নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতবর্ষৰ কেইখনমান বিচিত্র ঠাই…

-প্রদীপ গগৈ

ভাৰতবর্ষৰ ভিন্ন ঠাই ভ্রমণ কৰি হয়তো আপুনি উপলব্ধি কৰিছে যে এই দেশৰ ঠাইসমূহ কিমান বিচিত্র আৰু ধুনীয়া৷ এই প্রবন্ধত ভাৰতৰ এনে কিছু বিচিত্র ঠাইৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ, যিবোৰ ঠাইৰ বিষয়ে পঢ়িলে আপুনি অলপ আচৰিত হ’ব–

কর্ণী মাতা মন্দিৰ

ৰাজস্থানৰ এই মন্দিৰটো কর্ণী মাতাৰ বাবে নির্মিত৷ এই মন্দিৰত প্রতিদিনে পূজা কৰা হয়৷ এই মন্দিৰৰ বিশেষ আকর্ষণ হ’ল যে এই মন্দিৰত প্রায় ২০,০০০ নিগনি আছে৷ মন্দিৰত প্রথমে নিগনিবোৰে প্রসাদৰ সোৱাদ লোৱাৰ পিছত ভক্তসকলে প্রসাদ খায়৷ এই মন্দিৰত নিগনি হত্যা কৰাটো পাপ বুলি ধৰা হয়৷ যদি মন্দিৰত কোনোবাই নিগনিক পদদলিত কৰে, তেনেহ’লে প্রায়শ্চিত্তৰ বাবে সোণৰ নিগনিৰ মূর্তি এটা কিনি দিব লাগিব৷ নিগনিবোৰ মন্দিৰৰ চৌদিশে বিশাল সংখ্যাত ঘূৰি ফুৰে আৰু বাটিৰ পৰা গাখীৰো খায়৷ এই মন্দিৰক নিগনি মন্দিৰ বুলিও জনা যায়৷

শনি শিংনাপুৰ

মহাৰাষ্ট্রৰ শনি শিংনাপুৰ গাঁওখন দুৱাৰবিহীন গাঁও হিচাপে জনপ্রিয়৷ গাঁওখনত থকা ঘৰবোৰৰ কোনো দুৱাৰ নাই৷ গাঁওখনত দুৱাৰ নাথাকিলেও চুৰি কৰা দৰে ঘটনা সংঘটিত নহয়৷ তেওঁলোক কোনোধৰণৰ সমস্যাৰো সন্মুখীন নহয়৷ গাঁওখনত থকা লোকসকলৰ মাজত এটা বিশ্বাস আছে যে গাঁওখনত বাস কৰা দেৱতা শনিয়ে তেওঁলোকক সকলো বেয়াৰ পৰা ৰক্ষা কৰে৷ সেইখনত থকা লোকসকলৰ ধর্ম যিয়ে নহওক কিয় কোনো লোকৰ ঘৰতেই দুৱাৰ নাই৷ এই দুৱাৰ নথকা প্রথা গাঁওখনত ৩৫০ বছৰতকৈ অধিক সময়ৰ পৰাই চলি আহিছে৷

বুলেট বাবা

ভাৰতবর্ষৰ অনন্য স্থানসমূহৰ ভিতৰত এটা অনন্য স্থান হৈছে ৰাজস্থানৰ ‘বুলেট বাবা’৷ ৰাজস্থানৰ বুলেট বাবা বা ওম বান্নাই তাৰ দর্শকসকলক মন্ত্রমুগ্ধ কৰি ৰাখিছে৷ এই মন্দিৰৰ দেৱতা হ’ল এখন বুলেট বাইক৷ ভক্তসকলে তেওঁলোকৰ পথত আহিব পৰা দুর্ঘটনাৰ পৰা ৰক্ষা পাবলৈ এই মন্দিৰত পূজা কৰিবলৈ আহে৷ এই বিচিত্র মন্দিৰটো আছে ৰাজস্থানৰ যোধপুৰৰ পালি জিলাত৷ বিশ্বাস অনুসৰি, সেই ঠাইত ওম বাবাৰ এখন বুলেট বাইক আছিল৷ যিখন বাইক দুর্ঘটনাত পতিত হৈছিল আৰু ওম বাবাৰ মৃত্যু হৈছিল৷

চান্নাপাটনা কুকুৰ মন্দিৰ

কুকুৰ হৈছে সকলোতকৈ নিষ্ঠাৱান আৰু প্রেমময় প্রাণী৷ কুকুৰ ঈশ্বৰৰ এক উপহাৰ৷ কুকুৰ মানুহৰ সকলোতকৈ ভাল বন্ধু৷ কর্ণাটকৰ চান্নাপাটনা কুকুৰ মন্দিৰত কুকুৰক সন্মান কৰা হয়৷ কুকুৰ মন্দিৰটো চান্নাপাটনা চহৰৰ অগ্রহৰা ৱালাগেৰেহাল্লি অৱস্থিত৷ যাক পুতলাৰ চহৰ বুলিও জনা যায়৷ ইতিহাস অনুসৰি এজন ধনী ব্যৱসায়ীয়ে দেৱী কেম্পাম্মাৰ বাবে নির্মাণ কৰা বর্তমানৰ মন্দিৰত পূজা কৰিছিল৷ সেই সময়তে দুটা কুকুৰ গাঁওখনৰ পৰা সন্ধানহীন হৈছিল৷ সেই সময়তে গাঁওবাসীয়ে দেখিছিল এটা সপোন৷ সপোন এগৰাকী দেৱীয়ে কৈছিল– কুকুৰবোৰৰ বাবে এটা মন্দিৰ নির্মাণ কৰিব লাগে৷ নির্মাণ কৰাৰ পিছত অঞ্চলটোত হৈ থকা নেতিবাচক কামবোৰৰ পৰা গাঁওখনক সুৰক্ষিত কৰিব৷ ইয়াৰ পিছতে কেম্পাম্মা মন্দিৰৰ কাষতেই ব্যৱসায়ীজনে নির্মাণ কৰিছিল কুকুৰৰ মন্দিৰটো য’ত হেৰুওৱা কুকুৰ দুটাৰ মূর্তি বনাই পূজা কৰা হয়৷ কুকুৰ দুটাক সন্মান জনাবলৈ তাত উৎসৱো অনুষ্ঠিত কৰা হয়৷ গতিকে কুকুৰপ্রেমীসকলে এই মন্দিৰ ভ্রমণ কৰিব পাৰে৷

নিউ লাকী ৰেষ্টুটৰেণ্ট

আপুনি হয়তো বহু ৰেষ্টুটৰেণ্ট দেখিছে৷ কিন্তু কেতিয়াবা ৰেষ্টুটৰেণ্টত মৃত ব্যক্তিসকলৰ মাজত ভোজন কৰি পাইছে নে? নিশ্চয় পোৱা নাই৷ কিন্তু গুজৰাটৰ নিউ লাকী ৰেষ্টুটৰেণ্টত মুছলমানৰ সমাধিক্ষেত্র নির্মাণ কৰা হৈছে৷ ৰেষ্টুটৰেণ্টৰ ভিতৰত কফিনো আছে৷ কবৰৰ কাষত গ্রাহকসকলে আহাৰ গ্রহণ কৰে৷ প্রতিদিনে কবৰত সতেজ ফুল ৰখা হয়৷ এই ৰেষ্টুটৰেণ্টত এইদৰে খাবলৈ পোৱাটো বহু সৌভাগ্যৰ কথা বুলি বিশ্বাস কৰি আহিছে৷

You might also like