নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটকালত সৃষ্টিশীলতা বিনির্মাণ আৰু পুনর্গঠন

-ড০ জয়ন্ত কৃষ্ণ শর্মা

সংকটকালত,
বিশেষকৈ ক’ভিড–১৯ মহামাৰীৰ দৰে সংকটপূর্ণ সময়ত সৃষ্টিশীলতাৰ কথা পাতিলেই পোনেই দেখোন ৰসৰাস লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বীণ বৰাগী’লৈ মনত পৰে৷ দিন দুপৰত, আগচোতালত বুজেঁ–বুজোঁ কৰিও বুজিব নোৱাৰা কথা আৰু গীতেৰে বৰাগীয়ে বীণ বাইছে আৰু কবিয়ে বৰাগী ককাইক আহ্বানৰ পাছত আহ্বান জনাইছে ১৮৩৪ শক, আঘোণ মাহত হাওড়াত ৰচনা কৰা কবিতাটোত বেজবৰুৱাৰ অন্তিম আহ্বান হ’ল, ‘নতুন প্রাণৰ ন চকুযুৰি, দীপিতি ঢ়ালি দে তাত পুৰণি পৃথিৱী ন কৈ চাই লওঁ, হে বীণ এষাৰি মাত৷’
পুৰণি পৃথিৱীখনক হিয়া উজাৰি নকৈ চাই লোৱাৰ হেঁপাহ বেজবৰুৱাৰ পৃথিৱীৰ আয়ুস বহু হাজাৰ বছৰৰ৷ বহুতৰ বাবে ই কিংবদন্তি মানুহৰ আয়ুস মোটামুটি এশ বছৰৰ৷ বহুতৰ বাবে তাতোকৈও কম৷ মানুহৰ বাবে পৃথিৱীখন সেয়ে সদায়েই পুৰণি৷ সেয়েহে, হয়তো নতুনকৈ চোৱাৰ হেঁপাহ বেজবৰুৱাৰ বেজবৰুৱাৰ দৰে বহুজনৰ৷ এতিয়া প্রশ্ণ হ’ল– নতুনকৈ চোৱাই যায় বা কেনেকৈ? নতুন দৃষ্টিৰ ৰচনা কৰা যায় কেনেকৈ
এই নতুন দৃষ্টিতেই, নতুন প্রাণৰ ন–চকুযুৰিতেই লুকাই আছে সৃষ্টিশীলতা৷ সৃষ্টিশীলতাৰ মধুৰতা৷ ৰূপকোঁৱৰ জ্যোতিপ্রসাদে জানো কোৱা নাছিল, ‘নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ, নানা ভাষা– নানা আশা–নানা জাতি–বর্ণ জিনি– শুনো মই ৰিণি ৰিণি, বিশ্বজনতাৰ এক অপূর্ব সংগীত৷’
সৃষ্টিশীলতাৰ সেইবাবেই কোনো গণ্ডী বা সীমা নাই৷ ই অফুৰন্ত উৎসাহেৰে ভৰা৷ নতুনত্বৰ বাণীৰে সকলো সীমা, পুৰণি নিয়ম আৰু বান্ধোনৰ ওপৰত৷ এই যে কোনো সীমা নাই– এই যে কোনো বান্ধোন নাই এয়াই হৈছে সৃষ্টিশীলতাৰ সবাতোকৈ মহত্ত্বপূর্ণ দিশ৷ যিকোনো চাপৰ সৃষ্টি কৰিলেই সৃষ্টিশীলতা মষিমূৰ হ’ব পাৰে৷ নিয়ম বান্ধি দিলে সৃষ্টিশীলতা কলিতেই মৰহিও যাব পাৰে৷ পোখা মেলিব নোৱাৰে৷ জন্মই ল’ব নোৱাৰে৷ তথাপি ই অবাধ৷ এয়াই সৃষ্টিশীলতাৰ মহত্ত্বও৷
