নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৰমশালাত আজি প্রথম এদিনীয়া

আত্মবিশ্বাসী টীম ইণ্ডিয়াৰ প্রত্যাহ্বানলৈ সাজু দঃ আফ্রিকা

নিয়মীয়া বাৰ্তা, ১২ মার্চঃ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো আজিৰ পৰা আৰম্ভ হ’ব ৷ ধৰমশালাত শৃংখলাটোৰ প্রথমখন মেচ অনুষ্ঠিত হ’ব ৷ নিউজিলেণ্ডত খেলা এদিনীয়া শৃংখলাটোত শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পিছত বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই আজিৰ পৰা প্রটিয়াজ বাহিনীৰে আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাটোত নতুনকৈ আৰম্ভণি কৰাৰ লক্ষ্য লৈছে ৷ অৱশ্যে আলহী দলটোক সহজভাৱে ল’ব বিচৰা নাই টীম ইণ্ডিয়াই ৷  অৱশ্যে এই শৃংখলাটোত অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াৰ লগতে শিখৰ ধাৱনৰ প্রত্যাৱর্তনে ঘৰুৱা দলটোৰ আত্মবিশ্বাস বহুখিনি বৃদ্ধি কৰি তুলিব ৷ পিঠিৰ আঘাতৰ পৰা সম্পূর্ণৰূপে আৰোগ্য লাভ কৰা পাণ্ডিয়াই ডি ৱাই পাটিল কর্পোৰেট কাপত  দুর্দান্ত বেটিঙেৰে ফর্মত থকাৰ ইংগিত দিছে ৷  আনহাতে, তাৰকা পেচ বলাৰ ভুবনেশ্বৰ কুমাৰো ভাৰতীয় দলটোলৈ উভতি আহিছে৷ ভুবনেশ্বৰৰ প্রত্যাৱর্তনেও দলটোৰ বলিং শক্তি বহু পৰিমাণে বৃদ্ধি কৰি তুলিব ৷ ইফালে, এই শৃংখলাটোত দক্ষিণ আফ্রিকাক সহজভাৱে ল’ব বিচৰা নাই বুলি উল্লেখ কৰি অধিনায়ক কোহলিয়ে কয় যে এই শৃংখলাটোত দুর্দান্ত প্রদর্শন দাঙি ধৰি নিউজিলেণ্ডৰ ব্যর্থতা পাহৰাৰ লক্ষ্য লৈছোঁ৷ পাণ্ডিয়া আৰু ধাৱনৰ লগতে ভুবনেশ্বৰৰ প্রত্যাৱর্তনে ভাৰতীয় দলটোৰ আত্মবিশ্বাস বহুখিনি বৃদ্ধি কৰি তুলিব বুলি কোহলিয়ে কয়৷ আনহাতে, এদিনীয়া শৃংখলাটোক লৈ আত্মবিশ্বাসী নৱাগত খেলুৱৈৰে সমৃদ্ধ দক্ষিণ আফ্রিকা দলটো ৷ শৃংখলাটোত ভাৰতৰ প্রত্যাহ্বান গ্রহণ কৰিবলৈ সম্পূর্ণৰূপে সাজু আছে দলটো ৷

You might also like