DECODING জীৱন : সাধাৰণ হোৱাৰ ভয়
🔹 ড০ পার্থসাৰথি মহন্ত
এটা সময় আছিল– সাধাৰণ জীৱন এটাক আশীর্বাদ বুলি গণ্য কৰা হৈছিল৷
এখন সুস্থিৰ কর্মক্ষেত্র, সন্তান ক্রমাৎ ডাঙৰ হৈছে, পিতৃ–মাতৃ ভালদৰে আছে, চাপ–চিন্তা নোহোৱা গধূলি– এখন শান্তিপূর্ণ ঘৰ৷ সেয়াই যথেষ্ট আছিল৷
জীৱনটো চকুত পৰা হৈছে নে নাই কোনেও প্রশ্ণ কৰা নাছিল৷ জীৱনৰ সুস্থিৰতা, মর্যাদা আছে নে নাই সেয়াহে গুৰুত্বপূর্ণ আছিল৷ জাক এটাত জিলিকি উঠা মানেই সন্মান অহা নাছিল, সুস্থিৰতাৰ পৰাহে আহিছিল৷
আজি কিবা এটা সলনি হৈছে৷
মানুহে এতিয়া পৰিৱর্তনক ভয় নকৰে৷ পৰিৱর্তনে অনা অস্থিৰতাকো ভয় নকৰে, তুচ্ছতাক ভয় কৰে, কোনেও নাজানে, কোনেও প্রশংসা নকৰে– তেওঁ ব্যতিক্রমী নহয়৷ ভয়৷ ডাঙৰ ভয়৷ ভয়টো নিস্তব্ধ যদিও অহৰহ– সাধাৰণ হোৱাৰ ভয়৷
এই ভয় সততে চকুত নপৰে৷ উচ্চাকাংক্ষাৰ আঁৰত ই লুকাই থাকে– অধিক সফল হোৱাৰ হেঁপাহৰ আঁৰত, চকুত পৰাৰ প্রয়োজনীয়তাৰ আঁৰত, কোনেও নিবিচাৰিলেও কিবা এটা প্রমাণ কৰাৰ চাপৰ আঁৰত৷ প্রশ্ণটো জীয়াই থকাৰ নহয়– গুৰুত্বৰ৷ জীৱনটো এনে হৈ পৰে যে দৃশ্যমান হ’বই লাগিব৷
তুলনাই এই ভয় বঢ়াই দিয়ে৷ মানুহে এতিয়া অনবৰতে আনৰ জীৱন দেখা পাই থাকে– বিশেষকৈ ভালখিনি, আনে দেখুৱাব খোজাখিনি৷ আনবোৰ অনবৰতে সফল, তেওঁলোকৰ জীৱন এক উদযাপন৷ আমাৰ এনে লাগে৷ লগে লগে নিজৰ সাধাৰণ দিনবোৰ বিফলতা যেন লগা হয়৷ আনৰ দ্রুত উত্থানৰ তুলনাত নিজৰ সুস্থিৰ কেৰিয়াৰ নিস্তেজ যেন লাগে৷ সাধাৰণ হোৱা মানেই যেন পিছপৰি ৰোৱা৷
আমি সলনি কৰি পেলাও জীৱনৰ পছন্দ৷ পৰিপূর্ণতাতকৈ আমাক দৃশ্যমানতা লগা হয়৷ জীৱনটো হৈ পৰে এক পৰিৱেশন৷ কামটো কিমান আকর্ষণীয়– সেইটোৱেহে নির্ধাৰণ কৰে কামৰ মূল্য৷ দর্শনীয় হ’বলৈ গৈ আমি ব্যক্তিগতভাৱে জীয়াই থাকিব নোৱাৰা হৈ পৰোঁ৷
সাধাৰণ জীৱনত পুনৰাবৃত্তি থাকে, চিনাকি কথা–বতৰা, নিয়মীয়া দায়িত্ব– এসময়ত এইবোৰ আছিল জীয়াই থকাৰ ছন্দ৷ এতিয়া পুনৰাবৃত্তি যেন স্থবিৰতা৷ আমি পৰিৱর্তনৰ পিছত দৌৰিব খোজো৷
বিশেষ হৈ থাকিবলৈ কৰা চেষ্টাৰ এটা ভাগৰ আছে৷ ভিতৰৰ পৰা মানুহ ভাগৰুৱা হৈ পৰে৷ বিশেষ হোৱাটো এটা নির্দিষ্ট লক্ষ্যবিন্দু নহয় যে উপনীত হ’লেই জিৰণি ল’ব পাৰি৷ ইয়াক বজাই ৰাখিব লাগিব৷ প্রতিটো কৃতিত্বই এক নতুন আশাৰ সৃষ্টি কৰে– প্রতিটো সফলতাই এক নতুন মানদণ্ড৷ বর্তমানৰ লক্ষ্যত উপনীত হোৱাৰ সকাহটো একেবাৰেই সাময়িক– অলপ পাছতে এটা নতুন চাপ–ইয়াৰ পিছত কি হ’ব? কাৰণ চকুত পৰাটোৱেই হৈ পৰে পৰিচয়৷
