নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছলীয়া

হোমেন বৰগোহাঞি

(১)

এদিন এজন ল’ৰাই তাৰ দেউতাকৰ লগত চার্কাছ চাবলৈ গৈছিল৷ চার্কাছৰ টিকট কিনিবৰ কাৰণে মানুহে দীঘলীয়া শাৰী পাতি কিউ কৰিছিল৷ ল’ৰাজনে দেখিলে যে তেওঁলোক দুজনৰ ঠিক আগতে এটা ডাঙৰ পৰিয়াল– মাক, দেউতাক আৰু ৮টা ল’ৰা–ছোৱালী– টিকট কিনিবৰ কাৰণে শৃংখলাবদ্ধ হৈ থিয় দি আছে৷ পৰিয়ালটো দেখিলেই বুজা যায় যে তেওঁলোক শিক্ষিত আৰু শিষ্টাচাৰী, কিন্তু তেওঁলোকৰ আর্থিক অৱস্থা বোধহয় খুব ভাল নহয়৷ ল’ৰা–ছোৱালীকেইটাৰ চকুৱে–মুখে আনন্দ উপচি পৰিছে৷ সিহঁত নিশ্চয় জীৱনত প্রথমবাৰৰ কাৰণে চার্কাছ চাবলৈ আহিছে৷
মানুহবোৰ আগবাঢ়ি গৈ গৈ কাউণ্টাৰৰ ওচৰ পালেগৈ৷ টিকট বিক্রী কৰা মহিলাগৰাকীয়ে পৰিয়ালটোৰ মুৰব্বীজনক সুধিলে– ‘আপোনাক কেইটা টিকট লাগিব?’
মানুহজনে গর্বেৰে ক’লে– ‘দহটা৷ আমি দুজন আৰু আমাৰ ৮টা ল’ৰা–ছোৱালী৷’
টিকট বিক্রেতাগৰাকীয়ে টিকটৰ দামটো ক’লে৷
ধনৰ পৰিমাণটো শুনি মানুহজনৰ মুখৰ পৰা এটা অস্ফুট আর্তনাদ বাহিৰ হৈ আহিল৷ মহিলাগৰাকীৰ হাতৰ বেগটো আপোনা আপুনি মাটিলৈ সৰি পৰিল৷ নিজৰ কাণকেই যেন বিশ্বাস কৰিব পৰা নাই এনে ভাবেৰে মানুহজনে আকৌ সুধিলে– ‘দামটো কিমান বুলি ক’লে?’
টিকট বেচোঁতা মহিলাগৰাকীয়ে দামটো দ্বিতীয়বাৰ দোহাৰিলে৷
মানুহৰ শাৰীত পৰিয়ালটোৰ ঠিক পিছতেই থিয় হৈ থকা বাপেক–পুতেকে গোটেই দৃশ্যটো নীৰৱে চাই আছিল৷ কি ঘটিছে সেই কথা বুজিবলৈ তেওঁলোকৰ বাকী নৰ’ল৷ পৰিয়ালটোৱে টিকটৰ দাম যিমান হ’ব বুলি ভাবি সাজু হৈ আহিছিল তাতকৈ আচলতে সি বহুত বেছি৷ সিমান ধন তেওঁলোকৰ জেপত নাই৷
এনেতে পাছফালে দেউতাকৰ লগত থিয় হৈ থকা ল’ৰাটোৱে আন এখন অদ্ভুত নাটক দেখিবলৈ পালে৷ সি দেখিলে যে দেউতাকে নিজৰ জেপৰ পৰা ২০ ডলাৰৰ নোট এখন উলিয়াই অতি সন্তর্পণে মাটিলৈ পেলাই দিলে৷ তাৰ পিছত তেওঁ সন্মুখত থিয় হৈ থকা উদভ্রান্ত মানুহজনৰ কান্ধখন হাতেৰে স্পর্শ কৰি ক’লে– ‘ডাঙৰীয়া, আপোনাৰ জেপৰ পৰা এখন নোট মাটিলৈ সৰি পৰিছে৷’
মানুহজনে নীৰৱ দৃষ্টিৰে এবাৰ মাটিলৈ চালে, এবাৰ মানুহজনৰ মুখলৈ চালে৷ আৱেগত তেওঁৰ মুখৰ পেশীবোৰ কঁপি উঠিল৷ নোটখন মাটিৰ পৰা বুটলি তেওঁ অশ্রুৰুদ্ধ কণ্ঠেৰে নিজৰ মুখৰ ভিতৰতে কোৱাৰ নিচিনাকৈ ক’লে– ‘ধন্যবাদ, অশেষ ধন্যবাদ৷’
