নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া মানুহক অপমানৰ ফল ভুগিছে কংগ্রেছে

সাক্ষাৎগ্রহণ: উৎপল চক্রৱর্তী

২০১৪ চনৰ পৰাই দেখা গৈছে অসমত বিজেপি দল প্রতিটো নির্বাচনতে জয়লাভ কৰি অপ্রতিৰোধ্য শক্তিত পৰিণত হৈছে৷ বিৰোধী কংগ্রেছ দল আভ্যন্তৰীণ কন্দল, বাদ–বিসম্বাদত জর্জৰিত৷ এনে অৱস্থাতে অসমত পুনৰ আঞ্চলিকতাবাদৰ প্রসংগ উত্থাপন হৈছে৷ অগপৰ জ্যেষ্ঠ নেতা বিধায়ক ফণী ভূষণ চৌধুৰীয়ে যোৱা পৌৰসভা নির্বাচনৰ সময়তে অনাগত দিনত ৰাজ্যখনৰ সকলো সৰু–বৰ আঞ্চলিক দল একত্রিত কৰি নতুনকৈ আঞ্চলিকতাবাদৰ উত্থান ঘটোৱাৰ পোষকতা কৰিছে আৰু ইয়াক লৈ তেওঁ অত্যন্ত আশাবাদী৷ এই সম্পর্কত আপুনি কি কয়?
ঃ মই এজন ৰাজনৈতিক কর্মী হিচাপে কেতিয়াও আঞ্চলিকতাবাদৰ প্রাসংগিকতা নাই বুলি নকওঁ৷ কিন্তু একে সময়তে ৰাষ্ট্রীয়তাবাদৰ প্রতি অসমৰ মানুহৰ শ্রদ্ধা, সমর্থন বিৰাজমান৷ মই অসমীয়া৷ লগতে ভাৰতীয়ও৷ ভাৰতীয়ত্বৰ লগত সংযোগ মহাভাৰতৰ কালৰে পৰা আছে৷ যিটো মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে স্থায়িত্ব দিছিল৷

তাৰমানে আপুনি আঞ্চলিকতাবাদৰ উত্থানৰ সম্ভাৱনা নাই বুলি ভাবে নেকি?
ঃ উত্থানৰ কথা ভাবিব পাৰে৷ পিছে যিসকলে আঞ্চলিকতাবাদৰ উত্থানৰ কথা বেছিকৈ কৈ আছে, তেওঁলোকেও ৰাষ্ট্রীয়তাবাদী শক্তিৰ লগত মিলিত হ’বলৈ বাধ্য হৈছে৷ যোৱা বিধানসভা নির্বাচনৰ সময়ত ভূমিষ্ঠ হোৱা দুটা নতুন আঞ্চলিক দলে ছমাহৰ ভিতৰতে কংগ্রেছ দলৰ সৈতে বুজাবুজি কৰিব লগা হোৱাটোৱে প্রমাণ কৰিছে আঞ্চলিকতাবাদৰ উত্থানৰ সম্ভাৱনা৷

কিন্তু এসময়ত অসমত আঞ্চলিকতাবাদী চৰকাৰে শাসন কৰিছিল৷ তৎসত্ত্বেও আপুনি আঞ্চলিকতাবাদৰ উত্থানৰ সম্ভাৱনা স্বীকাৰ কৰিব বিচৰা নাই যে?
ঃ স্বাধীনতাৰ ৭৫ বছৰৰ ভিতৰত অসমত আঞ্চলিকতাবাদী শক্তিয়ে দুটা কার্যকাল মিলি দহ বছৰ শাসন কৰিছিল৷ কিন্তু কোনো এটা কার্যকালতে তেওঁলোকে এককভাৱে চৰকাৰ কৰিব পৰা নাছিল৷ ৰাষ্ট্রীয় দলকে ধৰি অন্য দলৰ সমর্থনতহে তেওঁলোকে চৰকাৰ কৰিছিল৷ সেয়ে মই পূর্বতে কোৱাৰ দৰে আকৌ কওঁ, ৰাষ্ট্রীয়তাবাদৰ প্রতি অসমৰ মানুহৰ শ্রদ্ধা, সমর্থন বিৰাজমান৷ পূর্বতেও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব৷

