নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ বিজেপিলৈ পঞ্জাৱৰ প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষ

বিশেষ বাৰ্তা, ১৯ মেঃ সকলোকে আচৰিত কৰি যোৱা সপ্তাহত দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰা পঞ্জাবৰ প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষ সুনীল জাখৰ এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। শতিকা প্ৰাচীন দলটো এৰাৰ পাঁচ দিন পাছত বৃহস্পতিবাৰে গেৰুৱা বসন পিন্ধে। নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত যোগদান কৰি সংবাদ মাধ্যমৰ আগত জাখৰে কয় যে তেওঁৰ বাবে কংগ্ৰেছ এৰি যোৱাটো সহজ নাছিল, যিটো দলত তেওঁৰ পৰিয়ালৰ তিনিটা প্ৰজন্মই সেৱা আগবঢ়াইছিল। চলিত বৰ্ষৰ মাৰ্চ মাহত আম আদমী পাৰ্টিয়ে পঞ্জাৱত কংগ্ৰেছক ক্ষমতাৰ পৰা বাহিৰ কৰিছে। বৰ্তমান ছোনিয়া গান্ধী নেতৃত্বাধীন দলটোৱে মাত্ৰ দুখন ৰাজ্যত শাসনত আছে, ছত্তীশগড় আৰু ৰাজস্থান।

You might also like