নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰৰ বিক্ষোভৰ জুই

পৰিস্থিতি ক্রমাৎ জটিল হৈ পৰিছে ম্যানমাৰত৷ এছিয়াৰ এই দেশখনত দীর্ঘদিন ধৰি সামৰিক শাসন চলাৰ পাছত ২০১৫ত গণতন্ত্রৰ পথ প্রশস্ত হৈছিল৷ ন’বেল শান্তি বঁটা বিজয়ী নেত্রী আং ছান ছ্যু কীৰ নেতৃত্বত ম্যানমাৰত গণতান্ত্রিক আন্দোলনে অগ্ণিগর্ভ পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ বহু বছৰ ধৰি সামৰিক চৰকাৰে ছ্যু কীক গৃহবন্দী কৰিছিল যদিও অৱশেষত দেশবাসীৰ আন্দোলনৰ ওচৰত শিৰনত কৰি সেনা শাসকে গণতান্ত্রিক ব্যৱস্থা প্রতিষ্ঠাৰ ক্ষেত্রত সহমত পোষণ কৰিছিল৷ ২০১৫ চনত দেশখনত কেবা দশক পাছত এখন অসামৰিক চৰকাৰে ক্ষমতা দখল কৰে৷ অৱশ্যে ছ্যু কীয়ে ৰাষ্ট্রপতিৰ দায়িত্ব লাভ কৰা নাছিল যদিও শীর্ষ নেত্রী হিচাপে সকলো কামকাজ তদাৰক কৰাৰ সুযোগ লাভ কৰিছিল৷ যোৱা নৱেম্বৰ মাহত ম্যানমাৰত অনুষ্ঠিত হয় সাধাৰণ নির্বাচন৷ এই নির্বাচনত ছ্যু কীৰ নেচনেল লীগ ফ’ৰ ডেম’ক্রেচি (এনএলডি)এ অভূতপূর্ব বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ এই বিজয়ক কোনো কাৰণতে মানি ল’ব নিবিচাৰিলে সেনাই৷ বিৰোধী সমর্থিত সামৰিক বাহিনীয়ে নির্বাচনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তোলে৷ শাসকীয় এনএলডিয়ে প্রবঞ্চনাৰ আশ্রয় লৈ নির্বাচনত বৃহৎ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা বুলি অভিযোগ উত্থাপন কৰে৷ কিন্তু নির্বাচন আয়োগে এই অভিযোগৰ কোনো ধৰণৰ প্রামাণিক তথ্য নাই বুলি বাৰে বাৰে সামৰিক বাহিনীক নির্বাচনী প্রক্রিয়া সন্দর্ভত সন্দেহ প্রকাশ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়৷ ছ্যু কীৰ দলৰ বিজয়ত হতাশ সামৰিক বাহিনীয়ে দেশখনত পুনৰ স্বৈৰতন্ত্র প্রতিষ্ঠাৰ বাবে আগবাঢ়ে৷ নতুন চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ হোৱাৰ লগে লগে নিশাৰ ভিতৰতে সামৰিক বাহিনীয়ে অভ্যুত্থানৰ জৰিয়তে উৎখাত কৰে গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰখনক৷ অকল সেয়াই নহয়, দেশখনৰ নির্বাচিত সাংসদসকলক তাৎক্ষণিকভাৱে গৃহবন্দীও কৰে সেনাই৷ দেশখনৰ নেত্রী ছ্যু কীক বন্দী কৰি জনতাৰ সৈতে যোগাযোগ বন্ধ কৰি দিয়ে৷ আজিৰ মুহূর্ততো ছ্যু কী ক’ত আছে সেই কথা জানিবলৈ দিয়া হোৱা নাই দেশবাসীক৷ লগে লগে ম্যানমাৰৰ সামৰিক বাহিনীৰ এনে কার্যক লৈ বিশ্বজুৰি সৃষ্টি হয় প্রতিক্রিয়া৷ আমেৰিকা, ইউৰোপীয় দেশসমূহৰ লগতে ভাৰতেও সামৰিক চৰকাৰৰ কার্যক গৰিহণা দিছে৷ আনকি আমেৰিকাই ম্যানমাৰৰ সামৰিক চৰকাৰৰ বিৰুদ্ধে আৰোপ কৰিছে বিভিন্ন নিষেধাজ্ঞা৷ ছ্যু কীসহ এনএলডিৰ নির্বাচিত নেতাসকলক শীঘ্রে মুক্তি দিবলৈ বিশ্বজুৰি দাবী উত্থাপন হৈছে৷ কিন্তু সামৰিক শাসকে এই নিন্দা আৰু গৰিহণাক গুৰুত্ব দিয়া নাই৷
ম্যানমাৰৰ জনসাধাৰণৰ কেবাটাও প্রজন্ম কেবল প্রতিবাদৰ মাজত ডাঙৰ–দীঘল হৈছে৷ কেবাদশক ধৰি চলা সামৰিক শাসনৰ বিৰুদ্ধে প্রতিবাদ কৰি শৈশৱৰ পৰা যৌৱন অতিক্রম কৰিছে ম্যানমাৰৰ বহু পুৰুষ–মহিলাই৷ গতিকে সামৰিক শাসকৰ নির্যাতন, আতিশয্যক দেশবাসীয়ে কোনো কাৰণতে মানি নলয় যে তাৰ প্রমাণ পোৱা গৈছে শেহতীয়া সময়ছোৱাত৷ ছ্যু কীসহ এনএলডিৰ নেতাসকলক সামৰিক চৰকাৰে গ্রেপ্তাৰ কৰাৰ পাছতে প্রতিদিনে ম্যানমাৰত সংগঠিত হৈছে বৃহৎ বিক্ষোভ৷ প্রতিবাদকাৰীৰ বিৰুদ্ধে দমন, আতিশয্য চলাই থকা সত্ত্বেও সামৰিক চৰকাৰৰ বিৰুদ্ধে প্রতি মুহূর্ততে বিক্ষোভৰ জুইকুৰা দাউদাউকৈ জ্বলি আছে৷ শেহতীয়াকৈ সামৰিক চৰকাৰে প্রতিবাদকাৰীৰ বিৰুদ্ধে গুলীচালনা কৰিছে৷ কন্দুৱা গেছ, পানীৰ গোলা আৰু সজীৱ গুলী ব্যৱহাৰ কৰি প্রতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ সেনাই চেষ্টা চলাইছে যদিও বিক্ষোভত প্রতিদিনে চামিল হৈছে লাখ লাখ লোক৷ দেশকনৰ ৰাজধানী নেইপিটাও আৰু বৃহত্তম মহানগৰ য়াংগুন পুনৰ বিক্ষোভৰ উর্বৰ ক্ষেত্র হিচাপে চিহ্ণিত হৈছে৷ গণতন্ত্র প্রতিষ্ঠাৰ দাবীত সাধাৰণ জনতাই প্রাণ আহুতি দিবলৈ আগবাঢ়ি অহা ঘটনাই এতিয়া ম্যানমাৰক বিশ্বৰ সংবাদ মাধ্যমৰ চর্চাৰ বিষয় কৰি তুলিছে৷ সামৰিক আতিশয্যৰ বিৰুদ্ধে ম্যানমাৰে অনাগত দিনত কি পদক্ষেপ গ্রহণ কৰিব সেয়া হ’ব লক্ষণীয় বিষয়৷

You might also like