নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্সফোৰ্ডৰ ক’ৰোনা ভেকচিনৰ ফলত স্বেচ্ছাসেৱকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ ক’ৰোনা ভাইৰাছ ভেকছিনৰ পৰীক্ষণৰ সময়ত এজন স্বেচ্ছাসেৱকৰ মৃত্যু হোৱাৰ খবৰে সৃষ্টি কৰিছে চাঞ্চল্য। এষ্ট্ৰাজেনেকা আৰু অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিকশিত কৰা এই ভেকচিনৰ দ্বাৰা স্বেচ্ছাসেৱকৰ মৃত্যু খবৰ দিছে ব্ৰাজিলৰ স্বাস্থ্য সংস্থা এনভিছাই।

পৰীক্ষণৰ গোপনীয়ৰ খাতিৰত উক্ত লোকজনৰ পৰিচয় জানিবলৈ দিয়া হোৱা নাই। কিন্তু তেওঁ ব্ৰাজিলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। উল্লেখ্য ভেকচিনৰ ফলত লোকজনৰ মৃত্যু হোৱাৰ পিছত এষ্ট্ৰাজেনেকাৰ শ্বেয়াৰত ১.৭ শতাংশ হ্ৰাস হোৱা দেখা গৈছে।

জানিব পৰা মতে, ব্ৰাজিল চৰকাৰে স্বেচ্ছাসেৱকৰ মৃত্যুৰ পিছতো এষ্ট্ৰাজেনেকা আৰু অক্সফোৰ্ড বিশ্ববিদ্যালয়ক ভেকচিনৰ সম্পৰীক্ষা চলাই যাবলৈ অনুমতি দিছে।

You might also like