নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মনলৈ অহা অবাঞ্ছিত ভাবনা, ভয়াৱহ চিন্তাৰ ক্ষেত্ৰত টোপনিৰ আছে ভূমিকা

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ টোপনি মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। টোপনিৰ অভাৱৰ ফলত দেখা দিব পাৰে নানা সমস্যা। শেহতীয়া এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে মানুহে টোপনিৰ সময়ত মনলৈ অহা নানা অবাঞ্ছিত চিন্তা বা ভয়াৱহ সপোন আদি অপ্ৰীতিকৰ চিন্তা-ভাবনা প্ৰতিৰোধৰ ক্ষমতা লাহে লাহে হেৰুৱাই পেলাইছে।

ভালদৰে টোপনি অহা লোকৰ ক্ষেত্ৰত ই বিশেষ প্ৰভাৱ নেপেলাই যদিও কমকৈ টোপনি অহা বা টোপনিৰ পৰা বঞ্চিত লোকসকলে মনলৈ অহা নানা অপ্ৰীতিকৰ চিন্তা বা অবাঞ্ছিত চিন্তাক বাধা দিব পৰা মস্তিষ্কজনিত ক্ষমতা লাহে লাহে কমি আহিছে। এনে সমস্যাই স্কিজোফ্ৰেনিয়া, হতাশাত ভোগা লোকৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে।

ইউনিভাৰ্ছিটী অৱ য়ৰ্কৰ এদল গৱেষকে মনলৈ অহা অবাঞ্ছিত চিন্তাক বাধা প্ৰদান কৰিব পৰা ক্ষমতাক লৈ চলোৱা পৰীক্ষাত দেখা গৈছিল যে ভালকৈ টোপনি মৰা লোকৰ তুলনাত টোপনিৰ পৰা বঞ্চিত লোকৰ মনলৈ অহা অবাঞ্ছিত চিন্তাৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি পাইছে। দৈনন্দিন জীৱনত ঘটা নানা ঘটনা যেনে বহু বছৰ আগৰ গাড়ী দুৰ্ঘটনাৰ কথা বা আন যিকোনো অপ্ৰীতিকৰ ঘটনা মনলৈ আহি যাব পাৰে। এগৰাকী গৱেষক হেৰিংটনে কয় যে অবাঞ্ছিত চিন্তা দমন কৰাৰ ক্ষমতা ব্যক্তিভেদে ভিন্ন হব পাৰে বা ই পৰিৱৰ্তনশীল।

ইয়াৰ কাৰণবোৰো ৰহস্যময়। কিন্তু গৱেষণাৰ জৰিয়তে দেখা গৈছে টোপনিয়ে মগজুলৈ অহা অবাঞ্ছিত চিন্তাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। উপলব্ধি, অনুভৱ, মনোযোগ আদি মানুহৰ স্বাভাৱিক কাৰ্যপ্ৰণালীৰ ওপৰতো কম টোপনি বা টোপনিৰ পৰা বঞ্চিত হোৱা কাৰকে প্ৰভাৱিত কৰে। দীৰ্ঘদিনীয়াকৈ এনে পৰিস্থিতি মাজত থাকিলে মানসিক বিকাৰগ্ৰস্ততাই দেখা দিব পাৰে।

You might also like