নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিপ্টো কাৰেঞ্চীৰে কেনেকৈ ধন ঘটে?

ইণ্টাৰনেটৰ প্রচলনৰ পিছত পৃথিৱীখন মাত্র দুভাগত বিভক্ত হ’ল৷ বাস্তৱ Real) পৃথিৱী আৰু প্রতিৰূপ পৃথিৱী৷Reel মানে আগৰ চিনেমাৰ ৰীলৰ সকলো অবাস্তৱ যেন লগা কথাই বাস্তৱ হ’বলৈ ধৰিলে৷ কাৰেঞ্চ মানে টকা–পইচাৰ মুদ্রা এটা অৱস্থিতি থকা এটা বস্তু, যাৰে কোনো পণ্য বা শ্রম কিনিব পৰা যায়৷ কিন্তু ক্রিপ্ঢো কাৰেঞ্চীৰ কোনো অৱস্থিতি নাই, কিন্তু তাৰে সকলো ক্রয়–বিক্রয় কৰিব পাৰি৷ মুদ্রাৰ মান নির্ধাৰণ কৰা হয় তাৰ সম মূল্যৰ সোণ বা তেনে সম্পদৰ বিপৰীতে৷ তাৰ বিপৰীতে শ্বেয়াৰ মার্কেটৰ মানৰ ওপৰত ঠিক ‘ডিজিটেল গ’ল্ড’ৰ দৰে৷
বিশ্বৰ বজাৰত সকলোতকৈ প্রভাৱশালী দেশখনৰেই ভাষা আৰু মুদ্রাই স্থান লাভ কৰে৷ আমেৰিকালৈ স্বর্ণ মৃগয়াৰ বাবে যোৱা ইউৰোপীয় জাতিবিলাকৰ খোৱা–কামোৰাৰ মাজত জাত্যাভিমানে গা কৰি উঠে পিছলৈ যোৱাটো শতিকাৰ ২য় দশকত সেয়ে ১ম মহাসমৰলৈ পর্যবসিত হয়৷ মহা শক্তিধৰ দেশবিলাকৰ কঁকাল ভাঙে আৰু সুর্যাস্ত নোহোৱা ব্রিটেইন যুদ্ধবিধ্বস্ত হয়৷ তাৰ আগলৈকে ব্রিটেইনৰ মুদ্রা পাউণ্ড ষ্টার্লিঙেই বিশ্ববজাৰৰ চলতি মুদ্রা বা কাৰেঞ্চী আছিল৷ ইউৰোপীয় পমুৱাসকলৰ সন্মিলিত শক্তিৰে আৰম্ভ হোৱা আমেৰিকা নিজা পৰিচয়েৰে মূৰ দাঙি উঠে৷ প্রভুত স্বর্ণভাণ্ডাৰ আৰু আন আন খনিজ আকৰেৰে ৰত্নগর্ভা আমেৰিকাই নিজৰ পৰিচয়েৰে ‘ডলাৰ’ৰ মুদ্রা প্রচলন কৰে৷ ১ম মহাসমৰত ব্রিটেইনৰ পতনৰ পিছত আমেৰিকাই ব্রিটেইনক উদ্ধাৰ কৰে আৰু বিশ্বৰ বজাৰৰ পৰা পাউণ্ড ষ্টার্লিং এলাগী হয় মার্কিন ডলাৰ হৈ পৰে বিশ্ব বজাৰৰ চলতি মুদ্রা বা কাৰেঞ্চী৷ কোনো এখন দেশৰ টকাই যেতিয়া বিশ্ববজাৰৰ টকা হৈ পৰে সেই দেশখন কেৱল টকাৰ বাবেই আকৌ বেছি চহকী হৈ যায়৷ কিয়নো সেই দেশৰ টকা ছপোৱা মেচিনটো দেশখনৰহে৷ সেয়া কোনো উমৈহতীয়া দেশৰ টকা নহয়৷ বিশ্ব কাৰেঞ্চীৰ এই দেশীয় ছাপটোৱে প্রতিদ্বন্দ্বী আন উন্নত অর্থনীতিক আঘাত দিয়ে৷ তাৰ পৰা নিষৃকতি পাবলৈকে ইউৰোপীয় দেশসমূহে সমূহীয়া এক কাৰেঞ্চীৰ আৱিষ্কাৰ কৰিলে