নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : বটদ্ৰৱা প্ৰকল্প আৰু জাতীয় অস্তিত্ব ৰক্ষাৰ সংকল্প

ড° হিমন্ত বিশ্ব শর্মা

বৰদোৱা!

এই শব্দটোৰ সৈতে অসম আৰু অসমীয়াৰ এক আত্মিক তথা আবেগিক সম্পর্ক আছে। এই পবিত্র ভূমি হৈছে আমাৰ জাতীয় জীৱনৰ মহানায়ক মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ এনে এগৰাকী যুগপুৰুষ যি পুৰণি অসমীয়া কবিসকলৰ ভিতৰত সৰ্বপ্ৰথমে অসমৰ সৈতে ভাৰতবৰ্ষক যুক্ত কৰিছিল। এই সম্পৰ্কত বিৰিঞ্চি কুমাৰ বৰুৱাই মন্তব্য দিছিল – ‘The conception of India as our mother country was conceived by Sankardeva five centuries ago. He wanted the people to feel proud of being born in his holy country of Bharatvarsha, as India provides an immense opportunity for development of men’s moral and spiritual potentialities. Repeatedly did he emphasize the glorious and spiritual experience of India.’ তেখেতে নিজৰ সৃষ্টিৰাজিত অলেখবাৰ ভাৰতবৰ্ষৰ গুণানুকীৰ্তন কৰিছে। ভক্তি ৰত্নাকৰ অসমীয়ালৈ অনুবাদ কৰি মহাপুৰুষজনাই এটা অধ্যায়ৰ নাম তেখেতে ৰাখিছে “ভাৰত ভূ প্ৰশংসা”। “ভাৰতে মনুষ্য তনু কত পুণ্যে পায়” অথবা “ধন্য ধন্য কলি কাল, ধন্য নৰ তনু ভাল, ধন্য ধন্য ভাৰত বৰিষে” আদিৰ উল্লেখ ভাৰতবৰ্ষৰ প্ৰতি বৈষ্ণৱ মহাপুৰুষসকলৰ পৱিত্ৰ আৱেগৰ প্ৰকাশ।

মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ ভাৰতীয় দৰ্শনৰ জ্ঞানেৰে কেনেদৰে সমৃদ্ধ হৈছিল আৰু ভাৰতবৰ্ষৰ বিভিন্ন তীর্থ পৰিদৰ্শন কৰি তেখেতে কেনেদৰে নিজকে সমৃদ্ধ কৰিছিল সেই সম্পর্কত ড° মহেশ্বৰ নেওগে কৈছে —

“… আৰু কেইবছৰমানৰ পিছত তেওঁ ওলাল উত্তৰ ভাৰতৰ নানা তীর্থস্থান বুলি। তাত তেওঁ কি দেখিলে, কি শুনিলে ‘কীর্তন-ঘোষাৰ’ দুটা শাৰীত তেওঁ নিজে তাৰ ইঙ্গিত দিছে: ‘ওড়েষা বাৰাণসী ঠাৱে ঠাৱে। কবিৰ গীত শিষ্টসৱে গাৱে।’ সঁচা কথা, সমগ্ৰ ভাৰত জুৰি তেতিয়া গীতৰ প্লাবন উঠিছিল; মন্দিৰৰ মন্ত্র-স্ত্ৰোত-পাঠৰ ধ্বনি সেই প্লাৱনে উটুৱাই নিয়াৰ উপক্ৰম কৰিছিল। নতুন প্লাবনে নতুন বার্তা লৈ আনিছিল এক নতুন ধৰ্মৰ-নতুন ধর্ম ঠিক নহয়, প্রাচীন ধৰ্মৰ এক অভিনৱ ৰূপৰ। বাহ্য প্ৰক্ৰিয়াৰ আড়ম্বৰৰপৰা দৃষ্টি আঁতৰাই অন্তৰৰ ক্ৰিয়াৰ ওপৰত এই অভিনৱ ধৰ্মত গুৰুত্ব আৰোপ কৰা হ’ল। এই ধৰ্মৰ নাম ভক্তি আৰু সংজ্ঞা: সা ভক্তি যা পৰানুৰক্তিৰীশ্বৰে পৰম ভজনীয় দেৱতাত পৰম অনুৰক্তি। সেই অনুৰক্তিৰ মাধ্যম হ’ল গীত অনুৰক্তৰ নিজস্ব ভাষাৰ গীত। ই যেন এক নতুন মুক্তি।”

