নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বনাধীন চৰকাৰৰ দুবছৰীয়া কার্যকালত অসমৰ ক্রীড়াজগত

  • লক্ষ্য কোঁৱৰ

 

অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে দুবছৰ পূর্ণ কৰাৰ এই মধুৰ সন্ধিক্ষণত মোৰ লগতে ৰাজ্যৰ ক্রীডাপ্রেমীৰ মানসপটতো অসমৰ ক্রীডা জগতে যোৱা দুটা বছৰত যি গৌৰৱময় ডত্তৰণ কৰিলে সেয়া চিৰস্মৰণীয় সাফল্যৰ আশাৰ বন্তি ৰূপে ডজলি ডঠিছে৷ অসমীয়া সমাজ জীৱনৰ সর্বকালৰ সর্বশ্রেষ্ঠ আন্তর্জাতিক গৌৰৱ বক্সাৰ লাভলীনা বৰগোহাইৰ অলিম্পিক পদক জয়ৰ সফলতাৰেই নতুন চৰকাৰখনৰ শুভ আৰম্ভণি হৈছিল৷ টকি’ অলিম্পিকত লাভলীনাই ৰিঙত নমাৰ পূর্বেই খেলুৱৈগৰাকীক ডৎসাহ যোগোৱাৰ ডদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে মন্ত্রীসভাৰ প্রতিজন সদস্য তথা বিধায়কসকলে একত্রিত হৈ দিছপুৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ চাইকেল চলাই অহাৰ ঘটনা অসমৰ ক্রীডাক্ষেত্রত প্রথমবাৰৰ বাবে হৈছিল৷ অর্থাৎ আজি দুবছৰ সম্পূর্ণ কৰা এই চৰকাৰখনে দুমাহতে ৰাজ্যৰ ক্রীডা আৰু ক্রীডাবিদৰ প্রতি কিদৰে সচেতন তথা সক্রিয় অভিভাৱকৰ দায়িত্ব পালন কৰিব সেয়া মুখ্যমন্ত্রীয়ে নিজেই দেখুৱাই দিছিল৷
চৰকাৰখনৰ বয়স যেতিয়া চাৰি মাহ হ’ল তেতিয়া মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আন এক যুগান্তকাৰী সিদ্ধান্ত লৈ ৰাষ্ট্রীয় পর্যায়ত পদক জয় কৰা ৰাজ্যৰ প্রাক্তন খেলুৱৈসকলক ক্রীডা পেন্সন প্রদান কৰিলে৷ তদুপৰি ৰাজ্যৰ দুশৰো অধিক খেলুৱৈক আর্থিক সাহায্য প্রদান কৰি চৰকাৰে সন্মানিত কৰিলে৷ ডত্তৰ–পূবৰ প্রথমজন অর্জুন বঁটা বিজয়ী মহান ক্রীডাবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো ৰাজ্য চৰকাৰে ক্রীডা দিৱস হিচাপে পালন কৰাৰ ব্যৱস্থা গ্রহণ কৰাৰ লগতে ডক্ত দিনতে বার্ষিক ক্রীডা পেন্সন প্রদানৰ সিদ্ধান্তও লোৱা হয়৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লগতে ঘোষণা কৰে যে অসমৰ যিসকল খেলুৱৈয়ে ৰাষ্ট্রীয় আৰু আন্তর্জাতিক প্রতিযোগিতাত পদক লাভ কৰিব তেওঁলোকক ৰাজ্য চৰকাৰে আর্থিক পুৰস্কাৰ দিয়াৰ লগতে চৰকাৰী চাকৰি তথা ক্রীডা পেন্সনো প্রদান কৰিব৷ ৰাজ্য চৰকাৰৰ এই পদক্ষেপে যুৱসমাজক ক্রীডাক পেছা হিচাপে লোৱাৰ বাট মুকলি কৰি দিয়ে৷