যাক ‘ইউৰো’ বুলি কোৱা হ’ল (যদিও উগ্র জাতিদম্ভৰ ব্রিটেইন তাৰ পৰা ওলাই গ’ল৷)৷ জাপান, দক্ষিণ কোৰিয়া, চীন, ছিংগাপুৰ আদি উন্নত অর্থনীতিৰ দেশবোৰে আন প্রভাৱ খটুৱাব পৰা দেশবোৰত মার্কিন ডলাৰ অবিহনেই নিজা নিজা টকাৰে ব্যৱসায় কৰাৰ প্রৱণতা ৰাখে৷ মার্কিন ডলাৰৰ হিচাপত দুপইচা কম হ’লেও নিজা টকাৰে বেপাৰ কৰাৰ সুবিধা বহুত৷ টকা ছপোৱা মেচিনৰ গৰাকীক বিশ্বাসত লোৱা সহজ নহয়৷ ইণ্টাৰনেটৰ ব্যাপক জনপ্রিয়তাৰ লগে লগে নেট বেংকিঙৰ দৰে কথাবোৰ আহিল৷ কোনো ছপোৱা টকা পইচা বা চেক ড্রাফ্ট অবিহনেই ম’বাইলৰ দ্বাৰা বেপাৰ–বণিজ কৰিব পৰা হ’ল৷ তাতো ঠগবাজি ৰোধ কৰিবলৈ কেতবোৰ কিটিপ কৰিব লগা হ’ল৷ কিটিপৰ কাৰেঞ্চীয়েই ক্রিপ্ঢো কাৰেঞ্চী৷ কিন্তু ডলাৰ, য়ুৱান, য়েনৰ দৰে দেশীয় টকা নহয়৷
বর্তমান পৃথিৱীখন সৰু হৈ আহিছে৷ মহাত্মা গান্ধী বিলাতলৈ যাওঁতে ভাপ জাহাজত ছমাহ লাগিছিল৷ (ভাৰা আছিল আজিৰ মূল্যমানত প্রায় আঠ লাখ টকা৷) বর্তমান আঠ ন ঘণ্টা লাগে (ভাৰা কুৰি হাজাৰৰ ভিতৰত)৷ ভৱিষ্যবিদ futurologist)সকলৰ মতে অহা দহ বছৰত এই ভাৰাৰ মূল্য চাৰিভাগৰ এভাগলৈ আহিব৷ কিয়নো বেটেৰীচালিত আৰু বৈমানিকহীন বিমান ওলাব৷ মাহেকে–পষেকে মানুহ দেশ–বিদেশলৈ যাব৷ পর্যটনৰ এই বিশাল দপদপনিত ডলাৰৰ দৰে দেশীয় ছাপৰ মুদ্রাৰ ওপৰত নির্ভৰতা কমিব৷ হাতে হাতে ক্রিপ্ঢো কাৰেঞ্চী হ’ব৷ দেশীয় মুদ্রাৰ লেনদেন কমি যাব৷ দেশীয় কৰ–কাটল ব্যৱস্থাৰ বিৰাট পৰিৱর্তন হ’ব৷
২০০৮ চনত ‘বিটকইন’ নামৰ তেনে এক কাৰেঞ্চী আৰম্ভ কৰিছিল৷ প্রায় দুবছৰলৈকে বিনামূলীয়াকৈ বিটকইন দিয়া হৈছিল৷ সেইটোৱেই নিয়ম৷ যিকোনো ক্রিপ্ঢো কাৰেঞ্চ বিনামূলীয়াকৈ কৰা হয়৷ নির্দিষ্টসংখ্যক লোকৰ মাজত সমগ্র বিশ্বলৈকে জনপ্রিয় হোৱাৰ পিছত ইয়াৰ ‘ড্রেডিং’ আৰম্ভ হয়৷ ইণ্টাৰনেটৰ বিভিন্ন ব্লগ, বিজ্ঞাপন, বিজ্ঞাপনৰ সমঝদাৰীকে ধৰি আন বহু কামত বিটকইনৰ ব্যৱহাৰ কৰি মানুহৰ মাজত জনপ্রিয় কৰি তোলা হ’ল৷ দুহেজাৰ আঠ চনত কোনো পইচা নিদিয়াকৈ বিটকইনত সোমোৱা মোৰ এক মাৰোৱাৰী বাল্যবন্ধুৰ বর্তমান জমা হোৱা ধনৰ পৰিমাণ প্রায় পঞ্চাশ লাখৰ বেছি, কোনো গাঁঠিৰ ধন বিনিয়োগ কৰা নাছিল৷ বিটকইনৰ বিনামূলীয়া একাউণ্ট খুলিবলৈ মোক বাৰে বাৰে বহুজনে কোৱাৰ পিছতো মোৰ গা নলৰিল৷ এতিয়া সম্বিত পাইছোঁ৷ কি বিৰাট ভুল নকৰিলোঁ৷
