নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাভ জেহাদ

ভাৰতবর্ষৰ ৰাজনীতিত শেহতীয়াকৈ ব্যাপক হাৰত চর্চা হৈ থকা এটা বিষয় হৈছে লাভ জেহাদ৷ যোৱা ২৬ অক্টোবৰত হাৰিয়ানাৰ বল্লভগডত নিকিতা তোমৰ নামৰ হিন্দু যুৱতীগৰাকীক মহম্মদ তৌফিক নামৰ যুৱক এজনে ৰাজপথতে গুলীয়াই হত্যা কৰা ঘটনাটোৰ লগতে এলাহাবাদ উচ্চ ন্যায়ালয়ে ধর্ম পৰিৱর্তনক লৈ দিয়া এটা গুৰুত্বপূর্ণ ৰায়ে লাভ জেহাদক চর্চাৰ শীর্ষলৈ আনি দিয়ে৷ অৱশ্যে বল্লভগডৰ ঘটনাটো দেশখনত লাভ জেহাদৰ প্রথম ঘটনা নহয়৷ ইয়াৰ পূর্বেও দেশখনত তেনে ঘটনা সংঘটিত হৈছে৷ বৰং ক’ব পাৰি যে ভাৰতবর্ষৰ বিভিন্ন প্রদেশত লাভ জেহাদৰ ঘটনা ব্যাপক হাৰত বৃদ্ধি পাই আহিছে৷ ইয়াৰে পৰিপ্রেক্ষিতত অসমসহ দেশৰ পাঁচখন বিজেপিশাসিত ৰাজ্যই লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ আইন প্রণয়ন কৰা হ’ব বুলি ঘোষণা কৰিছে৷ অসমৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অলপতে ডিব্রুগডত অনুষ্ঠিত এখন সভাত লাভ জেহাদৰ বিৰুদ্ধে প্রথমে মুকলি যুদ্ধ ঘোষণা কৰে৷ তেওঁ ফেচবুক বা অন্য মাধ্যমত নিজৰ প্রকৃত ধর্মীয় পৰিচয় লুকুৱাই হিন্দু যুৱতী–বোৱাৰীক প্রেমৰ জালত পেলোৱাটোক কোনোপধ্যে সহ্য কৰা নহ’ব বুলি সকীয়নি দি লাভ জেহাদৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ আইন আনিব বুলি ঘোষণা কৰে৷ আনহাতে, এলাহাবাদ উচ্চ ন্যায়ালয়ে ধর্ম পৰিৱর্তনক লৈ দিয়া ৰায়টোৰ এদিন পাছতে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ আইন অনাৰ কথা ঘোষণা কৰে৷ তেওঁৰ পাছতে হাৰিয়ানা চৰকাৰে লাভ জেহাদৰ বিৰুদ্ধে আইন অনা হ’ব বুলি ঘোষণা কৰে৷ হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰলাল খট্টৰে আনকি কেন্দ্রীয় চৰকাৰকো লাভ জেহাদৰ বিৰুদ্ধে আইন আনিবলৈ আহ্বান জনায়৷ শেহতীয়াকৈ এই তালিকাখনত মধ্যপ্রদেশ আৰু কর্ণাটক চৰকাৰৰ নাম সংযোজিত হৈছে৷ এইদৰে এখনৰ পাছত এখনকৈ চৰকাৰে লাভ জেহাদৰ বিৰুদ্ধে আইনৰ দিহা কৰিবলৈ লোৱাত এটা কথা স্পষ্ট হৈ পৰিছে যে বিষয়টোৱে আমাৰ সমাজখনক বাৰুকৈয়ে জোকাৰি গৈছে৷ লগতে ইয়াৰ ৰাজনৈতিক ‘ভেলু’ বাঢ়িছে৷