প্রশ্ণ হয়, এনে থুনুকা সৃষ্টিশীলতাৰ তেন্তে প্রয়োজনেইবা কি? তাতেই আকৌ সংকটকালত, মহামাৰীৰ আকুলতাৰ মাজত ই জন্মইবা ল’ব কেনেকৈ৷ প্রশ্ণ হোৱাটো একেবাৰে স্বাভাৱিক৷ কিন্তু এই কথাও সত্য যে ঠন ধৰি উঠাৰ পাছত সৃষ্টিশীলতা থুনুকা হৈ নাথাকে৷ বৰঞ্চ, সৃষ্টিশীলতাৰ সতেজ নতুন বাণী আৰু ‘দীপিতি’ৰ মাজত ব্যক্তি আৰু সমাজ ৰোমাঞ্চিত হৈ উঠে আৰু বহু সময়ত সমাজৰ পৰম্পৰাই সলনি হৈ যায়৷ ব্যক্তিৰ, লাহে লাহে সমাজৰ চৰিত্রও সলনি হৈ যায়৷ সেয়েহে, সভ্য সমাজত যেতিয়াই সংকটৰ ক’লীয়া ডাৱৰ নামি আহে, তেতিয়াই সৃষ্টিশীলতাৰ বৃষ্টিৰ উকমুকনিও আৰম্ভ হয়৷ সৃষ্টিশীলতা মানুহৰ মাজত সর্বকালত, সকলো সময়তে অন্তর্নিহিত হৈ থাকিলেও সংকটকালত ই অধিক প্রকট হৈ পৰাৰ সম্ভাৱনা থাকে৷ দৈনন্দিন, গতানুগতিক দৌৰৰ পৰা খন্তেক আহৰি লৈ, ৰৈ সকলো কথা নতুনকৈ চোৱাৰ অৱকাশ পায়৷ জন্ম–জীৱন–জীৱনয্ দৃষ্টি৷ এই দৃষ্টিয়ে নতুন বাতাৱৰণৰ জন্ম দিব পাৰে৷ এই বাতাৱৰণে প্রথমে মনৰ মণিকূটত জন্ম লয় গাঢ় হয়৷ ওলাই আহে৷ এই নতুন দৃষ্টি যদি সুন্দৰ সৃষ্টিৰ সোপান হয়, ই লাহে লাহে সোঁচৰিবও পাৰে৷ অৱশ্যে, সোঁচৰি যোৱাৰ পৰিৱেশ চাৰিওফালে থাকিব লাগিব৷ নিজৰ চাৰিওফালে সৃষ্টিশীলতাৰ বিৰুদ্ধে অভেদ্য দেৱাল বান্ধি, গোড়া মনেৰে জীৱন যাপন কৰা ৰূঢ় লোকসকলৰ অন্তৰলৈকে সৃষ্টিশীলতাই স্পর্শ কৰাত বা শিপাই যোৱাত সময় লয়৷ কেতিয়াবা অপাৰগো হয়৷ তেনে ৰূঢ় লোকে কেতিয়াবা এই স্পর্শ বিনেই জীৱনো পাৰ কৰিব পাৰে৷ সমগ্র জীৱনকালতো তেওঁলোকে নিজেতো সৃষ্টিশীলতা পোষণ নকৰেই, আনৰ সৃষ্টিশীলতাৰো ভেটা হিচাপে কাম কৰে৷ যি সমাজত প্রতি খোজতে এনে ভেটা উপস্থিত হয়, তেনে সমাজত সৃষ্টিশীলতা স্থবিৰপ্রায় হৈ পৰিব পাৰে৷ সংকটকালত সৃষ্টিশীলতাৰ এনে স্থবিৰতাই সংকটক আৰু অধিক ঘনীভূতহে কৰে৷ এনে সংকট মহামাৰী, জৰুৰীকাল, যুদ্ধ যিহৰেই নহওক, সৃষ্টিশীলতাৰ টেঁটু চেপি ধৰিলে সভ্যতাৰেই পতন হোৱাৰ আশংকা থাকে৷ এনে পতন দেশৰ এক সৰু অংশতো হ’ব পাৰে দেশব্যাপীও হ’ব পাৰে৷ এনে পতনৰ কোনো ভৌগোলিক পৰিসীমা নাথাকে৷ বিশ্বত এনে বহু উদাহৰণ আছে৷
