নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খং-ৰাগ নকৰিবঃ সন্তানক শুদ্ধ-ভুলৰ শিক্ষা কেনেকৈ দিব

বিশেষ বাৰ্তা,১৯ মেঃ সকলো মাক-দেউতাকেই সন্তানক ভাল মানুহ হিচাপে গঢ়ি তুলিব বিচাৰে। সেয়ে শৈশৱৰে পৰা সন্তানক শুদ্ধ আৰু ভুলৰ শিক্ষা দিয়া খুবেই গুৰুত্বপূর্ণ। কিন্তু শৈশৱৰ ধর্মই হ’ল ভুল কৰা। সেয়ে শৈশৱৰ ভুল-ভ্রান্তি নিয়ন্ত্রণ কৰা কেতিয়াবা মাক-দেউতাকৰ পক্ষেও খুবেই কঠিন হৈ যায়। কিছুমান ভুল খুবেই ক্ষতিকাৰক, তাৰ পাছতো বেছি কঢ়া হ’লেই হিতে বিপৰীত হ’ব পাৰে। সেয়ে সন্তানৰ ভুল ধৰিলেই নহ’ব, লগতে এনে বার্তা দিব লাগিব যাতে সন্তানে সেই ভুল শুধৰোৱাৰ সুযোগ পায়।

১। সন্তানটিয়ে ভুল কৰিলে খং-ৰাগ কৰিলে নহ’ব। সন্তানৰ যিকোনো অনুভূতি চম্ভালিবলৈ প্রথম ধাপ হৈছে ধৈর্য ধৰা। খঙেৰে শাসন কৰিলে সমস্যা আৰু জটিল হৈ যাব পাৰে। বৰং শান্ত হৈ কথা পাতক। সন্তানক ক’ব লাগিব ভুল সকলোৱে কৰে, আনকি মাক-দেউতাকেও কেতিয়াবা ভুল কৰে। দেখিব নিজৰ ভুল স্বীকাৰ কৰা সহজ হ’ব শিশুটিৰ বাবে।

২। সন্তানৰ কথা মন দি শুনক। শিশুৰ পক্ষে সকলো কথা বুজি উঠি কোৱা কঠিন। সেয়ে সিহঁতক বেছিকৈ কোৱাৰ সুযোগ দিয়ক। নিজে কথা কোৱাৰ সময়ত প্রথমেই সন্তানটিক ধন্যবাদ দিয়ক তেওঁলোকৰ স্বীকাৰোক্তিৰ বাবে। তাৰ পাছত সহজকৈ বুজাওক কি ভুল হৈছে, শুধৰোৱাৰ উপায়ো দিয়ক।

৩। সন্তানক জনাওক ভুল কৰি সেয়া স্বীকাৰ কৰাৰ ক্ষমতা ভাল মানুহ হোৱাৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। ভবিষ্যতেও যদি কোনো ভুল কৰে সেয়াও যেন স্বীকাৰ কৰিব পাৰে অকুণ্ঠভাবে।


৪। এনেকৈ বুজোৱাৰ চেষ্টা কৰিব যাতে দ্বিতীয়বাৰ একেই ভুল নকৰে। সংবেদনশীলতাই ভুল শুধৰাই দিয়াৰ চাবিকাঠি। সন্তানক শিকাওক প্রতিটো ভুলেই আমাক জীৱনৰ কিবা নহয় কিবা শিক্ষা দি যায়। যি হৈ গৈছে তাকে লৈ ভাবি নাথাকি একেই ভুল যেন আৰু নহয় সেইক্ষেত্ৰত মনোনিবেশ কৰি বিচক্ষণতাৰ পৰিচয় দিয়ক।

৫। সন্তান অবুজ হ’লেও মাক-দেউতাকে অস্থিৰ হলে নচলিব। বকনি নিদি যিমান সম্ভৱ ভালকৈ বুজাব লাগিব সন্তানক। লগতে সন্তানক বুজাব লাগিব যে এই ভুলৰ পৰা সঠিক পথত নাহিলে অভিভাৱক হিচাপে আপুনিও পিছপৰি থাকিব।

You might also like