সন্দেহ নাই, লাভ জেহাদ এটা অতি স্পর্শকাতৰ বিষয়৷ ইয়াৰ কথিত পৰিভাষাটো হ’ল, মুছলমান যুৱকে অনা–মুছলমান যুৱতী–বোৱাৰীক প্রেমৰ জালত পেলায়৷ পাছত ধর্ম পৰিৱর্তন কৰি তেওঁক বিবাহ কৰে৷ অর্থাৎ জেহাদ শব্দটোৰ আগত থকা প্রেম শব্দটোক এটা চক্রান্ত হিচাপে ব্যৱহাৰ কৰা হয় যাতে পৃথিৱীখনত ইছলাম ধর্মাৱলম্বী লোকৰ সংখ্যা বৃদ্ধি পায়৷ এই পৰিভাষাৰ দৃষ্টিকোণেৰে চাবলৈ গ’লে অসমতো লাভ জেহাদ নামৰ সমস্যাটো দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে৷ টিভি, বাতৰিকাকতত বিষয়টোৰে সম্পর্কিত বাতৰি প্রায়েই প্রকাশ পায়৷ সর্বাধিক প্রকাশ পায় সামাজিক মাধ্যমত৷ হিন্দু যুৱতীক প্রেমৰ জালত পেলাই পলুৱাই নিয়া বহু মুছলমান যুৱকক তথাকথিত ৰাইজৰ আদালত বিচাৰ চলাই শাস্তি বিহাৰ ভিডি’ সামাজিক মাধ্যমত সততে প্রকাশ পায়৷ ইয়াক লৈ ভিন্নজনৰ মাজত তর্ক–বিতর্ক চলে৷ বিভিন্ন আলোচনা চলে৷ আনকি, উগ্র–সাম্প্রদায়িক বাক্যৰ বিনিময়ো ঘটে৷ এটা পক্ষই লাভ জেহাদৰ অস্তিত্বক নস্যাৎ কৰি তাক প্রেমৰ সংজ্ঞাৰে ব্যাখ্যা কৰিব বিচাৰে৷ এটা পক্ষই সেই প্রেমক ধর্মীয় আগ্রাসন তথা চক্রান্তমূলক বুলি আখ্যা দিয়ে৷ লাভ জেহাদৰ এই অভিযোগ–প্রতিভিযোগ কথাবোৰ বিশ্লেষণ কৰিলে দেখা যায়, লাভ জেহাদীসকলে নিজৰ ধর্মীয় পৰিচয় গোপন কৰি অনা–ইছলাম বিশেষকৈ হিন্দু ধর্মৰ যুৱতী–বোৱাৰীক বিভিন্ন ছলাহী কথাৰে প্রেমৰ জালত পেলায়৷ প্রেম যেতিয়া গভীৰ হয়, তেতিয়া যুৱতী বা বোৱাৰীগৰাকীক পলুৱাই নিয়ে৷ কিন্তু তেতিয়ালৈকে যুৱতী বা বোৱাৰীগৰাকীয়ে প্রেমিকৰ ধর্মীয় পৰিচয় লাভ নকৰে৷ যিসকলে পূর্বেই প্রকৃত ধর্মীয় পৰিচয় লাভ কৰে, তাৰে একাংশৰ বল্লভগডৰ নিকিতা তোমৰৰ দৰে দশা হয়৷ বিবাহ বা আন কথাৰে পলুৱাই নি যুৱতী–বোৱাৰীগৰাকীক্ ধর্ম পৰিৱর্তনৰ বাবে হেঁচা দিয়া হয়, বলপূর্বক বোর্খা পিন্ধিবলৈ দিয়া হয়৷ ধর্ম পৰিৱর্তন কৰি বিবাহ কৰোৱা হয়৷ শোণিতপুৰ জিলাৰ দুগৰাকীমান যুৱতীক তেনেদৰে বলপূর্বক বোর্খা পিন্ধিবলৈ দিয়া অৱস্থাত অলপতে উদ্ধাৰ কৰা হৈছিল৷ আনহাতে, পলুৱাই নিয়া মুছলমান যুৱক বা পুৰুষৰ মাজত বিবাহিত লোকো থাকে৷ পত্নী বা সন্তান থকা সত্ত্বেও হিন্দু ধর্মাৱলম্বীয়ে লোৱা আকর্ষণীয় নাম লৈ হিন্দু যুৱতীৰ সন্ধানত থকা দুই–এজন লোকো পোৱা যায়৷ এই লেখাটো প্রস্তুত কৰি থকা সময়ত অসমৰ সংবাদ মাধ্যমত লংকা অঞ্চলৰ এজন লোকৰ কথা ওলাই আছিল৷ উদালী আৰক্ষী চকীৰ অন্তর্গত লোকজনৰ নাম ফৰিদ আহমেদ৷ তেওঁৰ পত্নী–সন্তানো আছে৷ তৎসত্ত্বেও তেওঁ সামাজিক মাধ্যমত নিজকে হানী বুলি পৰিচয় দি হিন্দু যুৱতী এগৰাকীক প্রেমৰ জালত পেলাই পলুৱাই আনে৷ পাছত আৰক্ষীয়ে যুৱতীগৰাকীক ফৰিদ আহমেদৰ খুৰাকৰ ঘৰৰ পৰা উদ্ধাৰ কৰাৰ লগতে ফৰিদক গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ অসমত এনে ঘটনা প্রায় প্রতিদিনে সংঘটিত হয়৷ খবৰবোৰ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে ওলাই থাকে৷ তদুপৰি, মাজতে ‘বেগমজান’ নামৰ ধাৰাবাহিকখনেও লাভ জেহাদক জনসাধাৰণৰ মাজত চর্চালৈ আনিছিল৷ এটা মনোৰঞ্জনধর্মী চেনেলত সম্প্রচাৰিত ধাৰাবাহিকখনত এজন মুছলমান যুৱক আৰু এজন ব্রাহ্মণ যুৱতীৰ প্রেমক লৈ আগবাঢ়ে৷ ইয়ে লাভ জেহাদক উদগনি দিয়া বুলি কেইবাটাও সংগঠন ৰাজপথলৈ ওলোৱাৰ লগতে আদালতৰো কাষ চাপিছিল৷ আদালতৰ হস্তক্ষেপত কিছুদিনলৈ ধাৰাবাহিকখনৰ সম্প্রচাৰো বন্ধ হৈছিল৷
আমাৰ দেশখনত ২০০৯ চনত লাভ জেহাদ শব্দটোৰ প্রচলন ব্যাপক হাৰত হয়৷ তেতিয়া ইয়াৰ অভিকেন্দ্র আছিল কেৰালা আৰু কর্ণাটক৷ পাছলৈ ই ৰাষ্ট্রীয় স্তৰৰ পৰা সীমা অতিক্রমী ইংলেণ্ড আৰু পাকিস্তানলৈকে যায়৷ তিৰুৱনন্তপুৰমত ২০০৯ চনৰ ছেপ্ঢেম্বৰত শ্রীৰাম সেনাই লাভ জেহাদৰ বিৰুদ্ধে ব্যাপক হাৰত পোষ্টাৰিং কৰিছিল৷ পৰৱর্তী মাহটোত কর্ণাটক চৰকাৰে লাভ জেহাদক গুৰুতৰ সমস্যাৰূপে গণ্য কৰি ইয়াৰ আঁৰত থকা সংগঠিত শক্তিৰ চক্রান্তক পোহৰলৈ আনিবলৈ চিআইডিৰ দ্বাৰা তদন্ত৷ তদুপৰি, উচ্চতম ন্যায়ালয়েও ‘নিয়া’ৰ দ্বাৰা তদন্তৰ ব্যৱস্থা কৰিছিল৷ গোচৰটো আছিল এগৰাকী হিন্দু যুৱতীক মুছলমান যুৱক এজনে প্রেমৰ জালত পেলাই ধর্ম পৰিৱর্তন কৰি পাছত বিবাহ কৰে৷ যুৱতীৰ পিতৃয়ে যুৱকজনৰ বিৰুদ্ধে অভিযোগ কৰিলে, মুছলমান যুৱকজনে তেওঁৰ কন্যাক ফুচুলাই সন্ত্রাসবাদী সংগঠনত যোগ দিয়াৰ বাবে লৈ গৈছে৷ কিন্তু অভিযোগ সিদ্ধ নহ’ল৷ যুৱতীগৰাকীয়ে নিজেই আদালতলৈ গৈ নিজৰ প্রেম কাহিনী ব্যক্ত কৰাত গোচৰটোৰ সিমানতে যতি পৰে৷ পাছত বিষয়টো সংসদতো উত্থাপন হয়৷ চলিত বর্ষৰ ফেব্রুৱাৰীত সাংসদ বেন্নী বেহননে লোকসভাত চৰকাৰক সুধিছিল, লাভ জেহাদ সন্দর্ভত চৰকাৰৰ বক্তব্য কি? চৰকাৰে এনে কোনো গোচৰৰ তদন্ত কৰিছে নেকি? উত্তৰত গৃহ বিভাগৰ ৰাজ্যমন্ত্রী জি কিষাণ ৰেড্ডীয়ে কৈছিল, বর্তমানৰ আইনী ব্যৱস্থাত লাভ জেহাদৰ কোনো পৰিভাষা নাই৷ কেন্দ্রীয় তদন্তকাৰী এজেন্সীৰ তৰফৰ পৰাও লাভ জেহাদ বিষয়ৰ কোনো গোচৰৰ তথ্য দিয়া হোৱা নাই৷ অৱশ্যে ‘নিয়া’ই কেৰালাৰ দুটা আন্তঃধর্ম বিবাদৰ গোচৰৰ তদন্ত কৰিছিল৷
ভাৰতৰ সংবিধানৰ ২৫নং অনুচ্ছেদ অনুসৰি, ভাৰতৰ প্রতিগৰাকী ব্যক্তিৰ ধর্ম পালন তথা প্রসাৰৰ অধিকাৰ আছে৷ এই অধিকাৰ সকলো ধর্মৰ ব্যক্তিৰ বাবে সমান৷ আদালতে অন্তঃকৰণ আৰু সচেতনতাৰ ব্যাখ্যাও ধর্মীয় স্বাধীনতাৰ পৰা মুক্ত কৰি দিয়ে৷ অর্থাৎ কোনো ব্যক্তি যদি নাস্তিক, নিজ বিবেকৰ ভেটিত তেওঁৰ এই অধিকাৰ প্রাপ্য৷ তেওঁক কোনেও বলপূর্বকভাৱে কোনো ধর্ম পালন