নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ শুকান কাহৰ পৰা কিদৰে মুক্তি পাব

ক’ভিড আক্রান্ত ৰোগীৰ জ্বৰ, চর্দি-কাহ, ডিঙিৰ বিষ, শৰীৰৰ বিষ সহ বিভিন্ন উপসর্গ থাকে। চিকিৎসকে বাৰম্বাৰ কৈছে যে উপসর্গ যিমানেই মৃদু নহওঁক কিয় বেমাৰটোক সাধাৰণভাৱে লোৱা কথা নহয়। এটি গৱেষণা অনুসৰি, ক’ভিড আক্রান্ত প্রায় ৬০ ৰ পৰা ৭০ শতাংশ মানুহৰ প্রাথমিক উপসর্গ হ’ল শুকান কাহ।

শুকান কাহ অত্যন্ত কষ্টদায়ক আৰু অস্বস্তিকৰ। কৰোণা আক্রান্ত হ’লে ঘনে এই শুষ্ক কাহ উঠে। সেই সময়ত বহুতেই চিকিৎসকৰ পৰামর্শ মতে এন্টিবায়োটিক লয়। সাময়িকভাৱে এন্টিবায়োটিকে কাম কৰিলেও কিছু সময় পাছত পুনৰ কাহ আৰাম্ভ হব পাৰে। কৰোনা বা অমিক্রনৰ দৰে ভাইৰাছ জাতীয় ৰোগৰ ক্ষেত্রত এন্টিবায়োটিকে খুব এটা কাম নিদিয়ে। বেক্টেৰিয়া সংক্রমণতহে এন্টিবায়োটিক কামত দিয়ে।
শুকান কাহৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰুৱা উপায় অৱলম্বণ কৰিব পাৰে। এবাৰ কাহ আৰম্ভ হলে বা তাৰ আগতেই গৰম পানীৰে গার্গল কৰিব। দিনটোত অন্ততঃ তিনি-চাৰিবাৰ গার্গল কৰিলে যথেষ্ট আৰাম পাব। শুকান কাহৰ প্ৰৱণতাও ধীৰে ধীৰে কমিব। লগতে গৰম পানী, ৰঙা চাহ খাই থাকিব পাৰে।

You might also like