নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱসৰ আয়োজনঃ ইন্দ্ৰেশ্বৰ পেগু আৰু নমিতা ভট্টাচাৰ্যলৈ শিল্পী বঁটা ২০২১

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত দেওবাৰে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত ৰাজ্যিক ভিত্তিত শিল্পী দিৱস- ২০২১ আয়োজন কৰিছে। দিনৰ ১ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই আড়ম্বপূৰ্ণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কৃষি আৰু পশু পালন মন্ত্ৰী অতুল বৰা, সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱকুমাৰ দলে আৰু বিধায়কদ্বয় মৃণাল শইকীয়া আৰু ভবেন ভৰালী উপস্থিত থাকিব ।

এই অনুষ্ঠানতে বিশিষ্ট মিচিং কলা কৃষ্টি সাধক ইন্দ্ৰেশ্বৰ পেগু আৰু বিশিষ্ট কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্যক ২০২১ বৰ্ষৰ সন্মানীয় শিল্পী বঁটা প্ৰদান কৰা হ’ব। এই উপলক্ষে আজি গোলাঘাট জিলা উপায়ুক্তৰ সভাকক্ষত আয়োজিত এক সংবাদ মেলত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ সঞ্চালক যাদৱ শইকীয়াই অনুষ্ঠানৰ সম্পৰ্কত সবিশেষ বিৱৰি কয় যে, মূল সভাৰ আগে আগে বাৰেৰহনীয়া এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। প্ৰায় আঠ হাজাৰ আসন থকা প্ৰেক্ষাগৃহত সকলো ৰাইজৰে সহায় সহযোগ কামনা কৰিছে গোলাঘাট জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীয়ে ।

You might also like