নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্মাৰ্ট ষ্টেম চেলৰ আৱিষ্কাৰঃ ক্ষতিগ্ৰস্ত অংগ নিজে ঠিক কৰাৰ লগতে জন্ম দিব পাৰে নতুন অংগ

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ মানৱ জাতিলৈ শুভবাৰ্তা কঢ়িয়াই আনিলে অষ্ট্ৰেলিয়াৰ এদল বিজ্ঞানীয়ে। বিজ্ঞানীৰ দলটোৱে আমাৰ শৰীৰত থকা কোষক বিকশিত কৰি সৃষ্টি কৰিছে স্মাৰ্ট ষ্টেম চেলৰ।

এই চেলৰ জৰিয়তে কটা-ছিঙা হোৱা অংগ আপোনা-আপুনি জোৰা লগাব পৰা যাব আৰু প্ৰয়োজন হ’লে চেলৰ সহায়ত নতুন অংগৰো জন্ম দিব পৰা যাব। ডেইলী মেইলৰ এক প্ৰতিবেদন মতে, এই বিশেষ কোষৰ ৰিজেনেৰেটিভ সক্ষমতা আছে, যাৰ জৰিয়তে অংগৰ ক্ষতি-খুন হ’লেও ইয়াৰ নৱজন্ম দিব পৰা যায়।

নিউ ছাউথ ৱেলছ বিশ্ববিদ্যালয়ৰ হেমাটোলজী বিভাগৰ প্ৰবক্তা জন পিমাণ্ডাৰ মতে, এই চেলবিধক এন্দুৰৰ দেহত প্ৰয়োগ কৰা হৈছিল আৰু তাত সম্পূৰ্ণ সফলতা প্ৰাপ্তি হৈছে। এতিয়া মানৱৰ শৰীৰত প্ৰযোজ্য হোৱাৰ বাবে কিছু সময় লাগিব যদিও বিজ্ঞানী দলে সফল হোৱাৰ ১০০ শতাংশই নিশ্চয়তা প্ৰদান কৰিছে।

উল্লেখ্য স্মাৰ্ট ষ্টেম চেলৰ সহায়ত মানৱ শৰীৰৰ যিকোনো অংগৰ ক্ষতি-খুনৰ সমাধান কৰিব পৰা যাব। কিন্তু এই সফলতাৰ বাবে আৰু কেইটামান বছৰৰ অপেক্ষা কৰিব লাগিব।

You might also like