নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেমিত নর্থ–ইষ্ট এফ চিৰ সন্মুখত মোহনবাগান

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ দ্বিতীয়বাৰৰ বাবে আই এছ এলৰ প্লে অফত প্রৱেশ কৰিবলৈ সক্ষম হোৱা নর্থ–ইষ্ট ইউনাইটেড এফ চিয়ে ছেমিফাইনেলত এ টি কে মোহনবাগানৰ মুখামুখি হ’ব৷ অহা ৬ মার্চত গোৱাৰ বাম্ব’লিংস্থিত জি এম চি ষ্টেডিয়ামত নর্থ–ইষ্টে প্রথমবাৰৰ বাবে আই এছ এলত অংশ লোৱা দেশৰ ঐতিহ্যমণ্ডিত ফুটবল ক্লাব মোহনবাগানৰ বিৰুদ্ধে দ্বিতীয়খন ছেমি ফাইনেলৰ প্রথম লেগৰ মেচ খেলিব৷

ইয়াৰ বিপৰীতে মুম্বাই চিটীয়ে প্রথমখন ছেমি ফাইনেলত এফ চি গোৱাৰ বিৰুদ্ধে খেলপথাৰত নামিব৷ আজি অনুষ্ঠিত এখন মেচত মুম্বাই চিটীয়ে এ টি কে মোহন বাগানক ২–০ গ’লত হৰুৱাই পইণ্ট তালিকাৰ শীর্ষ স্থানলৈ উন্নীত হৈছে৷

You might also like