নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিচাৰ সাম্রাজ্য

 ড্রাগ্ছ, নিচাযুক্ত সামগ্রীবোৰ অসমৰ বাবে মাত্র কেইটামান দশক পূর্বলৈকে আছিল নতুন শব্দ৷ অসমৰ মানুহে ড্রাগ্ছ বুলি ক’লে লেটিন আমেৰিকা আৰু আফ্রিকান দেশসমূহৰ অপৰাধী চক্রবোৰৰ কথাহে জানিবলৈ সক্ষম হৈছিল৷ হেৰ’ইন, কোকেইন, মাৰিজুৱানা আদি ড্রাগ্ছবোৰক লৈ লেটিন আমেৰিকাত জন্ম লৈছিল অপৰাধী চক্রবোৰ৷ আনকি সামুদ্রিক জলদস্যুৰ গোটবোৰো ড্রাগ্ছৰ বেহাক লৈয়ে চলি আহিছে৷ অসমীয়া জনসাধাৰণে ড্রাগ্ছ সন্দর্ভত পূর্বে কোনো ধৰণৰ ধাৰণা কৰিব পৰা নাছিল৷ কিন্তু অতি সংগোপনে অসমৰ বুকুত অপৰাধী চক্রবোৰে গঢ়ি তুলিলে ড্রাগ্ছৰ ৰমৰমীয়া বেহা৷ অসমৰ পৰা যুৱতী সৰবৰাহ হয় অন্য ৰাজ্যলৈ৷ মানৱ সৰবৰাহকাৰী অপৰাধী চক্রও এতিয়া অসমত সক্রিয়৷ কেনেদৰে এই কাম হ’বলৈ পালে? অসমৰ দৰে ৰাজ্য এখনত এনে ভয়াৱহ অপৰাধী চক্রবোৰে কেনেদৰে সাংগঠনিক ভেটি বিস্তাৰ কৰিবলৈ সক্ষম হ’ল সেয়া এক বিচার্যৰ বিষয়৷ তাহানি ব্রিটিছৰ পূর্বৰ অসমত চলিছিল কানিৰ বেহা৷ ‘কানি খোৱা অসমীয়া’ বুলি বহিঃৰাজ্যত অসমীয়া জনসাধাৰণক বিদ্রূপ কৰা হৈছিল আহোমৰ শাসনতে৷ সেই অসম এতিয়া কানিখোৱা নিচাখোৰৰ ৰাজ্য হৈ থকা নাই৷ আজি অসম হৈ পৰিছে এক নিচা সাম্রাজ্য, গুৱাহাটীৰ অন্য নাম হৈ পৰিছে নিচা নগৰ৷ এই নিচা নগৰ গুৱাহাটীতে শেহতীয়াকৈ চলি আছে ড্রাগ্ছবিৰোধী চৰকাৰী অভিযান৷ প্রতিদিনে ড্রাগ্ছৰ বেহাৰ সৈতে জড়িত অপৰাধীক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ গুৱাহাটীৰ ন ন অঞ্চলৰ পৰা জব্দ কৰা হৈছে বিভিন্ন নিচাযুক্ত সামগ্রী৷ কল্পনাই কৰিব নোৱাৰি যে গুৱাহাটীৰ বুকুত এনেদৰে ভয়াৱহ মাৰাত্মক বিহৰ ৰমৰমীয়া বাণিজ্য চলি আছে৷ কেনেদৰে আৰক্ষী তথা নিৰাপত্তা বাহিনীৰ তীক্ষ্ণ নজৰত থকা গুৱাহাটীত এই মাৰাত্মক বিহৰ বাণিজ্য চলি আছে সেয়া এক আশ্চর্যৰ বিষয়৷ প্রশাসনৰ অজ্ঞাতে এনেদৰে ড্রাগ্ছৰ ব্যৱসায় গুৱাহাটীৰ বুকুত চলি থকাটো জানো সম্ভৱ?