ক’ৰোনা মহামাৰীয়ে বিশ্বৰ লগতে অসমতো ক্রীডা প্রতিযোগিতা আয়োজনত স্থৱিৰতা লৈ আনিছিল৷ কিন্তু প্রতিযোগিতা অবিহনে কেতিয়াও ক্রীডাবিদ সৃষ্টি নহয়, নতুন প্রতিভা চিনাক্ত নহয়৷ এই বিষয়টো লৈ ক্রীডা সমাজ চিন্তিত হৈ থকাৰ সময়তে অসম অলিম্পিক সন্থাৰ লগত হোৱা আলোচনা মর্মে ৰাজ্য চৰকাৰে সমগ্র ৰাজ্য সামৰি জুনিয়ৰ পর্যায়ৰ এখন ক্রীডা প্রতিযোগিতা আয়োজনত অসম অলিম্পিক সন্থাক সহযোগিতা আগবঢ়ালে৷ যুৱ অলিম্পিক গেমছ সফলতাৰে আয়োজন কৰাত ৰাজ্য চৰকাৰৰ সহযোগিতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কার্যসূচীত অংশগ্রহণ আছিল এক ইতিবাচক দিশ৷ জিলা ক্রীডা সন্থা তথা ৰাজ্যিক ক্রীডা সন্থাৰ জৰিয়তে অসম অলিম্পিক সন্থাই যুৱ অলিম্পিক গেমছ সফলতাৰে আয়োজন কৰি ক’ভিড কালত স্থবিৰ হোৱা অসমৰ ক্রীডা জগতক পুনৰ জাগ্রত কৰিলে৷ ৰাজ্য চৰকাৰৰ সহযোগ অবিহনে এয়া সম্ভৱ নহ’লহেতেন৷ যুৱ অলিম্পিক গেমছৰ পাছতে অসমত ৰাষ্ট্রীয় তথা আন্তর্জাতিক ক্রীডা প্রতিযোগিতা আয়োজনৰ ধাৰাটোও আৰম্ভ হ’ল৷ অসম চৰকাৰে প্রথমবাৰৰ বাবে গুৱাহাটীত আয়োজন কৰিলে ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খেল৷ সাত বছৰৰ বিৰতিৰ পাছত যোৱা বছৰ গুজৰাটত অনুষ্ঠিত হৈছিল ৰাষ্ট্রীয় ক্রীডা৷ অসম চৰকাৰে এই ৰাষ্ট্রীয় ক্রীডালৈ দল প্রেৰণ কৰাত এশ শতাংশ সহযোগিতা আগবঢ়ায় অসম অলিম্পিক সন্থাক৷ প্রথমবাৰৰ বাবে অসম দলৰ অহা–যোৱা বিমানত কৰাৰ সুবিধা প্রদান কৰিছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইফালে, ৰাষ্ট্রীয় ক্রীডাত পদক লাভ কৰা খেলুৱৈক চৰকাৰী চাকৰি প্রদান কৰাৰ কথাও মুখ্যমন্ত্রীয়ে ঘোষণা কৰে আৰু এতিয়া এইদিশত ব্যৱস্থাও গ্রহণ কৰিছে৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই অসমৰ ক্রীডাবিদক শ্রেষ্ঠত্ব প্রদর্শন কৰাত ডদগনি যোগাইছে৷ ইফালে, শ্বিলঙত হোৱা নর্থ ইষ্ট গেমছলৈ অসম দল প্রেৰণৰ সময়তো ৰাজ্য চৰকাৰৰ ভূমিকা গুৰুত্বপূর্ণ আছিল৷
অসমৰ তাৰকা ক্রীডাবিদক সন্মানৰ লগতে ৰাজ্যলৈ আৰু অধিক গৌৰৱ লৈ অনাৰ দিশত ৰাজ্য চৰকাৰে খেলুৱৈয়ে বিচৰা সকলোখিনিয়ে সুবিধা প্রদান কৰিছে৷ অলিম্পিক পদকজয়ী খেলৰত্ন লাভলীনা বৰগোহাইক অসম চৰকাৰে টকি’ৰ সফলতাৰ পাছৰে পৰাই আসন্ন পেৰিছ অলিম্পিকলৈ ডন্নত প্রশিক্ষণৰ বাবে মাহিলি আর্থিক সাহায্য দি আহিছে৷ আনহাতে, বিশ্ব চেম্পিয়ন হোৱাৰ পাছত লাভলীনাই বিচৰা ধৰণে অতিৰিক্ত বিদেশী প্রশিক্ষকৰো ব্যৱস্থা চৰকাৰে কৰি দিছে৷ লাভলীনাৰ লগতে দুই অর্জুন বঁটা বিজয়ী ক্রীডাবিদ কমনৱেলথ গেমছৰ স্বর্ণজয়ী নয়নমনি শইকীয়া তথা এছিয়ান গেমছৰ স্বর্ণজয়ী হিমা দাসক অসম আৰক্ষীৰ শীর্ষ পদবীত নিযুক্তি দি নৱাগত খেলুৱৈসকলক সপোন দেখা আৰু লক্ষ্যত ডপনীত হোৱাৰ দিশত চৰকাৰে ডদগনি যোগাইছে৷ তদুপৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নৱ চিন্তাৰে প্রৱর্তন কৰা ৰাজ্যিক বঁটাতো লাভলীনা আৰু নয়নমনিক সন্মানিত কৰা হৈছে৷
