নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধর্মীয় বিশ্বাসৰ সৈতে জৰিত গছ কটা বাবে ঝাৰখণ্ডত এজনক হত্য়া

ধর্মীয় বিশ্বাসৰ সৈতে জৰিত গছ কটাক কেন্দ্র কৰি এজন ব্যক্তিক পিটি হত্য়া কৰিলে ১৫০জনীয়া লোকৰ দল এটাই। তাতেই ক্ষান্ত নাথাকি গছ কটা ঠাইখিনিতে মানুহজনক জ্বলাই দিয়া হয়।  অভিযোগ মতে, ঝাৰখণ্ডৰ ছিমডেগাত মঙলবাৰে বিয়লিৰ ভাগত ঘটনাটো ঘটে। মৃত্য়ু হোৱা লোকজনৰ নাম সনজু প্রধান। আৰক্ষীয়ে জনোৱা মতে, যিজোপা গছ কটাক কেন্দ্র কৰি সঞ্জুক পিটি হত্য়া কৰাৰ অভিযোগ উঠিছে সেই গছজোপাক মুণ্ডা সম্প্রদায়ৰ মানুহে পুজা কৰে। ইয়াৰ সৈতে বছৰ বছৰ ধৰি তেওঁলোকৰ ধর্মীয় বিশ্বাস জৰিত হৈ আছে। অভিযোগ মতে, সঞ্জুৱে যোৱা অক্টোবৰ মাহতে এই প্রজাতিৰ কেবাডালো গছ কাটি বিক্রী কৰে। যাক লৈ অঞ্চলটোৰ মুণ্ডা সম্প্রদায়ৰ মানুহৰ মাজত ক্ষোভৰ উদ্গীৰণ হৈছিল।

You might also like