নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপৰ পৰা বাহিৰ ইংলেণ্ডৰ জেছন

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ  অষ্ট্রেলিয়াত অক্টোবৰ মাহত হ’বলগীয়া আইচিচি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতালৈ দল ঘোষণা কৰিলে ইংলেণ্ডে৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ বাবে ঘোষণা কৰা ১৫জনীয়া দলটোৰ পৰা বাদ পৰিল জেছন ৰয়৷ শেহতীয়াভাৱে দুর্বল বেটিং প্রদর্শন দাঙি ধৰাৰ বাবেই জেছন ৰয়ক বিশ্বকাপ দলটোত অন্তর্ভুক্ত কৰাৰ পৰা বিৰত থাকে ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’ড৷

ইফালে, জ’ছ বাটলাৰে নেতৃত্ব দিবলগীয়া দলটোলৈ প্রত্যাৱর্তন ঘটিছে তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছৰ লগতে পেচ বলাৰ ক্রিছ ৱকছ আৰু মার্ক উডৰ৷ ইফালে, দলটোত আদিল ৰছিদ, মঈন আলী, বেয়াৰষ্ট’, হেৰী ব্রুক, ছেম কৰন, ক্রিছ জর্ডান, লিভিংষ্টন, মালাং, ফিল ছল্ট, ৰীচ ট’পলে আৰু ডেভিদ উইলীয়ে স্থান লাভ কৰিছে৷ ইফালে, ইচিবিয়ে আসন্ন পাকিস্তান ভ্রমণৰ বাবে ইংলেণ্ড দলটো ঘোষণা কৰিছে৷ পাকিস্তান ভ্রমণকালত ইংলেণ্ডে সাতখন টি–২০ মেচত ভাগ ল’ব৷

You might also like