নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্রীৰ অশ্লীল ভিডিঅ’ মুকলি কৰি সংকটত আপ’ল

নিয়মীয়া বাৰ্তা ৮ জুনঃ এগৰাকী ছাত্রীৰ মেৰামতি কৰিবলৈ দিয়া আইফোন এটাৰ জৰিয়তে ছাত্রীগৰাকীৰ অশ্লীল ফটো তথা ভিডিঅ’ ছ’চিয়েল মিডিয়াত মুকলি কৰি দিয়াৰ পিছত আপ’ল কোম্পানীয়ে ছাত্রীগৰাকীক কেইবা নিযুত ডলাৰ জৰিমনা আদায় দিবলগীয়া হৈছে৷ আপ’ল কোম্পানীৰ এক প্রতিষ্ঠানৰ পৰা দুগৰাকী টেকনিচিয়ানে এই কাম কৰিছিল কেলিফ’র্নিয়াত৷

অৰেগন বিশ্ববিদ্যালয়ৰ ছাত্রী এগৰাকীৰ ম’বাইল ফোন মেৰামতিৰ বাবে দিয়া হৈছিল প্রতিষ্ঠানটোত৷ এই ফোনটোৰ পৰাই এনেদৰে অশ্লীল ছবি তথা ভিডিঅ’ টেকনিচিয়ান দুজনে ছ’চিয়েল মিডিয়াত মুকলি কৰি দিছিল৷ এই ঘটনাক লৈ আমেৰিকাত সৃষ্টি হৈছিল তীব্র প্রতিক্রিয়াৰ৷ আইনী প্রক্রিয়া চলাৰ সময়ত আদালতে আপ’লক ৫ নিযুত ডলাৰৰ জৰিমনা বিহে৷ জৰিমনাৰ এই ধন ছাত্রীগৰাকীক আদায় দিবলৈ নির্দেশ দিয়ে আদালতে৷ লক্ষণীয়ভাৱে গোচৰটোৰ এই ৰায়ৰ পিছতে আমেৰিকাত আপ’ল কোম্পানীৰ বিৰুদ্ধে আৰু বহু অভিযোগ উত্থাপন হ’ব বুলি বিশেষজ্ঞ মহলে ধাৰণা কৰিছে৷

You might also like