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও সময়ে সময়ে অনাগত দিনত অসমত বিজেপিৰ বিকল্প হিচাপে আত্মপ্রকাশ কৰিবলৈ সক্ষম হ’ব বুলি প্রকাশ কৰি আহিছে৷ তেওঁলোক বিজেপি বিকল্প হ’ব পাৰিব বুলি ভাবেনে?
ঃ তেওঁলোকে ভবাতকৈ ৰাইজে সেই বিষয়ে ভাবিব লাগিব৷ ৰাইজে সেই বিষয়ে ভাবি তেওঁলোকক বিজেপিৰ বিকল্প হিচাপে গ্রহণ কৰিব লাগিব৷ ৰাইজে বিজেপিক প্রত্যাখ্যান কৰিলেহে সেই অসম্ভৱটো সম্ভৱ হ’ব৷

তাৰমানে তেওঁলোক কেতিয়াও বিজেপিৰ বিকল্প হ’ব নোৱাৰে৷
ঃ ২০১৪ চনৰ পৰা ২০২২ চনলৈ বিজেপি চৰকাৰে অসমৰ বাবে কৰা উন্নয়নমূলক কামেই হওক বা অসমৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্রত গ্রহণ কৰা স্থিতিক ৰাইজে বিপুল সমর্থন জনাইছে৷ ইয়াৰ বাবে প্রতিটো নির্বাচনতে বিজেপিয়ে বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰি আহিছে৷ নির্বাচনসমূহত একাংশই প্রতিদ্বন্দ্বিতা আগবঢ়ায় যদিও বিজেপিয়ে বৃহৎ ব্যৱধানত জয়লাভ কৰি আহিছে৷ ৰাইজৰ এই বিপুল সমর্থন আৰু চৰকাৰে কৰা উন্নয়নমূলক কাম, অসমৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্রত গ্রহণ কৰা দৃঢ় স্থিতিৰ বাবে অনাগত দিনতো বিজেপি অপ্রতিৰোধ্য শক্তি হৈয়ে থাকিব৷ কেন্দ্রৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ প্রতি অসমৰ ৰাইজৰ মোহভংগ হ’ব বুলি মই নাভাবোঁ৷ যোৱা বিধানসভা নির্বাচনৰ সময়ত জন্মলাভ কৰা কোনো আঞ্চলিক দলে, যিয়ে ইতিমধ্যে ৰাষ্ট্রীয় দল কংগ্রেছৰে মিত্রতা কৰিবলৈ বাধ্য হৈছে, তেওঁলোক বিজেপিৰ বিকল্প হ’ব বুলি কেতিয়াও নাভাবোঁ৷

সদ্যসমাপ্ত ৰাজ্যসভা নির্বাচনক লৈ যথেষ্ট বিতর্ক হৈছে৷ মূলতঃ আপোনালোকে বিৰোধীৰ যি সাতটা ভোট লাভ কৰিছে তাক লৈ কংগ্রেছ আৰু এআইইউডিএফৰ মাজত বোকা ছটিওৱাৰ ৰাজনীতি চলাই নহয়, বিষয়টো ন্যায়ালয়ৰ মজিয়াও পাইছে৷ এই সংক্রান্তত আপুনি কি কয়?
ঃ কংগ্রেছৰ নিজৰ বিধায়কৰ ওপৰত নিয়ন্ত্রণ নাই৷ সকলো গম পায়ো কংগ্রেছে তথ্য লুকুৱাব বিচাৰিছে৷

