নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকলৈ ভাৰতৰ ২২৮জনীয়া শক্তিশালী দল

নিয়মীয়া বাৰ্তা, ১৪ জুলাই: সমাগত টকিঅ’ অলিম্পিকলৈ ভাৰতে ২২৮জনীয়া এটা শক্তিশালী দল প্রেৰণ কৰিব৷ ইয়াৰে ১১৯গৰাকী এথলিট৷ ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নাৰিন্দৰ বাট্রাই মঙলবাৰে এই কথা ঘোষণা কৰে৷

অলিম্পিকলৈ যোগ্যতা অর্জন কৰা খেলুৱৈসকলৰে প্রধানমন্ত্রী মোদীয়ে  মঙলবাৰে সন্ধিয়া বার্তালাপ কৰাৰ সময়ত বাট্রাই কয় যে ভাৰতে এইবাৰ টকিঅ’ অলিম্পিকত ২২৮জনীয়া এটা শক্তিশালী দলেৰে প্রতিদ্বন্দ্বিতাত নামিব৷ দলটোৱে ৮৫টা পদক ইভেণ্টৰ বাবে যুঁজ আগবঢ়াব৷ ১১৯গৰাকী এথলিটৰ ৬৭গৰাকী পুৰুষ আৰু ৫২গৰাকী মহিলা বুলিও বাট্রাই জানিবলৈ দিয়ে৷

উল্লেখ্য যে অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকলৈ অহা ১৭ জুলাইত ভাৰতৰ প্রথমটো দল ৰাওনা হ’ব৷ টকিঅ’ অলিম্পিকত ভাৰতৰ অন্যতম পদকপ্রত্যাশী হ’ব নীৰজ চোপ্রা, শিৱপাল সিং, ডুটি চান্দ, পি ভি সিন্ধু, এম চি মেৰীকম, লাভলীনা বৰগোহাঁই, মনু ভাকেৰ, বজৰং পুনিয়া, ভিনেশ ফগাট, দীপিকা কুমাৰী আদি৷

You might also like