সি যি কি নহওঁক, শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত বৰদোৱা অঞ্চল যে এসময়ত শস্যে মস্যে অনুপম আছিল, সেই কথা গুৰুজনাই নিজে উল্লেখ কৰি থৈ গৈছে। মাধৱ কন্দলীয়ে ৰচনা কৰা ৰামায়ন সম্পূৰ্ণ কৰাৰ স্বাৰ্থত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে বাল্মিকী ৰামায়নৰ উত্তৰাকাণ্ড অসমীয়া ভাষালৈ ভাঙনি কৰিছিল। তাত আত্ম পৰিচয় প্রদান কৰোতে শংকৰদেৱ গুৰুজনাই লিখিছিল- “বৰদোৱা নামে গ্রাম শস্যেমস্যে অনুপাম / লোহিত্যৰ জলে অনুকূল।” এই বৰদোৱা অঞ্চলৰ সৈতে বৈষ্ণৱ যুগৰ এগৰাকী মহীয়সী নাৰী সতী ৰাধিকাৰ নামো গৌৰৱেৰে সাঙোৰ খাই আছে।

অসম আৰু অসমীয়া মানুহৰ আবেগ বিজড়িত এই বৰদোৱা, শ্ৰীমন্ত শংকৰদেৱৰ এই পৱিত্ৰ জন্মস্থানখন কালৰ কুটিল গতিত এদিন গভীৰ অস্থিত্বৰ সংকটত ভূগিছিল। পমুৱা মুছলমানৰ নিৰন্তৰ প্ৰব্ৰজনৰ ফলত অসমীয়া সংস্কৃতিৰ স্নায়ুকেন্দ্ৰ এই বৰদোৱাতে এদিন অসমৰ বৈষ্ণৱ সংস্কৃতি সংকটাপন্ন হৈছিল। কংগ্ৰেছ চৰকাৰৰ ধাৰাবাহিক চক্ৰান্তৰ পৰিণতিত গুৰুজনাৰ আবিৰ্ভাৱ ক্ষেত্ৰখন পৰিণত হৈছিল বেদখলকাৰী মিঞাৰ ৰম্যভূমিত। সেই আগ্ৰাসীসকলে কংগ্ৰেছ চৰকাৰসমূহৰ চত্ৰছাঁয়াত জাতীয় অস্তিত্বৰ প্রাণকেন্দ্ৰস্বৰূপ সত্ৰ, নামঘৰ আদি বেদখল কৰিছিল আৰু এই জাতিধ্বংসী প্ৰক্ৰিয়াৰ পৰা বৰদোৱাও সাৰি যোৱা নাছিল। সত্ৰ অনুষ্ঠানকে ধৰি অসমীয়া সংস্কৃতিৰ নাভিকেন্দ্ৰ বৰদোৱা, বৰপেটা আদি অঞ্চলবোৰত পমুৱা মুছলমানৰ আগ্ৰাসন এক দীঘলীয়া চক্ৰান্তৰ ফল। পৱিত্ৰ সনাতন সংস্কৃতি ধ্বংসৰ জৰিয়তে অসমীয়াৰ জাতীয় জীৱন ঠানবান কৰি তাৰ ঠাইত অচিনাকি মৌলবাদী সংস্কৃতিৰ পোহাৰ মেলিব খোজা এয়া এক দীৰ্ঘম্যাদী আৰু সুচিন্তিত পৰিকল্পনাৰ ৰূপায়ণ। এই কাৰ্যত সৰ্বতোপ্ৰকাৰে সহায় কৰি আহিছিল অসমৰ কংগ্ৰেছ চৰকাৰসমূহে।

মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু শ্রীশ্রীমাধৱদেৱে অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে স্থাপন কৰা এটি চিৰ জ্যোতিষ্মান অনুষ্ঠান হৈছে ৰাজ্যখনৰ সত্ৰসমূহ। অসমৰ সত্ৰসমূহ হৈছে একোটা আধ্যাত্মিক অনুষ্ঠান, লগতে অসমীয়া সামাজিক আৰু সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰ। সত্ৰত বৰগীত, সত্ৰীয়া নৃত্য, চালি নৃত্য, ঝুমুৰা নৃত্য, দশাৱতাৰ নৃত্য আদিৰ চর্চা হোৱাৰ লগতে পুৰণি পুথি-পাঁজি আৰু বুৰঞ্জীমূলক সমলৰ ভঁৰাল আছে। সত্ৰসমূহ কেৱল মঠ নহয়, বৰং ঐতিহ্যবাহী শিল্পকলাৰ কেন্দ্র। অসমীয়া মানুহক এক নৱজাগৰণৰ দিশলৈ আগবঢ়াই দি ভাষা-সংস্কৃতি আদি সকলো দিশৰেপৰা সমৃদ্ধ কৰা মহাপুৰুষজনাৰ অমূল্য চিন্তাৰ ফচল, অসমীয়া জাতীয় জীৱনৰ প্ৰাণস্বৰূপ সত্ৰবোৰ অনুপ্ৰৱেশকাৰীৰ কবলত পৰাৰ ফলত আমাৰ জাতীয় অস্তিত্ব, সংস্কৃতি, ভাষা আৰু সর্বোপৰি জাতীয় প্রতিৰোধ থানবান হোৱাৰ উপক্রম ঘটিছে। বিগত সময়ছোৱাত আমাৰ স্বাভিমানৰ প্রতীক এই সত্ৰসমূহ বৃহৎ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে।

অসম সত্র ভূমি সমস্যা পর্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ প্ৰতিবেদনত প্রকাশ পোৱা মতে অসমৰ সত্ৰৰ ১৫,২৮৯ বিঘাতকৈও অধিক ভূমি বেদখলৰ কৱলত পৰিছে। অকল বৰপেটা জিলাৰেই ৭,১৩৭ বিঘা ভূমি বেদখলকাৰীয়ে হস্তগত কৰিছে। একেদৰে বজালী, নগাঁও, লখিমপুৰ, ডিব্ৰুগড়, কামৰূপ, বঙাইগাঁও, মাজুলী আৰু ধুবুৰী জিলাত মিঞা বেদখলকাৰীয়ে অধিক হাৰত ভূমি দখল কৰিছে। বহু সত্ৰ আৰু নামঘৰ বেদখকাৰীৰ অত্যাচাৰ-উৎপাত আৰু লুণ্ঠনৰ বাবে চিৰদিনৰ বাবে নোহোৱা হৈ গৈছে।

বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ আমাৰ স্বাভিমান আৰু সংস্কৃতিৰ প্ৰাণ ৰক্ষাৰ বাবে সম্পূর্ণৰূপে দায়বদ্ধ। ২০১৬ চনৰ বিধানসভা নির্বাচনৰ আগে আগে প্রকাশিত ‘অসম দৃষ্টিপত্র’ (Assam Vision Document ২০১৬-২০২৫) ত ভাৰতীয় জনতা পার্টিয়ে অসমৰ সত্ৰ, অন্যান্য ধর্মীয়, সাংস্কৃতিক আৰু পাৰিপার্শ্বিক মাটিবোৰ অনুপ্ৰৱেশকাৰীৰ দখলৰপৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ২০২১ৰ বিধানসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি প্রকাশ কৰা সংকল্প পত্ৰতো আমাৰ দলে সত্ৰ আৰু জনজাতীয় লোকৰ ধৰ্মীয় উপাসনা স্থলীৰ ভূমি অবৈধ অনুপ্ৰৱেশকাৰীৰ হাতৰপৰা বেদখলমুক্ত কৰাৰ প্রতিশ্রুতি প্রদান কৰিছিল। তদুপৰি অসমৰ সমূহ নামঘৰ আৰু জনজাতীয় লোকৰ ধৰ্মীয় উপাসনা স্থলীবোৰ শক্তিশালী কৰি তোলাৰ বাবে আমি তেনে প্রতি অনুষ্ঠানক আঢ়ৈ লাখ টকাকৈ সাহায্য দিয়াৰ প্রতিশ্রুতি প্রদান কৰিছিলো। প্রতিশ্রুতিতে সীমাবদ্ধ নাথাকি অসমৰ প্ৰতিখন সত্ৰ, নামঘৰ আৰু জনজাতীয় লোকৰ উপাসনা স্থলীৰ মাটি বেদখলকাৰীৰ হাতৰপৰা পুনৰুদ্ধাৰ কৰাৰ বাবে আমি অবিৰত পদক্ষেপ গ্রহণ কৰিছো। একেসময়তে অসমৰ জাতীয় জীৱন পুনৰ ঠন ধৰি উঠাৰ স্বাৰ্থত কেইবাটাও অভিনৱ প্রকল্প আমি হাতত লৈছোঁ।

২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটত বিত্তমন্ত্রী হিচাপে মই বৰদোৱা থানৰ বাবে পদক্ষেপ লোৱাৰ ঘোষণা আগবঢ়াইছিলো। সেই বাজেট ভাষণত মই কৈছিলো

