নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইচুঙক হৰুৱাই ভাৰতীয় ফুটবলৰ সভাপতি পদত কল্যাণ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ প্রত্যাশা অনুসৰিয়ে সর্বভাৰতীয় ফুটবল সংস্থাৰ সভাপতি পদত নির্বাচিত হয় কল্যাণ চৌবে৷ শুকুৰবাৰে অনুষ্ঠিত ফেডাৰেচনৰ নির্বাচনত তেওঁ বাইচুং ভুটীয়াক ৩৩–১ ভোটৰ ব্যৱধানত পৰাজিত কৰে৷ ভাৰতীয় ফুটবলৰ ৮৫ বছৰীয়া ইতিহাসত প্রথমবাৰৰ বাবে কোনো প্রাক্তন ফুটবলাৰে সভাপতিৰ দায়িত্ব লাভ কৰিলে৷ উপ–সভাপতি পদত নির্বাচিত হয় কর্ণাটক ফুটবল সংস্থাৰ সভাপতি এন এ হেৰিছ৷ আনহাতে, কোষাধ্যক্ষৰ দায়িত্ব লাভ কৰিছে কিপা অজয়ে৷

উল্লেখ্য যে সভাপতি পদত যে কল্যাণ নির্বাচিত হ’ব, তাৰ ইংগিত পূর্বেই পোৱা গৈছিল৷ কিয়নো অধিকাংশ ৰাজ্যিক সংস্থাৰ সমর্থন আছিল তেওঁৰ পক্ষত৷ নির্বাচনৰ বহুদিন আগৰে পৰাই ৰাজ্যিক সংস্থাসমূহৰ সৈতে বৈঠকত মিলিত হৈ তেওঁলোকৰ সমর্থন আদায় কৰিছিল কল্যাণে৷ ভোটৰ ফলাফলতো তাৰেই ইংগিত পোৱা গৈছে৷ বাইচুঙে প্রতিদ্বন্দ্বিতাই আগবঢ়াব নোৱাৰিলে৷ তেওঁক দুটা সংস্থাই সমর্থন দিছিল যদিও মাত্র এটা সংস্থাৰহে ভোট লাভ কৰিছে৷ অর্থাৎ তেওঁৰ ওচৰত থিয় দিয়া ৰাজ্যিক সংস্থাৰো আস্থা লাভ কৰিব নোৱাৰিলে বাইচুঙে৷ ভাৰতৰ প্রাক্তন অধিনায়কগৰাকীক তেওঁৰ নিজৰ ৰাজ্যিক সংস্থা ছিকিমেই সমর্থন নকৰিলে৷ তেওঁ যুঁজত নামিছিল অন্ধ্রপ্রদেশ ফুটবল সংস্থাৰ হৈ৷ সমর্থন জনাইছিল ৰাজস্থান ফুটবল সংস্থাই৷ ইয়াৰ বিপৰীতে কল্যাণে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছিল গুজৰাট ফুটবল সংস্থাৰ সমর্থনত৷ যিখন ৰাজ্যৰ বাসিন্দা প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহ৷ কল্যাণ নিজেও বংগ বিজেপিৰ সক্রিয় সদস্য৷ ফলত ৰাজনৈতিকভাৱে সকলো সমর্থন তেওঁৰ পক্ষতে আছিল৷

বাইচুঙে নির্বাচনত বিজয়ী হ’বলৈ অসাধ্য সাধন কৰিব লাগিলহেঁতেন৷ তেওঁ বিভিন্ন ঠাইলৈ গৈ সমর্থন আদায় কৰাৰ চেষ্টা চলাইছিল৷ উত্তৰ–পূবৰ ৰাজ্যসমূহক তেওঁ সমর্থন বিচাৰি আবেদন জনাইছিল৷ সেই আবেদনৰ প্রতি কোনেও সঁহাৰি নিদিলে৷ ফলত অন্ততঃ এইবাৰৰ বাবে ভাৰতীয় ফুটবলৰ মছনদত বহাৰ সপোন আধৰুৱা হৈ ৰ’ল বাইচুঙৰ৷

You might also like