কাৰণ?
ঃ সকলো কথা প্রকাশ কৰিলেই তেওঁলোকৰ দলৰ অস্তিত্বৰ প্রতি প্রশ্ণ আহিব৷ কিয়নো নির্দিষ্ট সংখ্যাৰ তলত কংগ্রেছৰ বিধায়কৰ সংখ্যা কমি গ’লেই বিৰোধী দলপতিৰ পদ কংগ্রেছে এৰিব লাগিব৷ সেয়ে কংগ্রেছে সকলো জানিও ৰাজ্যসভাৰ নির্বাচনত বিজেপিক ভোটদান কৰা তেওঁলোকৰ বিধায়কসকলৰ নাম প্রকাশ কৰা নাই আৰু দলীয়ভাৱে ব্যৱস্থাও লোৱা নাই৷ বিজেপিক ভোটদান কৰা তেওঁলোকৰ সকলো বিধায়কৰ নাম প্রকাশ কৰিলেই বা দলীয়ভাৱে ব্যৱস্থা ল’লেই স্বাভাৱিকতে ওলাই পৰিব বিৰোধী দলপতিৰ আসনত কংগ্রেছ থকাৰ যোগ্যতা আছে নে নাই? তাৰ বাবেই সকলো জানি বুজিও কংগ্রেছে তথ্য লুকুৱাই আছে৷

ৰাজ্যসভাৰ নির্বাচনত ভোট গ্রহণ চলি থকাৰ সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কৈছিল বিজেপিয়ে বিৰোধীৰ সাতটা ভোট লাভ কৰিছে৷ আপুনি আৰু বিধায়ক দিগন্ত কলিতাই জনোৱা তথ্যৰ আধাৰত ভিত্তি কৰি মুখ্যমন্ত্রীয়ে সেই কথা কৈছিল৷ ভোট গণনাৰ অন্তত দেখা গ’ল আপোনালোকে মুখ্যমন্ত্রীক দিয়া সেই তথ্য এশ শতাংশই সত্য প্রমাণিত হ’ল৷ এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ বিৰোধীৰ কোন কোন দলৰ পৰা সেই সাতটা ভোট আহিল?
ঃ মই আগৰ উত্তৰত সকলোখিনি কলোঁৱেই৷ ৰাজ্যসভা নির্বাচনৰ অধিসূচনা জাৰিৰ পূর্বৰে পৰা আমি কৈ আহিছিলোঁ দুয়োখন আসনতে অনায়াসে জয়লাভ কৰিম৷ কংগ্রেছৰ সহযোগিতা লাভ কৰিম৷ সেই অনুসৰি আমি দুয়োখন আসনতে জয়লাভ কৰিছোঁ৷

আপোনাৰ মতে ক্রছ ভোটিং হোৱা সাতটা ভোটৰ ভিতৰত এআইইউডিএফৰ ভোট নাই?
ঃ এআইইউডিএফৰ পৰা বিজেপিলৈ ভোট আহিছে বুলি মই ভবা নাই৷

কিয়?
ঃ আমি এআইইউডিএফৰ পৰা ভোট বিচৰা নাই৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অতি স্পষ্টভাৱে ৰাজ্যসভা নির্বাচনৰ ভোট গ্রহণৰ পূর্বৰে পৰা এআইইউডিএফৰ ভোট আমাক নালাগে বুলি কৈ আহিছে৷ আনকি তেওঁলোকৰ কোনোবাই বিজেপিক ভোট দিলে ধন্যবাদ নজনাওঁ বুলিও স্পষ্ট কৰি দিছিল৷ আমি যিহেতু এআইইউডিএফৰ ভোট বিচৰাই নাই, তেনেক্ষেত্রত তেওঁলোকেও আমাক ভোট দিয়াৰ প্রশ্ণও নাই৷

ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ভোটটোক লৈও যথেষ্ট ৰহস্যৰ সৃষ্টি হৈছে৷ ইয়াকে লৈ এআইইউডিএফৰ কৰিমউদ্দিন বৰভূঞা আৰু অখিল গগৈৰ মাজত তুমুল বাক্যুদ্ধও হৈছিল৷ এই সংক্রান্তত আপুনি কি কয়? কৰিমউদ্দিন বৰভূঞাই কোৱাৰ দৰে অখিল গগৈয়ে বিজেপিক ভোট দিছে নে অখিল গগৈয়ে দাবী কৰাৰ দৰে কংগ্রেছক ভোট দিছে?
ঃ ন’ কমেণ্ট৷ অখিল গগৈয়ে যিহেতু ভোটটো কাকো দেখুওৱা নাই, সেয়ে তেওঁহে জানে ভোটটো কাক দিছে৷ এনেক্ষেত্রত মই এই বিষয়টোত কোনো মন্তব্য কৰিব নিবিচাৰোঁ৷

সম্প্রতি এআইইউডিএফ দলে ২০২৬ নহ’লেও ২০৩১ত অসমত চৰকাৰ কৰাৰ পৰিকল্পনা কৰিছে৷ এই পৰিকল্পনাৰ বিষয়ে দলটোৰ সভাপতি বদৰুদ্দিন আজমলকে ধৰি বিভিন্নজন নেতাই সময়ে সময়ে ৰাজহুৱাভাৱে প্রকাশ কৰি আহিছে৷ এই পৰিকল্পনা সফল হ’ব বুলি ভাবেনে?
ঃ তেওঁলোকৰ এই পৰিকল্পনা এতিয়াৰ নহয়৷ চৈয়দ ছাদুল্লা, মৌলানা ভাছানীৰ পৰা আৰম্ভ কৰি মৌলানা বদৰুদ্দিন আজমললৈকে অসমীয়াক পদচ্যুত কৰি তেওঁলোকে অসমৰ শাসন ক্ষমতা লোৱাৰ পৰিকল্পনা কৰি আহিছে৷ তেওঁলোকৰ এই পৰিকল্পনাৰ বিষয়ে অসমৰ মানুহ অবিদিতও নহয়৷ তেওঁলোকৰ সেই পৰিকল্পনা ৰোধ কৰিবলৈ হ’লে এই মুহূর্তৰ পৰাই অসমীয়া আৰু অসমক ভাল পোৱা মানুহ সু–সংগঠিত হোৱাটো অতীব প্রয়োজন৷ নহ’লে গৃহভূমিতে গৃহহীন, ৰাজনৈতিক অধিকাৰহীন হ’ব লাগিব৷ এই বিষয়ে প্রত্যকজন অসমীয়াই ভবা উচিত৷

বিভিন্ন সময়ত আপোনালোকে বিৰোধীৰ বিশেষকৈ কংগ্রেছৰ আৰু বহু বিধায়কে বিজেপিত যোগদানৰ বাবে যোগাযোগত থকাৰ বিষয়ে কৈ আহিছে৷ অতি কম সময়ৰ ভিতৰতে আৰু কোনো কংগ্রেছ বিধায়কে বিজেপিত যোগদানৰ সম্ভাৱনা আছে নেকি?
ঃ আচলতে আজিৰ তাৰিখত কংগ্রেছ কোনেও কৰিব নোখোজে৷ সকলোৱে বিজেপিত আহিব বিচাৰে৷ কিছু ব্যক্তিৰ বিজেপিত যোগদান কৰি নির্বাচন খেলাত সমস্যাৰ বাবেহে কংগ্রেছত আছে৷ নহ’লে কংগ্রেছৰ পৰা সকলো বিজেপিত আহি যোগদান কৰিলেও আচৰিত হ’বলগীয়া একো নাথাকিলহেঁতেন৷

