নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীতৰ লোভনীয় খাদ্য় খোৱাৰ পাছতো ওজন নিয়ন্ত্রণত ৰাখিবলৈ কি কৰিব

জাৰৰ দিনত মুখৰোচক খাদ্য় খাবলৈ কাৰনো ইচ্ছা নাযায়! বিশেষকৈ এই সময়তেই পছন্দৰ নানাবিধ শাক-চবজি আৰু ফল বজাৰত পোৱা যায়। এই সকলোবোৰ খাই শৰীৰৰ ওজন বাঢ়ি যায় বুলিও দুঃশ্চিন্তা তো হয়। অথচ অলপ চিন্তা কৰি ৰন্ধা-বঢ়া আৰু খোৱা-বোৱা কৰিলেই সকলো ঠিকে থাকে।

১। বছৰটোৰ এই সময়ত প্রতিটো খাদ্য় চর্বিহীন বা কম মেদযুক্ত প্রটিনৰ হোৱা উচিত। কম মেদযুক্ত দৈ, বাদামৰ সৰু অংশ, পিনাট-বাটাৰ, কণী, মটৰ গুটি বা অলপ চর্বি থকা মাংস খালে দৈহিক শক্তি ঠিকে থকাৰ লগতে শীতকালত ওজন বঢ়াৰো সম্ভাৱনা নাথাকে। তেজত শর্কৰাৰ মাত্রা স্থিতিশীল ৰাখিবলৈ তথা অধিক খাদ্য় খোৱা এৰিবলৈ বিশেষজ্ঞই তিনি-চাৰি ঘণ্টাৰ মূৰত অলপ অলপকৈ খোৱাৰ পৰামর্শ দিয়ে।

২। বহুতেই পুৱাৰ ব্ৰেকফাষ্ট নকৰে। তেওঁলোকে ভাবে কেলৰী কমোৱাৰ এইটো দুর্দান্ত উপায়। এই অভ্যাস ভাল নহয়। এই অভ্যাসে দিনটোত অধিক পৰিমাণৰ খাদ্য় খাবলৈহে বাধ্য কৰে। মুঠতে পুৱাৰ ব্ৰেকফাষ্ট বাদ দিয়াৰ বিপৰীতে পুষ্টিকৰ খাদ্য়ৰে দিনটোৰ আৰম্ভণি কৰক। ফল আৰু কম মেদযুক্ত দুগ্ধজাত খাদ্য় খোৱা উপযোগী।

৩। বহুতেই ৰন্ধা-বঢ়াত বহু সময় ব্যয় কৰে। আচৰিত লাগিলেও এই অভ্যাসেও ওজন বঢ়াব পাৰে, কাৰণ ৰন্ধাৰ সময়ত বহুতৰে চাকি চোৱাৰ অভ্য়াস কম-বেছি পৰিমাণে থাকে। এনেকৈ জুতি লৈ থাকোঁতে কেতিয়া ডায়েট চাৰ্ট সলনি হৈ যায় হমে পোৱা নাযায়। গতিকে সচেতন হোৱা খুব দৰকাৰ। খালী পেটে বা ভোকত থাকি ৰন্ধা-বঢ়া নকৰিব।

৪। সদায় সৰু কাঁহীত খাব লাগে। কাৰণ থালখন ডাঙৰ হলে অতিৰিক্ত খাদ্য় খাই পেলোৱাৰ সম্ভাৱনা থাকে।

৫। মাখন আৰু চেনিৰ পৰিৱর্তে ভেনিলা, বাদাম, সতেজ নেমু, শীতৰ ফল ইত্যাদি বেছিকৈ খাব লাগে। দুগ্ধদাত পানীয়, ক্রীমৰ পৰিৱর্তে কম মেদৰ বা স্কিমড মিল্ক ৰন্ধনত ব্যবহাৰ কৰিব লাগে। ওজন নিয়ন্ত্রণত থাকিব।

You might also like