নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রাগ্ছ

বিজনী মোৰ ওপজা ঠাই৷ এখন তেনেই সৰু চহৰ৷ ঠাইখন মূলতঃ কৃষিপ্রধান৷ উদ্যোগ বুলিবলৈ একো নাই৷ বেপাৰ–বাণিজ্যৰ পৰিসৰো তেনেই সীমিত৷ বেছিভাগেই ক্ষুব্ধ ব্যৱসায়ী৷ অর্থাৎ অর্থনৈতিক আকাৰ বৰ বিশেষ ডাঙৰ বা শক্তিশালী নহয়৷ চহৰখনৰ পৰা বিগত চাৰি–পাঁচ বছৰ ধৰি এটা খবৰ প্রায়েই পাওঁ– ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ৷ এই খবৰ সংবাদ মাধ্যমতো প্রকাশ পায়৷ গাটো জিকাৰ খাই উঠে৷ সৰু চহৰখনত এই বৰবিহৰ অবৈধ বেহা কোনে পাতিছে? সৰু চহৰখনত কিদৰে সম্ভৱ ব্যয়বহুল নিচাজাতীয় নিষিদ্ধ দ্রব্যৰ বেহা? খবৰ লৈ গম পালোঁ, গ্রাহকসকলৰ বেছিভাগেই যুৱপ্রজন্মৰ৷ শিক্ষার্থীও আছে৷ তেওঁলোকক হেৰ’ইন, ব্রাউন ছুগাৰৰ দৰে ড্রাগছ ক্রয় কৰিবলৈ নিয়মিতভাৱে বুজন পৰিমাণৰ ধন আৱশ্যক হ’ব বা হয়৷ এই ধন পায় ক’ৰ পৰা? নে ঠিকা–ঠুকলি, চোৰাং বেহা বা বিভিন্ন অবৈধ উপায়েৰে বুজন পৰিমাণৰ ধন উপার্জন কৰা নষ্ট–ভ্রষ্ট পিতৃ–মাতৃ, অভিভাৱকৰ অহেতুক মৰমৰ পার্শ্বক্রিয়া এয়া অপৰাধ বৃদ্ধিৰো ই এটা কাৰণ হ’ব পাৰে৷ হ’ব পাৰে মানে হয়েই৷ ছবিখন কিন্তু অকল বিজনীৰেই নহয়৷ অবাঞ্ছিত, অকল্পনীয় ছবিখন সমগ্র অসমৰ৷ ৰাজ্যখনত চৰম উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ড্রাগছৰ সৰবৰাহ৷ সন্দেহ নাই, চাহিদা বৃদ্ধি পোৱা বাবেই ড্রাগছৰ সৰবৰাহ বাঢ়িছে৷ সৰবৰাহকাৰীৰ সংখ্যা বাঢ়িছে৷ আৰু এটা কথা তর্কাতীতভাৱে প্রতিপন্ন হৈছে যে যুৱ সমাজৰ ড্রাগছৰ প্রতি আকর্ষণ সর্বাধিক৷ কাৰণ লাগিলে যিয়েই নহওক৷ ইয়াৰ পৰা এইটো বুজাত কঠিন নহয় যে অসমত ইতিমধ্যে যুৱ সমাজৰ এটা অংশ ইতিমধ্যে ড্রাগছৰ জালখনত বন্দী হৈ পৰিছে৷ আৰু ইয়াৰ আকাৰ দিনে দিনে বাঢ়ি আছে৷ সমান্তৰালকৈ ৰাজ্যখনৰ অন্ধকাৰময় ভৱিষ্যতৰ গাঁতটোও ক্রমশঃ গভীৰ আৰু বহল হৈ গৈ আছে৷ কিন্তু কিয়?
