নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিদ্ৰাহীনতাত ভুগিছে নেকি? গাৰুৰ তলত নহৰু ৰাখক

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ নহৰু, আপোনাৰ মোৰ পাকঘৰৰ একপ্ৰকাৰ মছলা। জুতি লগা খাদ্যখন নহৰু ন’হলেই যেন নচলেই। মাছ-মাংসৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো ব্যঞ্জনতে নহৰুৰ অৱদান অপৰিহাৰ্য। কেৱল খাদ্যতেই নহয় পেটৰ বিভিন্ন ৰোগটো নহৰু খালে ভাল। গেষ্ট্ৰিক, বদহজমকে ধৰি পেটৰ বিভিন্ন ৰোগত নহৰু খালে ভাল হয়। তেজ পৰিস্কাৰ কৰাটো নহৰু গুণাগুণ অধিক।

কিন্তু আপুনি কেতিয়াও ভাবিব নোৱাৰা এটা কথা। কেতিয়াবা শোৱা গাৰুৰ তলত নহৰু লৈ শুই পাইছেনে? হয় আপোনাৰ গাৰুৰ তলত যদি নহৰু লৈ শোৱে ইয়াৰ কেইবাটাও গুণাগুণ আছে যিসকল লোকৰ টোপনি নাহে বা পলমকৈ অহাৰ অভ্যাস আছে তেওঁলোকে ৰাখক গাৰুৰ তলত নহৰু তাৰ পাছত আপোনাৰ টোপনি চাওক এটি শিশুৰ দৰেই শুই পৰিব আপুনি! সোনকালে টোপনি অহাৰ লগতে গভীৰ টোপনিত নিমগ্ন হ’ব আপুনি।

আৰু  শোৱতে আপোনাৰ নাক বাজে নেকি, নাক বজাৰ অভ্যাসে বহুসময়ত বহুতকে বিপদত পেলায়। লগতে কাষত শোৱাজনৰো অসুবিধা হয়। এই বদঅভ্যাসৰ পৰা পৰিত্ৰাণ পাবলৈ গাৰুৰ তলত মাত্ৰ নহৰু ৰাখক নাক বজোৱা বন্ধ কৰক।

You might also like