ক্রিপ্ঢো কাৰেঞ্চীয়ে কেনেকৈ কাম কৰে? এই বিষয়ে জানিবলৈ আমি বর্তমানৰ কম্পিউটাৰৰ একাউণ্টিং ব্যৱস্থা আৰু বেংকৰ হিচাপ ৰখা পদ্ধতিৰ বিষয়ে কিছু কথা জানিব লাগিব৷ সকলো ধৰণৰ বাণিজ্যিক প্রতিষ্ঠানৰে ইণ্টাৰনেটযোগে লেনদেন ব্যাপক হাৰত বাঢ়িছে৷ তাৰ বাবে সকলোৰে কামত অহাকৈ ভাগে ভাগে হিচাপ খুলিবলগীয়া হৈছে৷ ইয়াকে ‘ডিষ্ট্রিবিউটেড লেজাৰ’ বোলে৷ দুটা প্রতিষ্ঠানৰ মাজত হোৱা লেনদেনবোৰ প্রতিটো লেনদেনৰ পিছতে সেই লেনদেনৰ লগত জডিত আনবোৰ একাউণ্টলৈকো হিচাপটো যায় আৰু তাৰ লগতো লেনদেন হয়৷ সেয়ে ব্লক চেইন৷ উদ্যোগবোৰত ব্লক চেইনৰ এৰাব নোৱৰা সম্পর্ক হৈছে৷ এই ব্লকচেইন প্রযুক্তিয়ে ইয়াৰ পাৰস্পৰিক প্রত্যয় জন্মাব পৰা গুণৰ বাবে আৰু বিকেন্দ্রীকৃত গুণৰ বাবে সমগ্র বিশ্বতে অত্যাৱশ্যকীয় ৰূপ লৈছে৷ বিত্তীয় সেৱাত নিয়োজিত প্রতিষ্ঠানসমূহে এই ব্লক চেইন ব্যৱস্থাৰ সৈতে প্রথম প্রথমে নিয়োজিত হৈছিল, কিন্তু বর্তমান দেখা গৈছে সকলো উদ্যোগ বা বাণিজ্যিক প্রতিষ্ঠানেই এই ব্লকচেইন বোৰৰ সৈতে জডিত হৈছে৷ দেশীয় মুদ্রা বা ফিয়েট কাৰেঞ্চীসমূহ বেংকৰ সৈতে প্রত্যক্ষভাৱে জডিত হৈ থাকে আৰু সেই বেংকসমূহৰ লেনদেন কেন্দ্রীয় বেংকৰ (আমাৰ দেশতRBI) নিৰীক্ষণত থাকে৷ ক্রিপ্ঢো কাৰেঞ্চীৰ কথা সুকীয়া৷ ই কেৱল এটা হিচাপ, ইয়াৰ কোনো বাস্তৱিক মুদ্রা ৰূপ নাথাকে৷ আনফালে বিকেন্দ্রীকৃত হিচাপবোৰ Decentralised ledger) এটা ঠাইতে ৰখা নহয়৷ প্রত্যেকবাৰতে এটা নতুন হিচাপৰ পৰিৱর্তনৰ পিছত এটা ন’ডে Node) প্রথমে লেনদেনটো পৰীক্ষা কৰে তাৰ পিছত লেজাৰৰ এক নতুন কপী গ্রহণ কৰে৷ যি কি নহওক, ব্লক চেইনৰ এই ডাটাবোৰ ইণ্টাৰনেটত উপলব্ধ হৈ থাকে৷ তাক যিকোনো লোকে কম্পিউটাৰৰ সহায়ত ডাউনলোড কৰি পূর্ণকালীন ন’ড হিচাপে কাম কৰিব পাৰে৷ এই ন’ড হৈছে কম্পিউটাৰ হিচাপ নিৰীক্ষণৰ এক ব্যৱস্থা৷ এটা ‘সম্পূর্ণ ন’ড’ হৈছে কম্পিউটাৰৰ দ্বাৰা ব্লকচেইনবোৰৰ সৈতে সংযোগ স্থাপন কৰা ব্যৱস্থা৷ এই ব্লকচেইনসমূহত ক্রিপ্ঢো কাৰেঞ্চীৰে সহজেই লেনদেন কৰিব পাৰি আন দেশীয় কাৰেঞ্চীৰ তুলনাত৷ সেয়ে বজাৰত অসংখ্য ক্রিপ্ঢো কাৰেঞ্চী ওলাইছে৷
