নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ টিকট বিক্রী নিষিদ্ধ কৰিলে মহাৰাষ্ট্র চৰকাৰে

মাৰাত্মক ক’ৰোনা ভাইৰাছ ৰোধৰ বাবে ল’লে গুৰুত্বপূর্ণ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ১২ মার্চঃ চীনৰ পৰা বিশ্বৰ বিভিন্ন প্রান্তলৈ বিয়পি পৰা মাৰাত্মক ক’ৰোনা ভাইৰাছে আসন্ন ইণ্ডিয়ান প্রিমিয়াৰ লীগতো আউল লগাইছে ৷ ভাৰতত এই ৰোগত আক্রান্ত লোকৰ সংখ্যা অর্ধশতকলৈ বৃদ্ধি পোৱাৰ পিছত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ টিকট বিক্রীত নিষেধাজ্ঞা আৰোপ কৰি মহাৰাষ্ট্র চৰকাৰে ৷ অৱশ্যে টিকট বিক্রী নিষিদ্ধ কৰিলেও ঐশ্বর্যশালী প্রতিযোগিতাখনৰ মেচকেইখন মুম্বাইত অনুষ্ঠিত কৰাৰ অনুমতি দিছে আই পি এল কর্তৃপক্ষক ৷ ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছত এই ৰোগবিধে দেশখনৰ লগতে মুম্বাইত যাতে অধিক হাৰত সম্প্রসাৰিত নহয়, তাৰ প্রতি লক্ষ্য ৰাখি মহাৰাষ্ট্র চৰকাৰে মুম্বাইত হ’বলগীয়া আই পি এলৰ মেচকেইখন বিনা দর্শকৰ উপস্থিতিত অনুষ্ঠিত কৰাৰ বাবে আই পি এল কর্তৃপক্ষক অনুমতি প্রদান কৰে৷ মঙলবাৰে মায়ানগৰীখনৰ ৫জন লোক মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ পিছত মহাৰাষ্ট্র চৰকাৰে আই পি এলখনক লৈ চিন্তা–চর্চা আৰম্ভ কৰে৷ কেবিনেট বৈঠকত ক’ৰোনা ভাইৰাছত যাতে ৰাজ্যখনৰ আৰু অধিক লোক আক্রান্ত নহয় তাৰ প্রতি লক্ষ্য ৰাখিয়েই আই পি এলৰ টিকট বিক্রী মুম্বাইত নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয় বুলি এগৰাকী আগশাৰীৰ মন্ত্রীয়ে ব্যক্ত কৰে৷ দর্শকশূন্য ষ্টেডিয়ামত আই পি এলৰ মেচকেইখন অনুষ্ঠিত হ’ব বুলি মন্ত্রীগৰাকীয়ে লগতে উল্লেখ কৰে ৷

You might also like