সৃষ্টিশীলতাৰ ক্ষেত্রৰো কোনো সীমা নাই৷ সাহিত্যত যেনেদৰে সৃষ্টিশীলতা থাকিব পাৰে, অর্থনীতি–ৰাজনীতি–স থাকিব পাৰে৷ সৃষ্টিশীলতা থাকিব পাৰে উদ্যমিতাত, বাণিজ্যত, বিভিন্ন বিজ্ঞান চর্চাত, খেতিপথাৰত, উদ্যোগত– সকলোতে৷
২০১৯ বর্ষৰ অর্থনীতিৰ ন’বেল বঁটা লাভ কৰা অভিজিৎ বেনার্জী আৰু এস্থাৰ ডাফ্লোৱে তেওঁলোকৰ কিতাপ’Poor Economics : Rethinking Poverty and the ways to end it’ত সৃষ্টিশীলতাৰ দিশেৰে প্রাসংগিক কেইবাটাও বিষয়ৰ উত্থাপন কৰিছে৷ বিভিন্ন তথ্যৰ দ্বাৰা প্রমাণিত বুলি লেখকদ্বয়ে উল্লেখ কৰিছে যে উন্নয়নশীল বিশ্বত দৰিদ্র লোকসকলে বিয়া–সবাহ, যৌতুক, উৎসৱ–পার্বণত যথেষ্ট অর্থ ব্যয় কৰে কেৱল নিজৰ ‘মান’, নিজৰ ‘নাক’ ৰখাৰ স্বার্থত৷ ভাৰতবর্ষত ব্যতিক্রম নহয়৷
দক্ষিণ আফ্রিকাত মৃতকৰ অন্তিম সংস্কাৰৰ সময়ত বৃহৎ পৰিমাণত ধন ব্যয় কৰাৰ প্রথাৰ প্রচলন আছে৷ বয়সপ্রাপ্তসকলৰ মৃত্যুত মৃতকৰ জীৱনজোৰা আর্জনৰ ধন ব্যয় কৰা ব্যৱস্থাৰ ফলত বহু পৰিয়াল সর্বস্বান্ত হোৱাৰ উদাহৰণো আছে৷ উদ্বেগজনকভাৱে এনে অন্তিম সংস্কাৰৰ পাছত পৰিয়াল একোটাত ভীষণ আর্থিক সংকটৰ সৃষ্টি হয় আৰু একে সময়তে পৰিয়ালটোত খাদ্যৰ নাটনিয়েও দেখা দিব পাৰে৷ জাকজমকীয়া অন্তিম সংস্কাৰৰ এটা বছৰো নৌহওঁতেই বহু পৰিয়ালত পঢ়ি থকা ছাত্র–ছাত্রীসকলে স্কুলপর্যন্ত এৰি পেলায়৷
উন্নয়নশীল দেশসমূহত মানুহে, বিশেষভাৱে দৰিদ্র মানুহে য’ত, যি ঠাইত খৰচ কৰিব লাগে, ত’ত খৰচ নকৰি অনাহক বিষয়বোৰত অধিক খৰচ কৰে৷ অথবা সমাজৰ খাতিৰত বহু সময়ত এনেকৈ খৰচ কৰিবলগীয়া হয়৷ যাৰ ফলত দুখীয়াসকল দুখীয়া হৈয়েই ৰৈ যায়৷ সবাহ পাতি খুৱাই–বুৱাই উঠাৰ কেইদিনমানৰ পাছৰে পৰা সবাহ পতা পৰিয়ালৰ দুবেলা দুমুঠি খাবলৈ নাইকিয়া হয়৷ ঋণগ্রস্ত হয়, মাটি বিক্রী হয় অথবা বন্ধকত যায়৷ সম্পত্তিও বন্ধকত যায়৷ দৰিদ্রতাৰ চেইন দীঘলীয়া হয়৷ ঋণগ্রস্ততাত আত্মহত্যাপর্যন্ত কৰা ঘটনাবোৰ বৃদ্ধি পায়৷ ব্যথা বাঢ়ে৷ অসমতেই দৰিদ্র লোকসকলৰ মাজত পদ্ধতিগতভাৱে অধ্যয়ন কৰিলে এনে অনাটনৰ বহু দিশ উন্মোচিত হ’ব৷