লেটিন আমেৰিকান ৰাষ্ট্র কলম্বিয়া, মেক্সিকো, ইকুৱেডৰ আদিত ড্রাগ্ছক লৈয়েই এক আণ্ডাৰ গ্রাউণ্ড বাণিজ্য চলি আছে, যাক নিয়ন্ত্রণ কৰিব পৰা নাই সেই দেশবোৰৰ চৰকাৰে৷ আনকি ড্রাগ্ছৰ সাম্রাজ্যই তেনে দেশবোৰৰ ৰাজনীতিও নিয়ন্ত্রণ কৰি আছে৷ বহু সন্ত্রাসবাদী সংগঠনৰ চালিকা শক্তি হৈছে ড্রাগ্ছৰ ব্যৱসায়৷ আফগানিস্তান তথা মধ্য এছিয়াৰ বহু ৰাষ্ট্রত সন্ত্রাসবাদীয়ে মুকলি ড্রাগ্ছৰ ব্যৱসায় চলাই আছে৷ সেই ড্রাগ্ছৰ ব্যৱসায়ীয়ে আহি ভাৰততো শিপাইছে৷ আনকি মায়া নগৰী মুম্বাইৰ ছবিজগতৰ বহু অভিনেতা তথা কলা–কুশলী এই ড্রাগ্ছৰ ব্যৱসায়ৰ লগত জড়িত বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈছে৷ আণ্ডাৰ ৱর্ল্ডৰ সৈতে বহু কলা–কুশলীৰ প্রত্যক্ষ যোগাযোগ থকাৰ তথ্য পোহৰলৈ আহিছে৷ কিন্তু অসমত এয়া কেনেদৰে সম্ভৱ হৈছে৷ মূল কথাটোৱেই হৈছে অসমৰ বর্তমানৰ আর্থ–সামাজিক পৰিস্থিতি৷ আজিৰ অপৰাধ সাম্রাজ্যৰ টকবগ অৱস্থাৰ মূল কাৰণ হৈছে ভয়াৱহ কর্মহীনতা৷ জীৱন–জীৱিকাৰ সংগ্রামত হতাশাগ্রস্ত হৈ সহজ ধন ঘটাৰ বাবে বহুতে অপৰাধৰ ক্ষেত্রখনত ভৰি দিছে৷ ইয়াৰ জৰিয়তে আমাৰ ঘৰবোৰলৈ নামি আহিছে অমানিশা৷ প্রতি মুহূর্ততে এক অনিশ্চিত ভৱিষ্যতৰ পথত দৌৰি থকা বহু যুৱক–যুৱতীয়ে বৰবিহৰ জগতখনত ভৰি থ’বলগীয়া হৈছে৷ কেৱল পেটৰ ভাত মুকলি কৰিবলৈ নহয়, সস্তীয়া বিলাসী জীৱন যাপন কৰিবলৈ বহুতে এনে বিহৰ সাম্রাজ্যত ধন ঘটাৰ বাবে নিজকে নিয়োজিত কৰিছে৷ পৰিণতিত প্রতিদিনে সংঘটিত হৈছে ভয়াৱহ অপৰাধ কাণ্ড৷ অবাঞ্ছিত ঘটনাৰ সাক্ষী হ’বলগীয়া হৈছে ৰাজ্যবাসী৷ বহু পৰিয়াললৈ ড্রাগ্ছৰ এই মাৰাত্মক প্রভাৱে নমাই আনিছে বিপর্যয়৷ এই কথাবোৰ অনুধাৱন কৰিব নোৱাৰিলে ড্রাগ্ছৰ সাম্রাজ্য জানো উৎখাত কৰা সম্ভৱ হ’ব? আজিৰ মুহূর্তত এই প্রশ্নটো অতি গুৰুত্বপূর্ণ হিচপে চিহ্ণিত হৈছে৷

You might also like