নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাঃ খালী ষ্টেডিয়ামত ভাৰত ইংলেণ্ডৰ এদিনীয়া

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো খালী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ মহাৰাষ্ট্রত ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত মহাৰাষ্ট্র চৰকাৰে ২৩ মার্চৰ পৰা হ’বলগীয়া ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো বিনাদর্শকৰ উপস্থিতিত আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷

মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰে আৰু মহাৰাষ্ট্র ক্রিকেট সন্থাৰ অধ্যক্ষ বিকাশ কাকটকাৰৰ মাজত হোৱা বৈঠকৰ অন্তত এদিনীয়া শৃংখলাটো খালী ষ্টেডিয়ামত আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে বুলি এম চি এৰ এক প্রেছ বিজ্ঞপ্তিত এই কথা সদৰী৷ বৈঠকখনত গৱর্নিং কাউন্সিলৰ অধ্যক্ষ মিলিন্দ নার্ভেকাৰ আৰু পর্যটন মন্ত্রী আদিত্য থাকৰেও উপস্থিত আছিল৷ অৱশ্যে এদিনীয়া শৃংখলাটো পুনেৰ পৰা স্থানান্তৰ কৰা নহয় বুলি বৈঠকখনত সিদ্ধান্ত গ্রহণ কৰে৷

You might also like