জুৰি চলি থকা বিহু অনুষ্ঠানবোৰত ৰাতি ৯/১০ বজাৰ পৰা পুৱতি নিশা কাউৰীয়ে কা কৰালৈকে সিসৱৰ নাচ–গানৰ তালে তালে নাচি–বাগি আৰু একাংশৰ অর্থ–পদার্থহীন কথা–বতৰাবোৰৰ লগে লগে চিঞৰ–বাখৰ কৰি, কিৰীলি পাৰি পাগল হৈ থকা কিশোৰ–কিশোৰী, যুৱক–যুৱতী আৰু প্রৌঢ়–প্রৌঢ়াসকল৷ সন্দেহ এই বিষয়েও নাই যে এইসকলৰ বেছিভাগৰে কথা–বতৰা, আচৰণ আৰু কাম–কাজত দেশ আৰু বৃহত্তৰ জনসমাজৰ মৌলিক সমস্যাবোৰৰ সম্পর্কত একো গভীৰ চিন্তা–চর্চা কিম্বা জীৱনবোধৰ উমান নাই৷ বিধান সভাৰ আগন্তুক নির্বাচনৰ বাবে প্রার্থিত্বৰ টোপ দি কংগ্রে’ছ্ আৰু ভাজপাই যিসকলক টনা–আঁজোৰা কৰিছে আৰু যিসকলে সেই টোপ গিলি ‘ৰাজনীতি’ৰে দেশ সেৱা কৰিবলৈ বেঙা বা ঢ়াপলি মেলিছে, সেইসকল এইসকলৰ ভিতৰৰে৷ অগপ আঁঠুৱাৰ তলৰ মহ৷ ক’বলৈ একো নাই, আগৰ ভাজপা যেনি, পিছৰ অগপ তেনি৷ বী পী এ’ফৰ হিচাপ–নিকাচ সদায় সুকীয়া কচুপাতৰ পানী ‘ছাইড্ কাটি কাটি’ গৈ থাকিব লক্ষ্য স্থানলৈ৷
উপ সংহাৰ ঃ ৰক্ষা কৰাঁ প্রভু, ৰক্ষা কৰাঁ পৰ্বৰ্দিগাৰ
বহু বহু বহু কথা আছিল কিন্তু ঠাই নাই ইতিমধ্যে সীমা চেৰাইছোঁ৷ এতেকে, লৰা–লৰিকৈ শুনক ঃ কমলাকান্ত ভট্টাচার্য – ‘কোৱাঁ পাহৰণি, তোমাৰ পেটত/কতনো ৰাখিছাঁ বুৰঞ্জী সুমাই/চিন্তিলে এবাৰ মৰোঁ পুৰি–ডেই/কত জাতি–কীর্তি খালাঁ গিলি হায় (আকৌ) নাই মিল কাৰো দুর্মতি সন্তান/চৌষট্টি–পঁয়ষট্টি বেলেগ জাত/ই হেন জাতিক হায় কোন দিনে/দিব একতাই সাদৰৰ মাত’৷ অম্বিকাগিৰী ৰায়চৌধুৰী– ‘ই যে মাতৃ–চৰণ–পূজাৰ বেদীত হূদয় ৰক্ত দান/ই যে ভাই ভাই সৱে চকু পচাৰতে এক হৈ যোৱা প্রাণ/… ই যে নৰনাৰায়ণ লাঞ্ছিত হোৱা ভয়াৱহ ইতিহাস/ই যে জীৱনৰ হেতু মৰিবৰ বাবে প্রাণভৰা অভিলাষ/… ই যে শত আঘাতৰ ৰক্ত ধুওৱা শ্রাৱণৰ মহাবান/ই যে মাতৃ আদেশ, সন্তান–প্রাণ দিবলকে বলিদান’৷ প্রসন্নলাল চৌধুৰী– ‘…নীলকণ্ঠ তোত বিনে অন্য আৰু নাই/এই বার্তা পছোৱাই আনিছে উৰাই/নতুন দিনৰ মত্ত হৰিষে উৰাই/… জগতৰ কোনো শক্তিধৰে/গঢ়া নাই এনে লোৰ বেৰী/তই যাক সবলে মুচৰি/নোৱাৰ কৰিব গুড়ি খণ্ড খণ্ড কৰি/গঁথা নাই এনে দুর্গ ষ্টীল (স্তীল্) কংক্রীটৰ/অনিৰুদ্ধ ৰাখে তোক ধৰি’৷ জ্যোতিপ্রসাদ আগৰৱালা– ‘মোৰ গানতে সুমন্দ্রিত/নতুন দিনৰ বজ্রবতৰা/… মোৰ গানত