কৰিবলৈও বাধ্য কৰিব নোৱাৰে৷ উচ্চতম ন্যায়ালয়ৰ এখন সংবিধান পীঠে ১৯৭৫ চনত ধর্ম পৰিৱর্তনক সুন্দৰকৈ ব্যাখ্যা কৰিছে৷ আচলতে মধ্যপ্রদেশ আৰু ওডিশা (তেতিয়া উৰিষ্যা) উচ্চ ন্যায়ালয়ে ধর্ম পৰিৱর্তনৰ বিৰুদ্ধে দুটা সুকীয়া সুকীয়া ৰায় দিছিল৷ গোচৰটো উচ্চতম ন্যায়ালয়লৈ যোৱাত উচ্চতম ন্যায়ালয়ে মধ্যপ্রদেশ উচ্চ ন্যায়ালয়ৰ ৰায় অর্থাৎ ব্যাখ্যাক সমর্থন জনায়৷ লগতে কয় যে প্রৱঞ্চনা, লালসা নতুবা চাপৰ সৃষ্টি কৰি ধর্মৰ পৰিৱর্তন কৰাটো ব্যক্তি এজনৰ বিবেক–সচেতনতাৰ উলংঘন৷ এইটো বিষয়ত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে ধর্ম পৰিৱর্তন স্বেচ্ছাই হ’ব লাগিব৷ কোনোধৰণৰ লালসা অথবা মুনাফাবিহীনভাৱে হ’ব লাগিব৷ ইয়াকে আধাৰ হিচাপে লৈ পাঁচখন বিজেপিশাসিত প্রদেশে লাভ জেহাদৰ বিৰুদ্ধে আইন আনিবলৈ প্রয়াস চলাইছে৷ ৰাজ্য চৰকাৰে বিচাৰিলে আইন এখন আনিব পৰাটো সম্ভৱ৷
লাভ জেহাদৰ বিৰুদ্ধে পাঁচোখন ৰাজ্যই আইন প্রণয়নৰ চিন্তা–চর্চা চলাই থকাৰ মাজতে যোৱা ২৯ অক্টোবৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে এটা গোচৰৰ ৰায় দি কয় যে এজন ব্যক্তিৰ ধর্মান্তৰকৰণ তেতিয়াই বৈধ বুলি গণ্য কৰা হ’ব যেতিয়া এজন লোকে স্বেচ্ছাই, নিজস্ব ধর্মীয় বিশ্বাসত ধর্মান্তৰিত হ’ব৷ কোনোৱে যদি ধর্মীয় ভাবধাৰাত অনুপ্রাণিত নহৈ মাথোঁ ব্যক্তিগত লাভৰ বাবে ধর্মান্তৰিত হয়, সেইটোক বৈধ গণ্য কৰা নহ’ব৷ বিচাৰপতিয়ে ইমানতে ব্যাখ্যাৰ সমাপ্তি নকৰি কয় যে মাথোঁ বিবাহৰ বাবে ধর্মান্তৰকৰণ গ্রহণযোগ্য নহয়৷আচলতে বিবাহৰ কেইমাহমান পূর্বে এগৰাকী যুৱতী ইছলামৰ পৰা হিন্দুলৈ ধর্মান্তৰিত হৈছিল৷ এই ধর্মান্তৰৰ বাবে বিপদ আহিব পাৰে বুলি দম্পতীটোৱে শংকা কৰি আৰক্ষীৰ নিৰাপত্তা বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰে৷ সেই লেখ আবেদন খাৰিজ কৰি কোৱা হয় যে মাথোঁ বিবাহৰ বাবে ধর্মান্তৰকৰণ গ্রহণযোগ্য নহয়৷ আদালতে গোচৰটোত ২০১৪ চনৰ এটা গোচৰৰ প্রসংগও দাঙি ধৰে বিচাৰকে৷ সেইবাৰ এগৰাকী হিন্দু মহিলাই নিকাহৰ স্বার্থত ইছলামলৈ ধর্মান্তৰিত হৈছিল৷ সেই আবেদনখনো একেটা যুক্তিত খাৰিজ কৰা হয়৷ লাভ জেহাদৰ বিৰুদ্ধে চৰকাৰসমূহৰ প্রচেষ্টাত এইটো ৰায়ে শক্তি প্রদান কৰিব পাৰে৷ পৰিশেষত, প্রেম চক্রান্তৰ বিষয় নহয়৷ ই স্বর্গীয়৷ জন্নতত স্থান পাম বুলি যদি কোনোৱে প্রেমক চক্রান্তৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে, তেওঁ নৰকত স্থান পোৱাৰো যোগ্য নহয়৷

You might also like