বিগত সময়ছোৱাত অসমত ৰাষ্ট্রীয়–আন্তর্জাতিক ক্রীডা প্রতিযোগিতাৰ সফল আয়োজনত অসমৰ চৰকাৰৰ সহযোগিতা এশ শতাংশ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দৃঢ় পদক্ষেপৰ বাবেই গুৱাহাটীত প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’ল আই পি এল৷ ইফালে, ৰাজ্য চৰকাৰৰ সহযোগত অসম ক্রিকেট সন্থাই প্রথমবাৰৰ বাবে গুৱাহাটীত বিশ্বকাপ ক্রিকেটৰ মেচো আয়োজন কৰিবলৈ গৈ আছে৷ তদুপৰি প্রায় পাঁচ দশকৰ পাছত ৰাজ্য চৰকাৰৰ সহযোগিতাৰে অসম অনুষ্ঠিত হৈছে ছিনিয়ৰ ৰাষ্ট্রীয় ভলীবল প্রতিযোগিতা৷ তামুলপুৰত এছিয়ান খো খো আয়োজনৰ লগতে ৰাজ্যত অনুষ্ঠিত হোৱা অনান্য ৰাষ্ট্রীয়–আন্তর্জাতিক ক্রীডা প্রতিযোগিতাৰ সফল আয়োজনত অসমৰ চৰকাৰৰে ৰাজ্যিক ক্রীডা নীতিৰ অধীনত পূর্ণ সহযোগিতা আগবঢ়াইছে৷ ৰাজ্য চৰকাৰৰ এই সহযোগে অসমৰ প্রতিটো ক্রীডা সন্থাক কাম কৰাত ডৎসাহ যোগাইছে৷
ক্রীডা বিকাশৰ আৰম্ভণি তৃণমূল পর্যায়ৰ পৰাই হয়৷ লাভলীনা আৰু হিমাৰ বিশ্বজয়ৰ সফলতাই প্রমাণ কৰিছে অসমৰ গ্রামাঞ্চলত থকা ক্রীডা প্রতিভাৰ সোণৰ খনিক৷ অসম চৰকাৰে এই দিশটোত গুৰুত্ব দি জিলা আৰু মণ্ডল পর্যায়তো আধুনিক ক্রীডা আন্তঃগাঁথনি নির্মাণৰ পৰকল্পনা হাতত লৈ ইতিমধ্যে কেইবাটাও প্রকল্প মুকলি কৰিছে৷ বার্ষিক বাজেটত ক্রীডাক্ষেত্রৰ ধন বৃদ্ধি কৰা হৈছে৷ আনহাতে, প্রতিভা সন্ধানৰ লক্ষ্যৰে ক্রীডা মহাকুম্ভৰ দৰে প্রতিযোগিতা অসমত আয়োজনৰ কথাও ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে৷ এই প্রতিযোগিতাই অসমৰ ক্রীডাক্ষেত্রৰ ৰূপটোৱে সলনি কৰি দিব৷
ৰাজ্যৰ ক্রীডা ডত্তৰণৰ দিশত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসমৰ চৰকাৰৰ যি দৃঢ় পদক্ষেপ সেয়া খেলুৱৈ, ক্রীডা সংগঠক আৰু সমাজৰ বাবে এক আশা তথা লক্ষ্যত ডপনীত হ’ব পৰা সুবর্ণ সুযোগ৷ অসমক লৈ দেশে গৌৰৱ কৰিব পৰা ক্রীডাবিদ জন্ম দিয়াটোৱে আমাৰ লক্ষ্য হ’ব লাগে৷ অসম চৰকাৰৰ দুবছৰীয়া বর্ষপূর্তিত আন্তৰিক অভিনন্দন জনোৱাৰ লগতে কৃতজ্ঞতাও প্রকাশ কৰিছোঁ ৰাজ্যৰ ক্রীডাজগতৰ বিকাশত কৰা অনবদ্য কামৰ বাবে৷ আশা ৰাখিছোঁ ৰাজ্য চৰকাৰে অসমৰ ক্রীডা সমাজৰ প্রতি যি আস্থা ৰাখি সপোন দেখিছে সেয়া খেলুৱৈ, ক্রীডা সংগঠক আৰু সমাজৰ প্রতিটো শ্রেণীৰ নাগৰিকে লক্ষ্য প্রাপ্তিত পূর্ণ সহযোগ কৰিব৷

You might also like