বয় মণ্ড–মৃদু মলয় সমীৰণ/মোৰ ছন্দত জাগে চাকনৈয়াৰ ঘূর্ণী ভয়ংকৰ/মোৰ গানত জ্বলে চক্র সুদর্শন/দুষৃকতি নাশি কৰি যাবলে ধুনীয়া পৃথিৱীখন’৷ আকৌ ঃ– ‘…শিল্পৰ যত গুণা–গঁথা, দুখীয়াক–সুখীয়াক/নগৰীয়া, চহৰীয়া, গাঁৱলীয়াক/ৰণুৱাক, বনুৱাক, হজুৱাক, চহুৱাক/মুনিহ আৰু তিৰোতাক/অভিনৱ ভাষাৰে শুনাওঁ/শিল্পী মই–পোহৰৰ বাটে বাটে যাওঁ/… ঘৰে ঘৰে নতুনৰ চাকিটি জ্বলাওঁ/ লুইতৰ বালিয়ে মই/জোনাকত বালি–ভাত খাই/সোৱণশিৰীয়া সোণ দিনৌ কমাওঁ/… মহাভাৰতৰ বাটে পৃথিৱীৰ সবাহলে যাওঁ’৷ বিষ্ণু ৰাভা ঃ– ‘ৰাজ্যে আছে দুইটি পাঠা/একটি কালো, একটি সাদা/ৰাজ্যেৰ যদি মংগল চাও/দুইটি পাঠাই বলি দাও’৷ আকৌ– ‘ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্/লোহাৰ শিকলি ছিঙ্,/ছিঙ্ ছিঙ্ ছিঙ্ ছিঙ্/দাসৰ বন্ধন ছিঙ্/খোল্ খোল্ খোল্ খোল্/কাৰাৰ ফাটক খোল্/ভাঙ্ ভাঙ্/দুৱাৰৰ ডাং/… শুন্ মুকুতিৰ সূৰুযৰ আহ্বান/হালোৱা–হজুৱা হেৰৌ মজুৰ কিষাণ/মুক্তিমান–মুক্তিমান–’৷
পঢ়িলে? শুনিলে? এতিয়া পঢ়ক আৰু শুনক ঃ ‘কেঁৰিমাই, অ’ কেঁৰিমাই/দুকাণতে চেপা দি যাওঁ’ ‘ৰিস্কা গাড়ী লৈ, যাম টাৱাঙত (টাৱাঙলৈ, অসমীয়া ভাষাৰ পৰা ‘লৈ’–টো ইতিমধ্যে প্রায় ‘হাৱা’ হৈছে) ‘বাৰীৰ চুকতে/পাত বেং দেখোঁতে/হেকাইছিলি তই/মোক ভয়তে’ ‘টোকোনডাল, টোকোনডাল, লৈ আন টোকোনডাল/কোবাওঁ পিঠিতে’ ‘তুমাৰে’ ঐ চুতালতে’–’ (ও–ধ্বনি আৰু এ–ধ্বনিও প্রায় ‘গায়েব’ হৈছে) ‘বাছলৈ গৈছিলোং, উঠিবা নৰিলোং/বে’ল্টি খাই পৰিলোং/বাটতে পাই মই/চোৰাত পাত ঘঁহিলোং/চেঙালুটি পাৰিলোং’ ‘বাটি চেলেকি সান্দহ খাবি/ৰহি সানি লৈ ঐ ৰহি সানি লৈ,– কইনা আনিবি বেমাৰী চাই/নহ’লে বহুত ভাত খায় ঐ, নহ’লে বহুত ভাত খায়’৷
এতিয়া ইবোৰৰ ৰচয়িতা আৰু গায়ক–গায়িকাবৃন্দক আপোনাসৱৰ ভাগ্য বিধাতা পাতিবলৈকে আৰম্ভ কৰি দিয়া হৈছে ভাওনাৰ বচন, টনা–আঁজোৰা, দৰ–দাম৷ হয়তো দবৰা–দবৰিও হ’বগৈ৷ ইফালে, বী আ(ৰ্) পী (বাকচ ৰেইটিং পইণ্ট) বৃদ্ধিৰ বাবে বাকচবোৰেও সুন্দৰ কোঁৱৰ আৰু সুন্দৰী কুঁৱৰীসকলক আদৰি আনি আৰম্ভ কৰি দিছে নিগনি দৌৰ প্রতিযোগিতা৷ এতিয়া নির্ণয় কৰক– আপোনাসৱে কি বিচাৰে ঃ ফিল’ছফা(ৰ্) কিং, নে, ছিংগে’(ৰ্), ডান্সে’(ৰ্), কম্পৌযে’(ৰ্) কিং

You might also like