নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একোখনকৈ খনীয়া তামোলেৰে ভকতৰ চৰণ চুই সেৱা ৰিণিকি ভূঞা শর্মাৰ

🔹 মুখ্যমন্ত্রীৰ দীর্ঘদিনীয়া আশা পূৰণ

🔹 যোৰহাটৰ মহিমামণ্ডিত মইনাপৰীয়া নামঘৰত আগবঢ়ালে ‘নৃসিংহ যাত্রা’ ভাওনা

বিশেষ বার্তা, ১২ নৱেম্বৰ : মধ্যপ্রদেশ বিধানসভা নির্বাচনৰ প্রচাৰত ব্যস্ত হৈ থকা ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিজেই উপস্থিত থাকিব নোৱাৰিলেও পূর্বনির্ধাৰিত অনুসৰি কালি কৃষ্ণা চতুর্দশী তিথিত যোৰহাটৰ মহিমামণ্ডিত মইনাপৰীয়া নামঘৰত আগবঢ়ালে ‘নৃসিংহ যাত্রা’ ভাওনা৷ এই উদ্দেশ্যে কালি পুৱাই মইনাপৰীয়া নামঘৰত উপস্থিত হয় মুখ্যমন্ত্রী ড০ শর্মাৰ পত্নী তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা সঞ্চালিকা ৰিণিকি ভূঞা শর্মা৷ সম্পূর্ণ গুৰুঘৰীয়া পৰম্পৰাৰে আয়োজন কৰা এই ভাওনা সবাহত পুৱাই ৰিণিকি ভূঞা শর্মা উপস্থিত হৈ দুপৰীয়া প্রসংগৰ মূল নামাচার্য পটীয়ৰী সত্রৰ সত্রাধিকাৰৰ লগতে ভকতক বৈষ্ণৱ জ্ঞান কৰি একোখনকৈ খনীয়া তামোলেৰে বাটচ’ৰাতে সেৱা ধৰি আদৰি আনে নামঘৰলৈ৷ ইয়াৰ পাছতে শৰাই–নৈবেদ্য উছর্গা কৰাৰ পাছতে কেইবাসহস্র ভকতৰ উপস্থিতিত আয়োজন কৰা ভাওনা সবাহৰ দুপৰীয়াৰ নাম–প্রসংগত ভকত–আইমাতৃসহিতে অংশ লয় ৰিণিকি ভূঞা শর্মাই৷ লোকবিশ্বাস অনুসৰি মহিমামণ্ডিত মইনাপৰীয়া নামঘৰত ভগৱান বিষ্ণুৰ তৃতীয় অৱতাৰ নৃসিংহ মহাপ্রভুখ্যাত মইনাপৰীয়া নামঘৰত একচিত্তে সেৱা ধৰি ‘নৃসিংহ যাত্রা’ ভাওনা আগবঢ়ালে মনোকামনা পূৰণ হয়৷ অসমৰ বিভিন্ন প্রান্তৰ পৰা মইনাপৰীয়া নামঘৰত বিভিন্নজনে ‘নৃসিংহ যাত্রা’ ভাওনা আগবঢ়ায়৷ মুখ্যমন্ত্রী ড০ শর্মাৰো মইনাপৰীয়া নামঘৰত নিজৰ পৰিয়ালৰ লগতে সমাজৰ কল্যাণার্থে এভাগি ভাওনা আগবঢ়োৱাৰ দীর্ঘদিনীয়া আশা আছিল৷

সেই অনুসৰি পৱিত্র ভাদ মাহত আজিৰ দিনটো মনস্থ কৰি তামোল–পাণ বান্ধি ৰাইজক উছর্গা কৰিছিল মহৎ অনুষ্ঠানটো আয়োজনৰ বাবে৷ মুখ্যমন্ত্রীগৰাকী উপস্থিত থকাৰ কথা আছিল যদিও মধ্যপ্রদেশৰ বিধানসভা নির্বাচনী প্রচাৰত ব্যস্ত থাকিব লগা হোৱাত উপস্থিত থাকিব নোৱাৰিলে৷ কিন্তু মুখ্যমন্ত্রী পৰিয়ালৰ হৈ ৰিণিকি ভূঞা শর্মাই সম্পূর্ণ আধ্যাত্মিক পৰম্পৰাৰে অনুষ্ঠানটোত সেৱা ধৰে৷ উল্লেখ্য যে দুপৰীয়াৰ নাম সম্পন্ন হোৱাৰ পাছতে ভাগৱত পাঠ আৰু দিনৰ ভাগত উঠা নাম সম্পন্ন হয়৷ ইপিনে, সন্ধিয়া অঞ্চলটোৰ বাছকবনীয়া ভাওনা শিল্পীসকলৰ দ্বাৰা নৃসিংহ যাত্রা নাটভাগি মঞ্চায়ন কৰাৰ সকলো ব্যৱস্থা সম্পূর্ণ কৰে৷ এই সন্দর্ভত ৰিণিকি ভূঞা শর্মাই কয়- মইনাপৰীয়া নামঘৰত প্রভু ভগৱন্তৰ কৃপাত মহিমামণ্ডিত ভাওনাভাগি আগবঢ়াই পৰম কৃতার্থ হ’লোঁ৷ মুখ্যমন্ত্রীয়ে মনত পুহি ৰখা ইচ্ছা বাস্তৱায়িত হ’ল৷ তেওঁৰ এই মহৎ অনুষ্ঠানভাগিত অংশ লোৱাৰ প্রবল হেঁপাহ আছিল যদিও নির্বাচনী ব্যস্ততাৰ বাবে সম্ভৱ নহ’ল যদিও তেওঁ আশা কৰাৰ দৰেই ভকতক সেৱা কৰিবলৈ চেষ্টা কৰিছোঁ ৷ এই অনুষ্ঠানত মইনাপৰীয়া গাঁৱৰ সকলো ৰাইজে সহযোগিতা আগবঢ়ায়৷

 

প্ৰেৰক দিগন্ত হাজৰিকা

You might also like