নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উগ্র সাম্প্রদায়িক ৰাজনীতি

শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা সংগ্রহালয়, নীলা লুঙী, কলপতীয়া শাৰী, পাকিস্তান জিন্দাবাদ আদিক লৈ তীব্র বিতর্ক চলি থকাৰ সময়তে উগ্র সাম্প্রদায়িক বিষবাষ্প বিয়পাই দিবলৈ মুকলিকৈ ষড়যন্ত্রত লিপ্ত হৈছে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল৷ মৌলানা আজমলে শনিবাৰে বৰাক উপত্যকাৰ এখন সভাত অভিযোগ কৰিছে যে ২০২১ৰ বিধানসভা নির্বাচনত যদিহে আকৌ বিজেপি ক্ষমতালৈ আহে তেন্তে মুছলমান মা–ভনীসকলক ঘৰৰ পৰা তুলি নি ধর্ষণ কৰিব৷ আজমলৰ এনে মুকলি অভিযোগৰ অন্তৰালত যে আগন্তুক বিধানসভা নির্বাচনৰ কুটিল ৰাজনীতি জড়িত আছে সেয়া প্রতিজন সচেতন নাগৰিকে উপলব্ধি কৰিছে৷ আজমলে সাম্প্রদায়িক বিষবাষ্প বিয়পাই মুছলমান ভোটদাতাসকলক ভীতিগ্রস্ত কৰি ৰাজনৈতিক মুনাফা লাভৰ চক্রান্তত লিপ্ত হৈছে৷ অসমৰ পৰা বহু বিতর্কিত আইএমডিটি আইনখন উচ্চতম ন্যায়ালয়ে ২০০৪ চনত নাকচ কৰাৰ পাছতে বাংলাদেশী মূলৰ শ্রমজীৱী মুছলমানসকলৰ মাজত এক বিভীষিকাময় পৰিস্থিতিৰ উদ্ভৱ কৰাই গঠন হৈছিল বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটো৷ জমিয়ত উলেমাকে ধৰি প্রায় ডেৰ কুৰি ধর্মীয় সংখ্যালঘু সংগঠনৰ উদ্যোগত জন্মলাভ কৰা এআইইউডিএফ দলে বিগত ডেৰ দশকত ৰাজ্যৰ সংখ্যালঘু ৰাজনীতিত নিশ্চিতভাৱে বিশেষ প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আজমলে বাংলাদেশী মূলৰ লোকসকলৰ আৱেগক সাৰথি কৰিয়েই তেওঁৰ ৰাজনৈতিক অভীপ্সা পূৰণ কৰিছে৷ মন গ’লেই বিধায়ক হৈছে, মন গ’লেই সাংসদ হৈছে৷ আনকি ভাতৃ আৰু পুত্রকো সাংসদ–বিধায়ক হোৱাৰ সুযোগ দিছে৷ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ দ্বিতীয় আৰু তৃতীয় কার্যকালত আজমলে দিছপুৰৰ ক্ষমতাৰ সোৱাদ লোৱাৰ বাবেও উঠিপৰি লাগিছিল যদিও সেই সপোন তেওঁৰ পূৰণ নহ’ল৷ মাথো সাম্প্রদায়িক বিষবাষ্পৰ জৰিয়তে দিছপুৰৰ ৰাজনীতিত সক্রিয় অংশগ্রহণ যে সম্ভৱ নহয়, সেয়া আজমলে উপলব্ধি কৰা উচিত৷ ২০০৬ৰ বিধানসভা নির্বাচনত ৯খন আসন লাভ কৰা আজমল নেতৃত্বাধীন দলটোৱে ২০১১ৰ বিধানসভা নির্বাচনত ১৮খন আসন লাভ কৰিছিল৷ কিন্তু মুছলমানসকলৰ মাজত আজমলৰ গণভিত্তি পূর্বৰ তুলনাত বহু পৰিমাণে হ্রাস হৈছে৷ ২০১৬ৰ বিধানসভা নির্বাচনত দলটোৰ আসনৰ সংখ্যা ১৮ খনৰ পৰা ১৩ খনলৈ হ্রাস পোৱাৰ উপৰি বিগত লোকসভা নির্বাচনত আসনৰ সংখ্যা তিনিখনৰ পৰা এখনলৈ হ্রাস হৈছে৷