দীর্ঘদিন ধৰি ড্রাগছৰ সেৱনে মানৱ মস্তিষ্কৰ কগনিটিভ বা পৰিস্থিতি অনুযায়ী সিদ্ধান্ত গ্রহণ কৰিব পৰা ক্ষমতা নষ্ট কৰি দিয়ে৷ মগজুৰ শিক্ষা, সিদ্ধান্ত গ্রহণ, ব্যৱহাৰ আদি নিয়ন্ত্রণ কৰা অংশবোৰ ক্ষতিগ্রস্ত হয়৷ লগতে ড্রাগছত আসক্তজনৰ ডিপ্রেছন আৰু অন্যান্য মানসিক ৰোগৰ চিকাৰ হয়৷ যুৱ সমাজ এখন বা সমাজখনৰ এটা অংশ যদি এনেধৰণৰ হয়, সেই সমাজখনৰ বর্তমান আৰু ভৱিষ্যৎ কেনে ভয়ংকৰ হ’ব পাৰে, সেয়া কল্পনা কৰিলেও বুকুখন কঁপি উঠে৷ মানৱ সম্পদৰ এনে অৱক্ষয় যিকোনো মূল্যৰ বিনিময়ত ৰোধ কৰিব লাগিব৷ অসমখনক এটা সক্ষম–সামর্থ্যৱান, শক্তিশালী, উপযুক্ত শিক্ষাৰে শিক্ষিত উদ্যমী যুৱ সমাজৰ দৰকাৰ৷ আমাক পংগু যুৱ সমাজ নালাগে৷ এখন প্রগতিশীল অসমৰ বাবে সমাজখনত ইয়াৰ এক বিন্দুও স্থান নাই৷
পাতনি অলপ দীঘলীয়া হৈছে৷ সমস্যাটো ভবাতকৈ অধিক গভীৰ আৰু গুৰুত্বপূর্ণ৷ নিমিষতেই যেন এটা সমস্যাই বিশালকায় দৈত্যৰ ৰূপ ধাৰণ কৰি ল’লে৷ ইয়াৰ বাবে চৰকাৰক জগৰীয়া নকৰি নোৱাৰি৷ শেহতীয়াকৈ ৰাজ্যখনৰ চৌদিশে ড্রাগ্ছসহ নিচাজাতীয় দ্রব্যৰ বিৰুদ্ধে সংগঠিত ৰূপত অভিযান চলিছে৷ কিন্তু বৰবিহটোৰ চোৰাং বেহা আৰু ব্যৱহাৰ অসমত এদিনতে বৃদ্ধি পোৱা নাই৷ এটা গতিত গৈ গৈ আজিৰ দুৰৱস্থা পাইছে৷ কথাটো আনে নাজানিলেও আৰক্ষী বিভাগে ভালদৰে জানে৷ বিভাগটোৱে বিগত কিছু বছৰ ধৰি ড্রাগ্ছ ব্যৱসায়ী–সৰবৰাহ গ্রেপ্তাৰ কৰি আহিছে৷ তেওঁলোকক জেৰা কৰি বিভিন্ন তথ্য লাভ কৰি আহিছে৷ ইয়াৰ জৰিয়তে ভৱিষ্যতৰ অসমখনৰো ছবি এখন বিভাগটোৱে অংকন কৰি লৈছে নিশ্চয়৷ আনহাতে, আৰক্ষীয়ে জানে মানে গৃহ বিভাগে জানে৷ বিভাগটো মূলতঃ ৰাজনৈতিক নেতৃত্বৰ দ্বাৰা পৰিচালিত৷ অর্থাৎ চৰকাৰে সকলো জানে৷ জানিও বিগত সময়ছোৱাত ড্রাগ্ছৰ বিৰুদ্ধে অসমত ফলপ্রসূ অভিযান চলোৱা নহ’ল৷ কিয়? সদিচ্ছাৰ অভাৱ? সমস্যাৰ গভীৰতাক অনুধাৱনৰ অক্ষমতা নে আন কিবা? বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনৰ কথাকেই যদি ধৰা হয়, পূর্বৰ শাসন কালটোত প্রায় একেখিনি মানুহেই চৰকাৰত আছিল৷ আৰক্ষী প্রশাসনতো আছিল৷ কিন্তু দ্বিতীয়টো কার্যকালত দায়িত্ব গ্রহণ কৰিয়েই একেটা মিত্রজোঁটৰ চৰকাৰে ড্রাগ্ছসহ বিভিন্ন নিচাজাতীয় দ্রব্যৰ বিৰুদ্ধে মিছন মোডত অভিযান আৰম্ভ কৰিলে৷ মুখ্যমন্ত্রীগৰাকীয়ে শেহতীয়াকৈ প্রতিদিনে সামাজিক মাধ্যমৰ জৰিয়তে প্রতিদিনে আৰক্ষীয়ে চলোৱা অভিযানত কিমান পৰিমাণৰ ড্রাগছ–নিচাজাতীয় সামগ্রী জব্দ হ’ল, কিমানজনক গ্রেপ্তাৰ কৰা হ’ল, কিমানটা অভিযান চলোৱা হ’ল, সেই বিষয়ে তথ্যসহকাৰে ৰাইজক জনাবলৈ ল’লে৷ পার্থক্যটো কিজানি মুখ্যমন্ত্রী পর্যায়ত৷ পূর্বৰ মুখ্যমন্ত্রীগৰাকীয়ে হয় সমস্যাটোৰ গভীৰতা অনুধাৱন কৰাত ব্যর্থ হৈছিল, নহয় ড্রাগছৰ বিৰুদ্ধে সর্বাত্মক অভিযান চলোৱাত তেওঁৰ আগ্রহ নাছিল৷ দুয়োটাই অসমৰ ভৱিষ্যতৰ কাৰণে মংগলজনক নহয়৷ অসমক প্রকৃতার্থত বিকশিত ৰূপত কল্পনা কৰা মানুহ এজনে প্রথমেই যুৱ সমাজৰ অৱস্থানলৈ লক্ষ্য কৰে৷ কথাটো তেনেই সৰল৷ যুৱ সমাজক উপেক্ষা কৰি কোনো ৰাষ্ট্র বা দেশে উন্নতি সাধন কৰিব নোৱাৰে৷ অসমত যুৱ সমাজখন লাহে লাহে ড্রাগ্ছৰ ক’লা জগতখনলৈ ধাৱমান হৈছে৷ ইয়াক কেতিয়াবাই ৰোধ কৰিব লাগিছিল৷ সময় এতিয়াও আছে৷ সেয়ে আমি ভাবি লৈছোঁ যে বর্তমানে অসমৰ চৌদিশে চৰকাৰে যি ড্রাগ্ছবিৰোধী অভিযান চলাই আছে, সেয়া মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দূৰদর্শী চিন্তাৰ ফচল৷ ইয়াক জন আন্দোলনৰ ৰূপ দিব পাৰিলে অসমখন ড্রাগ্ছৰ কবলৰ পৰা মুক্ত হ’বলৈ বেছি সময় নালাগিব৷ কিন্তু চলি থকা অভিযানে নিজে নিজে কিছুমান প্রশ্ণৰ অৱতাৰণা ঘটাইছে৷ তাৰ উত্তৰ কিন্তু অদ্যাপি অহা নাই৷ আচলতে অসমখন ড্রাগছমুক্ত হ’বনে নাই, প্রশ্ণকেইটাৰ উত্তৰতহে সেইটো নির্ভৰ কৰিব৷ অসমত এতিয়ালৈকে ড্রাগছ সৰবৰাহকাৰীহে মূলতঃ গ্রেপ্তাৰ হৈছে৷ ৰৌ–বৰালি হাতত পৰা নাই৷ ইয়াৰ সৈতে আন্তর্জাতিক অশুভ চক্র জডিত হৈ আছে৷ অসমলৈ সেই চক্রৰ পৰা ড্রাগ্ছ অনা লোকৰ সংখ্যা বৰ বেছি নহ’ব৷ তেওঁলোক আজিও আটক হোৱা নাই৷ গুৰিটো তজবজীয়া হৈ থাকিলে, ডাল–পাত কাটিলেও গছডাল মৰহি নাযায়৷ সময়ত পুনৰ ডাল–পাত মেলিব৷ আকৌ পূর্বৰ দৰে দুৰৱস্থা উভতি আহিব৷ ড্রাগ্ছৰ সৈতে আন এটা সমস্যা জডিত হৈ আছে৷ নিয়মীয়াকৈ ড্রাগ্ছ সেৱন কৰা লোকে ড্রাগ্ছ অবিহনে জীয়াই থকাটো কল্পনা কৰিবই নোৱাৰে৷ ই এটা নতুন সমস্যাৰ সৃষ্টি কৰিব৷ এইটোক চৰকাৰে গুৰুত্ব নিদিলে ৰাজ্যখনে কম সময়ৰ ভিতৰত আন এটা সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ অৱশ্যে চিকিৎসা বিজ্ঞানত ইয়াৰ সমাধান আছে৷ যি কি নহওক, ড্রাগ্ছৰ বিৰুদ্ধে চৰকাৰী অভিযান ভৱিষ্যতৰ অসমৰ বাবে এটা আশাৰ খবৰ৷ মুখ্যমন্ত্রী ড০ শর্মাই অভিযানটোক আধাতে সামৰি নথ’ব বুলি আমাৰ বিশ্বাস৷

You might also like