এনে গভীৰ দিশত, মহামাৰীৰ সময়ত, আঙুলিয়াই দিয়া অনুসৰি সতর্ক দৃষ্টি ৰাখি নতুন সৃষ্টিশীলতাৰ আহ্বান কৰিব পাৰি নেকি? এয়াই আজিৰ প্রশ্ণ বিবাহ অথবা অন্তিম সংস্কাৰ বোজা স্বৰূপ নোহোৱাৰ বাবে নব্য সৃজনশীলতা সমাজে আহ্বান কৰিব পাৰে নেকি? এয়া পুনর্গঠনৰ আহ্বান৷ সাংস্কৃতিক পুনৰ জাগৰণৰ আহ্বান৷ এয়া হ’ব সংকটকালে বর্তমানক শিকোৱা আৰু শিকাব পৰা এক সামাজিক আৰু অর্থনৈতিক সৃজনশীলতা৷ ইয়াৰ সফলতাৰ বাবে সমাজৰ প্রতিজন লোকেই নিজৰ মনোজগতৰ ‘স্থাপিত সজ্জা’ৰ বিনির্মাণ কৰিব পাৰিব লাগিব৷ পুৰণি এলান্ধু গুচাই নৱনির্মাণৰ সাহস ৰোপণ কৰিব পাৰিব লাগিব৷ তাৰ পাছতে হ’ব নতুন ৰূপত পুনর্গঠন৷ এয়া এলা–পেচা আহ্বান নহয়৷ হ’ব নোৱাৰে৷ এয়া পৰম্পৰা ভঙাৰ আহ্বান৷ বিনির্মাণৰ আহ্বান৷ পৰম্পৰা ভাঙিবলৈ পীড়াদায়ক হ’লেও, সমাজৰেই বহু কোণৰ পৰা প্রতিবন্ধকতা আহিলেও, সামাজিক সৃজনশীলতা হ’ব ইয়াৰ পাথেয়৷ সমাজৰ সহমতৰ এইক্ষেত্রত প্রয়োজন৷ এই সহমত গঠনত অৱশ্যে বহু সময়তেই বাধা বা ভেটা অহাটোও সম্ভৱ৷
এনে সৃজনশীলতাৰ বাটত ক’লা টকাৰ প্রতিপত্তি থকাসকলৰ পৰা প্রথমেই ভেটা পৰাৰ যথেষ্ট সম্ভাৱনা থাকে৷ সমাজেই চিন্তা কৰিব লাগিব, কেনেকৈ বেলেগ বেলেগ পৰিস্থিতিত ভিন্ন ৰূপত এই ভেটা ভাঙি পেলোৱা যায়৷ কাৰণ, সৃষ্টিশীলতা সদায় মসৃণ পথৰ যাত্রা নহয়৷ ইয়াত সমাজক পৰিৱর্তিত কৰিব পৰা শকতিও লুকাই থাকে৷
সংকটে মানুহক নতুন কথাৰ বোধ কৰায়৷ এই বোধ স্থায়ী হ’ব পাৰে যদিহে মানুহে ইয়াক হূদয়ংগম কৰিব পাৰে৷ যেনেকৈ বর্তমানৰ সংকটে পুনৰ বোধ কৰাইছে দেহৰ ৰোগ প্রতিৰোধ শক্তিৰ গুৰুত্ব, পৰিচ্ছন্নতাৰ মহত্ত্ব৷ কেৱল ক’ভিডৰ বাবেই নহয়, দেহৰ ৰোগ প্রতিৰোধ শক্তিৰ গুৰুত্ব আগতেও আছিল আৰু উত্তৰ ক’ভিড কালতো থাকিব৷ এই ৰোগ প্রতিৰোধ শক্তিৰ অভাৱৰ বাবেই সাধাৰণ ইনফ্লুয়েঞ্জাকে ধৰি অনেক ৰোগত অলেখ মানুহ যুগে যুগে মৃত্যুমুখত পৰাৰ কথা মানুহে এতিয়াও হূদয়ংগম নকৰিলে– কৰিব কেতিয়া৷ উচিত খাদ্যৰ, পৰিচ্ছন্নতা আৰু সাধাৰণ স্বাস্থ্য নিয়মৰ গুৰুত্ব বুজিব কেতিয়া সৃষ্টিশীলতাৰ বাবে এনে বোধ অপৰিহার্য৷
দুই ন’বেলপ্রাপক বেনার্জী আৰু ডাফ্লোই মৰক্কোৰ এখন গাঁৱত কৰা অধ্যয়নৰ বিষয়টো প্রসংগক্রমে ইয়াত উল্লেখনীয়৷ ঔছা এম বার্বক নামৰ সাধাৰণ গাঁৱলীয়া মানুহ এজনক তেওঁলোকে আলফুলকৈ সুধিলে, বর্তমানতকৈ অধিক টকা–পইচা থকা হ’লে তেওঁ কিনো কৰিলেহেঁতেন৷ মানুহজনে তপৰাই ক’লে, ‘তেওঁ অধিক খোৱা বস্তু কিনিলেহেঁতেন৷’ আকৌ সোধা হ’ল, তাতোতকৈ বেছি পইচা থকা হ’লে? উত্তৰত মানুহজনে ক’লে, তাতোতকৈ অধিক সোৱাদযুক্ত ভাল খাদ্য কিনি খালেহেঁতেন ইয়াৰ পাছতে লেখকদ্বয়ে লক্ষ্য কৰিলে যে এটা টেলিভিছন, পেৰাব’লিক এণ্টেনা, ডিভিডি প্লেয়াৰ ইত্যাদিৰে মানুহজনৰ ঘৰ ভৰি আছে৷ মানুহজনক তেওঁলোকে আকৌ সুধিলে, ‘এই বস্তুবোৰ তেওঁ কিয়নো কিনিছে, যদিহে তেওঁ ভাবে যে তেওঁৰ পৰিয়ালটোৱে পর্যাপ্ত ভালদৰে খাবলৈকে পোৱা নাই’ মানুহজনে লাহেকৈ উত্তৰ দিলে, ‘এহ, টেলিভিছন খাদ্যতকৈ বেছি গুৰুত্বপূর্ণ৷’ Television is more important than food)
সঁচাই, সিদ্ধান্তবোৰ বৰ জটিল৷ পৰিৱেশ আৰু সময়ে সিদ্ধান্তবোৰো সলনি কৰে৷ জীৱনজোৰা শিক্ষা আৰু সামাজিকীকৰণে ইয়াত ভূমিকা গ্রহণ কৰে৷ সংকটকাল ইয়াৰ ওপৰঞ্চিহে৷ এনে নহয় যে সংকটকালেই কেৱল সর্বোচ্চ সৃষ্টিশীলতাৰ নিদর্শন দাঙি ধৰিব৷ বর্তি থকা আর্থ–সামাজিক–সাংস্কৃ আৰু ৰাজনৈতিক পটভূমিতহে সংকটকালে সৃষ্টিশীলতাৰ পাতনি কৰিব পাৰে৷ এই সামাজিকীকৰণ বা সামাজিক শিক্ষণৰ পটভূমিতহে মানুহৰ সৃজনশীলতা বা নতুন চিন্তাৰ ভেটি ৰচিত হয়৷ হঠাতে সৰগৰ পৰা সৰি পৰা বিধৰ বিষয় বুলি আমি কল্পনা কৰিব নোৱাৰোঁ৷ ই মানুহৰ সাধনা, আৰু কর্মস্পৃহাৰ মাধ্যমেৰে পুনর্গঠন কৰিব পৰা এক যাত্রা৷ মহাযাত্রা৷

You might also like