“….আমাৰ চৰকাৰে নগাঁও জিলাস্থিত বটদ্রৱা থানক কলা, সংস্কৃতি, গৱেষণা আৰু আধ্যাত্মিকতাৰ এক কেন্দ্রৰূপে গঢ়ি তুলিবলৈ প্রস্তাৱ আগবঢ়াইছে। বটদ্ৰৱা থান চৌহদ আৰু ইয়াৰ আশে-পাশে থকা এলেকাসমূহক এক অদ্বিতীয় সাংস্কৃতিক, ধর্মীয় তথা পর্যটকৰ আকৰ্ষণ-স্থলী হিচাপে গঢ়ি তুলিবৰ বাবে গড়কাপ্টানি বিভাগে এখন বিস্তৃত প্রকল্প প্রতিবেদন যুগুতাই উলিয়াইছে। এই প্রকল্পৰ মুঠ আনুমানিক ব্যয় হ’ব ১৮৮ কোটি টকা। এই প্রকল্পৰ বাবে মই প্রথম পর্যায়ত ৫০ কৌটি টকা আৱণ্টনৰ প্ৰস্তাৱ আগবঢ়াইছো।”

পৰৱৰ্তী সময়ত আমি অসমৰ মুখ্যমন্ত্রী হিচাপে শপত লোৱাৰ পিছত গুৰুজনাৰ স্মৃতি বিজড়িত বৰদোৱা অঞ্চলৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰিবলৈ ২০২২ চনৰ ডিচেম্বৰ মাহৰ শেহৰফালে এক বৃহৎ উচ্ছেদ অভিযান চলোৱা হয়। আমাৰ সাংস্কৃতিক হৃৎপিণ্ড সেই বৰদোৱাকে সাংস্কৃতিক আৰু পৰ্যটনৰ এক অন্যতম কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে অসম চৰকাৰে ৰূপায়ন কৰিছে এক অভিলাষী প্রকল্প। ২২৭ কোটি টকা ব্যয়ৰে গঢ়ি তোলা এই বৰদোৱা সাংস্কৃতিক প্রকল্পই ঐতিহ্যমণ্ডিত বৰদোৱাক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থলী কৰি তোলাৰ লগতে গুৰুজনাৰ জীৱন আৰু আদর্শ তথা অসমৰ চহকী কলা-সংস্কৃতিক প্রতিফলিত কৰিব। তিনিটা পৰ্যায়ত ১৬৫ বিঘা ভূমিত এই প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। সমগ্ৰ সাংস্কৃতিক প্ৰকল্পটো এজোপা বৃক্ষৰ ৰূপত ভিত্তি কৰি গঢ়ি তোলা হৈছে, য’ত মহাপুৰুষগৰাকীৰ গুৰু আসন কেন্দ্ৰস্থানত আছে আৰু তাৰ পৰা সকলো ভৱনৰ শাখা-প্ৰশাখা ইটোৱে সিটোৰ সৈতে আন্তঃসংলগ্ন হৈ আছে। প্ৰকল্পটোত বিস্তৃতভাৱে পৰম্পৰাগত স্থাপত্য আৰু অসমৰ সাংস্কৃতিক বৈশিষ্ট্যসমূহৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনবৃত্তৰ চিত্ৰায়ণ সামৰি লোৱা হৈছে। প্ৰকল্পটোৰ ভৱনসমূহ বিভিন্ন বাদ্যযন্ত্ৰ, নৃত্য পৰিৱেশনশৈলী আৰু জীৱনশৈলীৰ প্ৰতিকৃতিৰ ৰূপত নিৰ্মাণ কৰা হৈছে। তদুপৰি ভগবান শ্ৰীকৃষ্ণৰ জীৱন বৃত্তান্ত সম্পকীৰ্য় প্ৰদৰ্শনীৰ লগতে নাটক, ভাওনা আদি পৰিৱেশন কৰিব পৰাকৈ নাটঘৰ নিৰ্মাণ, পৰিবেশ্য কলাৰ বাবে কলাকেন্দ্ৰ, জলপান গৃহ, আবাস গৃহ আদি স্থাপন কৰা হৈছে। পৰ্যটকৰ থকা-মেলাৰ বাবে যাত্ৰী নিবাস, জনজাতীয় যাত্ৰী নিবাস, পৰ্যটক আৰু কৰ্মচাৰীসকলৰ বাবে চিকিৎসা সেৱা উপলব্ধ হোৱাকৈ স্বাস্থ্য কেন্দ্ৰ, পৰ্যটকসকলক অসমীয়া জাতীয় জীৱনৰ লগত সংপৃক্ত নামঘৰ সংস্কৃতিৰ কলাত্মক দিশটোৰ সৈতে পৰিচিত কৰিব পৰাকৈ মণিকাঞ্চন গৃহ, বটদ্ৰৱা থানত থকা অনান্য সা-সুবিধাসমূহ যেনে–মণিকাঞ্চন জলৰাশি, সুৰক্ষাৰ বাবে নিৰীক্ষণ টাৱাৰ, পদপথ, বাহন ৰখাৰ বাবে স্থান আদি প্ৰকল্পটোত সামৰি লোৱা হৈছে।