কংগ্রেছৰ এই দুৰৱস্থাৰ কাৰণ কি?
ঃ পৰিয়ালবাদ, কংগ্রেছ দলৰ চৰকাৰ শাসনত থকাৰ সময়ত সংঘটিত দুর্নীতি, অত্যধিক সংখ্যালঘু তুষ্টিকৰণ, নেতৃত্বৰ মাজত খোৱা–কামোৰা, দলটোত থকা আৰু দলক ভালপোৱা মানুহৰ অভাৱ, অসমত অসমীয়া মানুহক বাৰে বাৰে কৰা অপমানৰ বাবে দলটোৰ আজি তেনে বিপর্যয় হৈছে৷ তদুপৰি কংগ্রেছ দলে বিভিন্ন সময়ত এনে কিছু কাম কৰে, যিয়ে চোৰ–ডকাইত, ধর্ষণকাৰীৰ মনোবল বৃদ্ধি কৰে৷ ভোটৰ স্বার্থতে কংগ্রেছে তেনে কাম কৰি আহিছে৷ এইটোও কংগ্রেছ দলৰ অন্যতম বিপর্যয়ৰ কাৰণ৷ অসম আৰু অসমীয়াৰ প্রতি ভাল ভাব থকা, দায়িত্ববোধ থকা লোকে সেয়ে এতিয়া কংগ্রেছৰ প্রতি বিতশ্রদ্ধ হৈ পৰিছে৷ তাৰ বাবেই কংগ্রেছ দলৰ বিধায়কসকলেও বিজেপিত যোগদানৰ বাবে আগ্রহ প্রকাশ কৰি আহিছে৷ ৰাজ্যৰ প্রধান বিৰোধী দলটোৰ স্থিতি ইমানেই দুর্বল হৈ পৰিছে যে দলটোৰ নিষ্ঠাৱান নেতা–কর্মীসকলে মনোবল হেৰুৱাইছে৷ প্রতিটো নির্বাচনতে বৃহৎ ভোটৰ ব্যৱধানত জনসাধাৰণে কংগ্রেছৰ বিৰুদ্ধে ৰায়দান কৰি আহিছে৷ কংগ্রেছ এতিয়া ইমানেই দুর্বল যে দলটোৰ তৃণমূল পর্যায়ৰ নিষ্ঠাবান নেতা–কর্মীসকল হতাশ হৈছে৷ প্রকৃততে ৰাজ্যৰ ৰাজনীতিত কংগ্রেছকে ধৰি বিৰোধী শিবিৰ এতিয়া দুর্বলেই নহয়, দিক্ভ্রান্তও৷ কংগ্রেছৰ এনে বিপর্যয়ৰ বিপৰীতে আমি প্রতিটো নির্বাচনক গুৰুত্বসহকাৰে গ্রহণ কৰিছোঁ৷ সেয়া লোকসভা–বিধানসভা নির্বাচনেই হওক অথবা স্থানীয় নিকায়ৰ নির্বাচনেই হওক৷ ৰাইজৰ আস্থা–বিশ্বাস বর্তাই ৰাখিবলৈ আমি চৰকাৰী পর্যায়ত কাম–কাজ কৰাই নহয়, দলীয় পর্যায়তো সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ পদক্ষেপ লৈছোঁ৷

অহা ২২ এপ্রিলত গুৱাহাটী পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত হ’ব৷ এই নির্বাচনক লৈ আপোনালোক কিমান আশাবাদী?
ঃ আমি ১০০ শতাংশ আশাবাদী৷ পৌৰ নিগমৰ ৬০টা ৱার্ডৰ ভিতৰত ৩টাত ইতিমধ্যে বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছোঁ৷ বাকীকেইটা ৱার্ডতো বিজেপি–মিত্রজোঁটেই জয়লাভ কৰিব বুলি আমি আশাবাদী৷

এই আশাৰ ভিত্তি কি?
ঃ সমগ্র অসমৰ লগতে গুৱাহাটী মহানগৰীতো প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জনপ্রিয়তা তুংগত৷ ইয়াৰ বিপৰীতে সমগ্র গুৱাহাটী মহানগৰীত বিৰোধী সম্পূর্ণৰূপে নিষ্প্রভ৷ কেন্দ্রত মোদী চৰকাৰ আছে, ৰাজ্যত ড০ শর্মাৰ চৰকাৰ আছে৷ গুৱাহাটী মহানগৰীৰ সর্বাংগীণ উন্নয়ন আৰু বিকাশৰ স্বার্থত মহানগৰবাসীয়েও গুৱাহাটী পৌৰ নিগমত বিজেপিৰ শাসন বিচাৰে৷ সেয়ে মই ভাবোঁ পৌৰ নিগমৰ ৬০টা ৱার্ড বিজেপি–মিত্রজোঁটৰ দখললৈ আহিলেও আচৰিত হ’বলগীয়া একো নাই৷