২০১৬ৰ বিধানসভা নির্বাচনত বিজেপিয়ে অভূতপূর্ব সাফল্যৰে দিছপুৰৰ ক্ষমতা দখলৰ পাছতে লক্ষণীয়ভাৱে আজমল নেতৃত্বাধীন দলটোৰ গণভিত্তি হ্রাস হৈছে৷ বিগত প্রায় পাঁচ বছৰত ৰাজ্যখনত ধর্মভিত্তিত সংঘর্ষৰ বিশেষ ঘটনা সংঘটিত হোৱা নাই৷ ২০১২ চনলৈকে ৰাজ্যখনত কেইবাটাও গোষ্ঠীসংঘর্ষ হৈছিল৷ কিন্তু চলিত চৰকাৰখনৰ কার্যকালত এনে সংঘর্ষৰ ঘটনা পোহৰলৈ অহা নাই৷ তৎসত্ত্বেও বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ছত্রছায়াত ৰাজ্যৰ মুছলমান লোকসকল সুৰক্ষিত নহয় বুলি আজমলে প্রচাৰ চলাই থকাই নহয় উগ্র সাম্প্রদায়িকতাৰ বীজ ৰোপণ কৰিবলৈ উঠিপৰি লাগিছে৷ নির্বাচন আহিব আৰু যাব৷ ৰাজ্যখনৰ সকলো জাতি–জনগোষ্ঠীৰ মাজত চলি থকা সম্প্রীতিৰ এনাজৰীডাল ছিঙি পেলোৱাৰ বাবে আজমলৰ দৰে ধর্মীয় নেতাই যিদৰে কুটিল চক্রান্তত লিপ্ত হৈছে সেয়া কঠোৰ হাতেৰে প্রতিহত কৰিব লাগিব ৰাজ্যখনৰ সচেতন নাগৰিকসকলে৷ বিজেপিক প্রতিহত কৰাৰ জোখাৰে আজমলৰ যে শক্তি নাই সেয়া ৰাজ্যখনৰ সিংহভাগ বাংলাদেশী মূলৰ মুছলমানে উপলব্ধি কৰিছে৷ বিগত বিধানসভা আৰু লোকসভা নির্বাচনৰ ভোটদানৰ হাৰ পর্যালোচনা কৰিলেই এই তথ্য স্পষ্ট হৈ উঠে৷ নিজ দলত খহনীয়া প্রতিৰোধৰ স্বার্থত আজমলে কংগ্রেছৰ সৈতে নির্বাচনী মিত্রতা কৰিবলৈ সিদ্ধান্ত লৈছে৷ এনে মিত্রতাৰ ফলত আজমল লাভৱান হ’লেও কংগ্রেছ দল উপকৃত হোৱাৰ বিপৰীতে দীর্ঘম্যাদী লোকচানৰ সন্মুখীন হোৱাৰহে আশংকা আছে৷ কিয়নো আজমলৰ সংগ এৰি অহা বাংলাদেশী মূলৰ মুছলমানসকলে ইতিমধ্যে বিগত লোকসভা আৰু বিধানসভা নির্বাচনত কংগ্রেছৰ পক্ষত অৱস্থান কৰিছে৷ এনে অৱস্থাত এআইইউডিএফৰ সৈতে নির্বাচনী মিত্রতা গঢ়ি তোলাৰ ফলত কংগ্রেছে দলটোৰ ধর্মনিৰপেক্ষ চৰিত্র নিশ্চিতভাৱে হেৰুৱাব লাগিব৷ আজমলে ধর্মীয় সংখ্যালঘু লোকসকলক ঐক্যবদ্ধ কৰাৰ নামত যিমানেই উগ্র সাম্প্রদায়িকতাৰ বিষবাষ্প বিয়পাব সিমানেই আঘাতপ্রাপ্ত হ’ব কংগ্রেছৰ ধর্মনিৰপেক্ষ চৰিত্র৷ এনে অৱস্থাত ২০২১ৰ বিধানসভা নির্বাচনত ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহে গুৰত্বপূর্ণ ভূমিকা গ্রহণ কৰিব লাগিব৷ মাথোঁ উগ্র সাম্প্রদায়িকতাৰ বিষবাষ্প বিয়পাই দি ভোটযুদ্ধত যাতে খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ ভৱিষ্যৎ বিপন্ন নহয় তাৰ প্রতিও অসমবাসী অধিক সচেতন হ’ব লাগিব৷

You might also like