নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পেইনলৈ লাভলীনা বৰগোহাঁই

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ব’ক্সাম আন্তঃৰাষ্ট্রীয় বক্সিং প্রতিযোগিতাত অংশ ল’বলৈ   স্পেইনৰ কাষ্টেল’নলৈ ৰাওনা হৈছে অসমকন্যা লাভলীনা বৰগোহাঁইসহ ভাৰতীয় বক্সিং দলটো৷ অহা ১ মার্চৰ পৰা ৭ মার্চলৈ চলিবলগীয়া প্রতিযোগিতাখনত ভাৰতৰ আঠগৰাকী পুৰুষ আৰু ছগৰাকী মহিলা বক্সাৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ প্রতিযোগিতাখনত বিশ্বৰ আগশাৰীৰ ১৯খন দেশে অংশ ল’ব৷ টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা অসমকন্যা লাভলীনা বৰগোহাঁয়ে লগতে ৬ বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকম আৰু কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী উদীয়মান তাৰকা মনীষ কৌশিকৰ পৰা ভাৰতে পদক আশা কৰিছে৷

উল্লেখ্য যে বিগত বর্ষৰ মার্চত এচিয়ান অলিম্পিক কোৱালিফায়াৰ প্রতিযোগিতাত অংশ লোৱাৰ পিছত মেৰীকমক স্পেইনত প্রথমবাৰৰ বাবে বক্সিং ৰিঙত দেখিবলৈ পোৱা যাব৷

You might also like