তাৰ পিছত তেওঁ ২০ ডলাৰৰ নোটখন টিকট বিক্রেতাজনৰ হাতলৈ আগবঢ়াই দিলে৷ তেওঁ যে নিজৰ ল’ৰা–ছোৱালীকেইটাৰ মুখৰ আনন্দৰ হাঁহি মচি দিব লগা নহ’ল সেই কথা ভাবি মানুহৰ মহত্ত্বৰ প্রতি তেওঁ অনুভৱ কৰিলে সীমাহীন কৃতজ্ঞতা৷
আনজন মানুহে পুতেকৰ হাতত ধৰি চার্কাছ নোচোৱাকৈ ঘৰলৈ খোজ ল’লে৷
ল’ৰাজনে ডাঙৰ হৈ এই কাহিনীটো লিখিছিল৷ তেওঁ লিখিছিল– ‘সেইদিনা মই চার্কাছ চোৱাৰ আনন্দৰ পৰা বঞ্চিত হ’লোঁ৷ কিন্তু তাৰ পৰিৱর্তে যিটো আনন্দ পালোঁ তাৰ লগত পৃথিৱীৰ আন কোনো আনন্দৰ তুলনা নহয়৷’
(২)
আলবেয়াৰ ক্যেমুৰ ‘অতিথি’ নামৰ এটা গল্প আছে৷ গল্পটোৰ ক’তো এই কথা উল্লেখ কৰা হোৱা নাই যে যি সময়ৰ কথা কোৱা হৈছে সেই সময়ত আলজিৰিয়াত ফ্রান্সৰ বিৰুদ্ধে স্বাধীনতাৰ যুদ্ধ চলি আছিল৷ বিংশ শতাব্দীৰ বিশ্ব ইতিহাসৰ লগত পৰিচয় থকা যিকোনো মানুহে এই কথা সহজে অনুমান কৰি ল’ব পাৰিব৷ মোৰ কাৰণে এই কাম অতি সহজ৷ কাৰণ আলজিৰিয়াৰ স্বাধীনতা যুদ্ধৰ প্রধান নেতা বেন বেল্লাক মই সেই সময়ত মোৰ হূদয়ত হিৰোৰ আসনত বহুৱাইছিলোঁ৷ মোৰ আন এজন তেনেকুৱা হিৰো আছিল কংগোৰ পেট্রিছ লুমুম্বা৷
আলজিৰিয়াত বহুত ফৰাচী মানুহে স্থায়ীভাৱে বাস কৰিছিল৷ আলবেয়াৰ কেম্যু নিজেও আলজিৰিয়াৰ মানুহ৷ ডেকা বয়সতহে তেওঁ ফ্রান্সলৈ স্থায়ীভাৱে গুচি আহে৷
‘অতিথি’ নামৰ গল্পটোত বর্ণনা কৰা মতে, আলজিৰিয়াৰ এখন ভিতৰুৱা গাঁৱৰ স্কুলৰ শিক্ষক আছিল ডাৰু নামৰ এজন ফৰাচী যুৱক৷ স্কুলখনৰ একমাত্র শিক্ষক৷ এদিন চহৰৰ পৰা দুজন ফৰাচী পুলিচ ডাৰুৰ ঘৰলৈ আহিল৷ তেওঁলোকৰ লগত এজন আৰব কয়দী৷ পুলিচ দুজন ঘোঁৰাত উঠি আহিছিল, আৰু হাতকেৰেয়া দি ৰখা আৰব কয়দীজনক খোজকঢ়াই অনা হৈছিল৷ পুলিচ দুজনে ডাৰুক ক’লে– ‘খুৰাকৰ পুতেক ভায়েকক হত্যা কৰাৰ কাৰণে এই আৰবজনক গ্রেপ্তাৰ কৰিব লগা হৈছে৷ এওঁক আপোনাৰ জিম্মাত থৈ আমি চহৰলৈ ঘূৰি যাম৷ আপোনাৰ কাম হ’ব আজি ৰাতিটো এওঁক আপোনাৰ লগত ৰাখি কাইলৈ পুৱাই এওঁক জিলাৰ সদৰলৈ লৈ যোৱা৷ তাত আপুনি জিলা কর্তৃপক্ষৰ হাতত এওঁক চমজাই দিব লাগিব৷’
শিক্ষকজনে প্রতিবাদ কৰি ক’লে– ‘এই কাম মই কিয় কৰিম? এনে কাম কৰিবলৈ মই বাধ্য নহওঁ৷’