বিটকইনৰ দৰে আনবহুতো ক্রিপ্ঢো কাৰেঞ্চী এতিয়া আহিছে৷ বজাৰত উপলব্ধ হোৱাৰ আগতে ক্রিপ্ঢো কাৰেঞ্চীসমূহ বিনামূলীয়াকৈ সংগ্রহ কৰাৰ সুবিধা আছে৷ বজাৰত লিষ্টিং হোৱাৰ লগে ক্রিপ্ঢো কাৰেঞ্চীৰ দাম হো হোকৈ বাঢ়ি যায় আৰু অর্থৰ বিনিময়ত কিনিবলগীয়া হয়৷ আন কথাত বিনামূলীয়া অৱস্থাত সংগ্রহ কৰা এনে ক্রিপ্ঢো কাৰেঞ্চী বিনামূলীয়াকৈ লোৱা শ্বেয়াৰৰ দৰে৷ তেনে এটা হৈছে প্রমোচনেল পর্যায়ত থকা ক্রিপ্ঢো কাৰেঞ্চী হৈছে ‘পাই’৷ ষ্টেনফ’ড বিশ্ববিদ্যালয়ৰ কেইজনমান অর্থশাস্ত্রীয়ে ‘পাই’ Pi) নাম দি এবিধ ক্রিপ্ঢো কাৰেঞ্চী বজাৰলৈ আনিছে৷ ইয়ে বিটকইন আৰু আন ক্রিপ্ঢো কাৰেঞ্চীলৈ যথেষ্ট প্রতিযোগিতা আনিব৷ পণ্যৰ বজাৰত যি দেখিছোঁ প্রথম উদ্ভাৱনৰ পিছত প্রথমটোতকৈ আসোঁৱাহমুক্ত ২য় পর্যায়ৰ পণ্যটোহে বজাৰত বেছি চলে৷ বিশেষকৈ অদৃশ্যমান মায়াময় ইণ্টাৰনেটৰ দুনীয়াত৷ সামাজিক মাধ্যমorkut ওলাল ব্যাপক হৈ চৈ হৈ গ’ল৷ কিয়নোorkut আছিল প্রথম উদ্ভাৱন৷ কিন্তু তাৰ পিছতে আহিল ‘ফেচবুক’ ফেচবুকে অর্কুটক ধুই নি নিঃশেষ কৰিলে৷ ই–মেইলৰ ক্ষেত্রতো একেটা কথা খাটে৷ প্রথম প্রথম হট মেইলেৰে আৰম্ভ হ’ল৷ কিন্তু য়াহুৱে হটমেইল শেষ কৰিলে৷ য়াহুতকৈ জি–মেইলৰ পয়োভৰ এতিয়া বেছি৷ সেয়ে এতিয়া ‘পাই’ ল’ব লাগে পাই৷
কেনেকৈ সংগ্রহ কৰিব? ইণ্টাৰনেটত Pi) এপ উপলব্ধ৷ তেনে এটি এপ সংগ্রহ কৰি আপুনি সদস্য হ’ব পাৰে৷ কিবা অসুবিধা পালে মোৰ ফোন নম্বৰত (৮৬৩৮৭–৭৭৩০২ Whatsapp যোগে যোগাযোগ কৰিব পাৰে৷ ষ্টেনফ’ডৰ অর্থশাস্ত্রীসকলে কামত খটুৱাই আপোনাৰ প্রাপ্য ভাগ আপোনাৰ মোনাত wallet) জমা ৰাখিব৷ তাক খনিওৱা বা মাইনিং Mining) বোলে৷ দিনটোত এবাৰ এপটো খুলিmining কৰিব৷ আশা কৰোঁ অহা দহবছৰৰ পিছত আপুনি এজন কোটিপতি হ’ব পাৰিব৷ আশা কৰাত কি অসুবিধা?

You might also like