পৌৰ নিগমৰ নির্বাচনত আপোনালোকৰ মূল প্রতিদ্বন্দ্বী কোন হ’ব?
ঃ প্রতিদ্বন্দ্বী মূলতঃ কংগ্রেছেই হ’ব৷ কিন্তু তেওঁলোক প্রতিদ্বন্দ্বিতাৰ পৰা বহু দূৰত থাকিব৷ অতি বৃহৎ ভোটৰ ব্যৱধানত প্রতিটো ৱার্ডতে কংগ্রেছ পৰাজিত হ’ব৷

এইবাৰ পৌৰ নিগমৰ নির্বাচনৰ প্রাক্ক্ষণত আপুনি গুৱাহাটীৰ খিলঞ্জীয়া মুছলমান সমাজৰ প্রতিনিধিৰ সৈতেও আলোচনাত মিলিত হৈছে৷ খিলঞ্জীয়া মুছলমান সমাজেও গুৱাহাটী মহানগৰীৰ বিকাশ আৰু উন্নয়নৰ স্বার্থত বিজেপি–মিত্রজোঁটৰ প্রার্থীক সমর্থন কৰাৰ ঘোষণা কৰিছে৷ খিলঞ্জীয়া মুছলমান সমাজ বিজেপিক সমর্থন কৰিবলৈ ওলাই অহাটো আপোনালোকৰ এক বৃহৎ সফলতা৷ এই বিষয়ত আপুনি কি কয়?
ঃ আমি খিলঞ্জীয়া মানুহৰ বিৰোধী নহয়৷ খিলঞ্জীয়া মুছলমান মানুহৰ লগত আমাৰ সহযোগিতা সদায় থাকিব৷ আচলতে অসমত খিলঞ্জীয়া মুছলমানসকল অস্তিত্বৰ সংকটত ভুগিছে৷ তেওঁলোক যথেষ্ট কষ্টত আছে৷ আজি তেওঁলোকৰ এনে অৱস্থা হৈছে এটাও বিধানসভা সমষ্টিৰ পৰা খিলঞ্জীয়া মুছলমান সম্প্রদায়ৰ লোক জয় হৈ আহিব নোৱাৰে৷ তাৰ বাবে তেওঁলোকে খিলঞ্জীয়া মানুহৰ লগত থাকিব বিচাৰে৷ পৌৰনিগম নির্বাচনত তেওঁলোকে আমাক সহযোগিতা কৰিলে আমি সুখী হ’ম৷

২০২৪ চনত লোকসভা নির্বাচন অনুষ্ঠিত হ’ব৷ আসন্ন লোকসভা নির্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত ইতিমধ্যে প্রাৰম্ভিক কুচকাৱাজ আৰম্ভ হৈছে৷ অসমত লোকসভা নির্বাচনৰ ফলাফলক লৈ আপোনাৰ ধাৰণা কেনে ধৰণৰ?
ঃ বিজেপি মিত্রজোঁটে অতি কমেও ১২টা সমষ্টিত জয়লাভ কৰিব৷ সেয়া নিশ্চিত৷ বাকী দুটাত আমাৰ নির্বাচন খেলাত কিছু সমস্যা আছে৷ এটা সমষ্টিত এই মুহূর্তত বিজেপি–মিত্রজোঁটৰ জয় হ’ব পৰা পৰিৱেশ নাই৷ আনটো সমষ্টিত বিজেপি–মিত্রজোঁটে যোগ্য প্রতিদ্বন্দ্বিতা আগবঢ়াব৷

You might also like