পুলিচ দুজনে ক’লে– ‘আপুনি বাধ্য, কাৰণ আপুনি জানে যে আলজিৰিয়াত এতিয়া জৰুৰী অৱস্থা চলি আছে৷ কর্তৃপক্ষই যাক যি দায়িত্ব দিয়ে সেই দায়িত্ব পালন কৰিবলৈ সকলো চৰকাৰী কর্মচাৰী বাধ্য৷ আমি আপোনাক অনুৰোধ কৰা নাই, হুকুম দিছোঁ৷ এই আৰব কয়দীজনক জিলাৰ সদৰত পৌছাই দিয়াৰ দায়িত্ব আপোনাক দি আমি ঘূৰি যাব লগা হৈছে এই কাৰণেই যে আমাৰ থানাত পুলিচ আছে মাত্র ৬জন৷ আনহাতে, দেশৰ অৱস্থা খুব বেয়া৷’
পুলিচ দুজনে ডাৰুৰ পৰা বিদায় ল’লে৷
ডাৰুৱে আৰব কয়দীজনক ভালকৈ ৰাখিলে৷ আনকি তেওঁৰ হাতকেৰেয়াও ডাৰুৱে খুলি দিলে৷ ৰাতি তেওঁ ভালকৈ শুব নোৱাৰিলে, কাৰণ তেওঁৰ মন অন্তর্দ্বন্দ্বত ক্ষত–বিক্ষত হ’ল৷ কেম্যুৰ নিচিনাকৈ ডাৰুৰ মনতো বোধহয় আলজিৰিয়াৰ স্বাধীনতা যুদ্ধৰ প্রতি গোপন সহানুভূতি আছিল৷ কি ঠিক, এই আৰবজনো কিজানি আচলতে এজন বিদ্রোহী স্বাধীনতা যোদ্ধা? তেওঁক সদৰ থানাত গতাই দিয়াৰ অর্থ হ’ব সম্ভাব্য মৃত্যুদণ্ডৰ মুখলৈ ঠেলি দিয়া৷Daru felt something rise in his throat৷ ৰাতিপুৱা তেওঁ আৰব কয়দীজনক লগত লৈ বাহিৰলৈ ওলাই গ’ল৷ সন্মুখত দিগন্তহীন মৰুভূমি৷ মৰুভূমিৰ বুকু ফালি দুটা বাট গৈছে দুফালে৷ ডাৰুৱে আৰবজনক ক’লে, ‘এইটো বাটেৰে গ’লে তুমি গোটেই দিনটো খোজকাঢ়ি নিজৰ মানুহৰ গাঁও এখনত ওলাবাগৈ৷ তাত তুমি পাবা আতিথেয়তা আৰু নিৰাপদ আশ্রয়৷ আনটো বাটেৰে গ’লে তুমি পাবা থানাখন৷’
নিজৰ দায়িত্বক ফাঁকি দি আৰু পুলিচ দুজনৰ প্রতি বিশ্বাসঘাতকতা কৰি ডাৰু নিজৰ স্কুলখনলৈ ঘূৰি গ’ল৷ কিছু সময়ৰ পিছত তেওঁ খিৰিকীৰে দূৰলৈ চাই দেখিলে, আৰব কয়দীজন স্বেচ্ছাই সেইটো বাটত আগবাঢ়িছে, যিটো বাটে তেওঁক লৈ যাব কাৰাগাৰলৈ, হয়তোবা ফাঁচিকাঠলৈ৷
প্রিয় পাঠক, এই দুজন মানুহৰ ভিতৰত কাৰ মহত্ত্বই আপোনাক বেছিকৈ মুগ্ধ কৰিছে?
মহৎ প্রয়োজনত বহুত মানুহেই মিছা কথা কয় বা ক’ব লগা হয়৷ মোৰ মতে, আটাইতকৈ ক্ষমাৰ অযোগ্য মিছা কথাটো কৈছিল ধর্মৰাজ যুধিষ্ঠিৰে– যেতিয়া তেওঁ অন্যায়ভাৱে দ্রোণক বধ কৰিবৰ কাৰণে কৈছিল, অশ্বত্থামা হত ইতি কুঞ্জৰঃ৷ ধর্মৰাজ যুধিষ্ঠিৰৰ এই অক্ষমণীয় মিথ্যাভাষণ কেইবাহাজাৰ বছৰ ধৰি মানুহৰ কাণত বাজি আছে৷

You might also like