সাধাৰণ হোৱাৰ ভয়ে এক অদ্ভুত নিঃসংগতাৰো সৃষ্টি কৰে৷ মানুহ নথকাৰ নিঃসংগতা নহয়, মানুহৰ মাজত সহজ হ’ব নোৱাৰাৰ নিঃসংগতা৷ কথা-বার্তা জুখি-মাখি, মতামত সযতনে– আনৰ লগত একে হ’ব নোৱাৰি– কাৰণ আনৰ লগত একে হোৱা মানেই সাধাৰণ৷
এই ভয়ে নীৰৱে প্রভাৱিত কৰে সম্পর্ক৷ মানুহে জীৱনৰ তুলনা কৰিবলৈ লয়৷ প্রেমৰ মূল্যায়ন হয়, সময়ৰ মূল্যায়ন হয়৷ সংযোগৰ বাবে নহয়, স্বীকৃতিৰ বাবেহে আনন্দৰ প্রয়োজন হয়৷
আমি ভাবোঁ– ‘অসাধাৰণ’ জীৱনে শান্তি আনিব৷ আমি পাহৰি যাওঁ শান্তি মানুহৰ মাজত থকাৰ পৰাহে আহে৷ স্বীকৃতি নাপালেই অর্থপূর্ণ কাম এটা সৰু হৈ নাযায়, ৰোমাঞ্চকৰ নহ’ল বুলিয়েই শান্ত জীৱন এটা অসম্পূর্ণ হৈ নাযায়৷ এইটো উপলব্ধি নকৰাৰ কাৰণেই আমি ভোকত থাকোঁ– আনতকৈ বেলেগ হোৱাৰ ভোক– পার্থক্যৰ ক্ষুধা৷ পার্থক্য বিচাৰি আমি পূর্ণতাৰ পৰা আঁতৰি গৈ থাকোঁ৷
বহুতে এই কথা পলমকৈ আৱিষ্কাৰ কৰে৷ এটা সময়ত এটা অদ্ভুত শূন্যতা লক্ষ্য কৰে৷ লক্ষ্যত উপনীত হ’ল, স্বীকৃতি আহিল– কিন্তু অস্থিৰতা ৰৈ গ’ল৷ কাৰণ সমস্যাটো কৃতিত্বৰ অভাৱ নাছিল–আছিল কেৱল মানুহ হোৱাৰ ভয়৷
সেয়েহে জীৱনত এনে এটা মুহূর্ত আহে– দেহ-মন-মগজুৱে সঁচা কথা ক’বলৈ আৰম্ভ কৰে৷ কেৱল সফলতাই যদি পূর্ণতা নানে, এটা প্রশ্ণ উদয় হয়– সাধাৰণ হোৱাত একো দোষ নাই নেকি?
অলক্ষিতে থকা মানেই সাধাৰণ নহয়৷ সাধাৰণ হ’ল স্বাভাৱিক৷ ইয়াৰ অর্থ হ’ল নিজৰ অৱস্থান, অহৰহ জুখি নথকাকৈ জীয়াই থকা৷ দিন এটা অর্থপূর্ণ হ’বলৈ স্মৰণীয় হ’ব নালাগে৷ কথা-বতৰা উষ্ণ হ’বলৈ ৰাজহুৱা মঞ্চত নাপাতিলেও হয়৷ কেৰিয়াৰ এটা মর্যাদাপূর্ণ হ’বলৈ দর্শনীয় নহ’লেও হয়৷ এই কথাখিনি উপলব্ধি কৰাৰ লগে লগে আমি ঘূৰি আহোঁ আমাৰ অস্তিত্বলৈ৷ অসাধাৰণ একো নাথাকিলেও আমি গভীৰতা বিচাৰি পাওঁ৷
আনক আকর্ষণ কৰাৰ প্রয়োজন নোহোৱা হোৱাৰ লগে লগে এটা ডাঙৰ সকাহ পোৱা যায়৷ কথা সহজ হৈ পৰে, হাঁহি স্বাভাৱিক হৈ পৰে৷ সম্পর্ক গভীৰ হৈ পৰে, তুলনাৰ ঠাই লয় আপোন ভাবে৷
সাধাৰণতাক গ্রহণ কৰিলে প্রচেষ্টা নাইকিয়া নহয়, দিশ সলনি হয়– উচ্চাকাংক্ষাৰ সলনি জীৱনক ভাল কৰাৰ দিশত প্রচেষ্টা৷ স্বীকৃতিৰ পিছত দৌৰাৰ সলনি কাম হৈ পৰে অৱদান৷ কৃতিত্ব এতিয়াও আহে, কিন্তু পৰিচয়ৰ বোজা হৈ নপৰে৷ সফলতা হৈ পৰে এটা পৰিঘটনা, সংজ্ঞা নহয়৷ বিফলতা হৈ পৰে এটা অভিজ্ঞতা, পতন নহয়৷
সাধাৰণ জীৱনে মনোযোগ পুনৰ ঘূৰাই আনে৷ যেতিয়া অসাধাৰণ হোৱাৰ প্রয়োজন নাথাকে, সৰু সৰু কথাবোৰ আকৌ চকুত পৰে৷ জীৱনটো পুনৰ নিজৰ হৈ পৰে৷
সাধাৰণ হোৱাটো মানি লোৱাটো জীৱনক সংকুচিত কৰা নহয়, জীৱনক আৰু গভীৰভাৱে উপলব্ধি কৰাটো৷