বটদ্ৰৱা থানৰ উন্নয়ন সাধনে অঞ্চলটোক এক সাংস্কৃতিক আৰু পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তুলিব। এই প্ৰয়াসে মহাপুৰুষগৰাকীৰ অমৰ সৃষ্টিৰাজি, জীৱন দৰ্শন, সাংস্কৃতিক চেতনাক নতুন প্ৰজন্ম আৰু ৰাষ্ট্ৰীয় স্তৰলৈ লৈ যাব। তদুপৰি এই প্ৰকল্পই অসমৰ আধ্যত্মিক পৰ্যটন ক্ষেত্ৰখনক অধিক বিকশাই তুলিব। প্ৰকল্পটোৱে দেশী-বিদেশী পৰ্যটকসকলক মহাপুৰুষগৰাকীৰ বিষয়ে জনাৰ অধিক সুযোগ প্ৰদান কৰিব।

আমাৰ বাবে পৰম সৌভাগ্যৰ কথা এয়ে যে গুৰুজনাৰ জন্মস্থানত আমাৰ চৰকাৰখনে ৰূপায়ণ কৰা এই প্রকল্পৰ শুভউদ্বোধন কৰিবলৈ ভাৰত চৰকাৰৰ সন্মানীয় গৃহমন্ত্রী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াই সন্মতি জনাইছে। অসমৰ প্ৰতি থকা তেখেতৰ এনে নিভাজ আত্মীয়তাৰ বাবে আমি শ্বাহ ডাঙৰীয়াক অসমবাসীৰ হৈ কৃতজ্ঞতা জনাইছো। আমি বিশ্বাস কৰো যে অসমৰ জাতীয় অস্তিত্ব সুৰক্ষিত হ’বলৈ হ’লে অসমৰ মানুহৰ প্ৰাণস্বৰূপ সত্ৰসমূহ বেদখলকাৰীৰ কবলৰপৰা সুৰক্ষিত হ’ব লাগিব আৰু আমি সকলো থলুৱা অসমবাসীয়ে সিহঁতৰ নিষ্ঠুৰ ধৰ্মীয় আগ্রাসনক প্রতিহত কৰিব লাগিব। কংগ্ৰেছৰ দুৰ্বলতা আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ বাবেই সংখ্যাত বাঢ়ি বাঢ়ি বর্তমান প্রায় ডেৰ কোটি মানুহেৰে গঢ় লৈ উঠা অনাকাংক্ষিত নতুন সভ্যতাক ন্যয্যতা প্রদানৰ স্বাৰ্থত শংকৰ-মাধৱৰ এই পৱিত্ৰ অসমক কোনোবাই উদ্দেশ্য প্রণোদিতভাবে শংকৰ-আজানৰ অসম বুলি ক’লে আমি মানি নলওঁ। গুৰু-শিষ্যৰ মণি-কাঞ্চন সংযোগে, অর্থাৎ শংকৰ-মাধৱৰ মিলনে যিখন অসমৰ সভ্যতা, সংস্কৃতিক নতুন গতি দিছিল, নতুন মাত্রা দিছিল, সেইখন অসমত গুৰু শ্ৰীশ্ৰীমাধৱদেৱৰ নাম নোহোৱা কৰি শ্ৰীমন্ত শংকৰদেৱকো দুৰ্বল কৰিবলৈ চলোৱা কু-অভিসন্ধি আমি কেতিয়াও সফলকাম হ’বলৈ দিব নোৱাৰো।

বৰদোৱা সাংস্কৃতিক প্রকল্প মুকলিৰ এই বিশেষ দিনটোত মই এই দৃঢ় সংকল্প দোহাৰিছো।

You might also like