নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন মাইলষ্ট’ন স্পর্শ অধিনায়ক ৰোহিতৰ: আন্তর্জাতিক ক্রিকেটত ১৭০০০ ৰান

নিয়মীয়া বাৰ্তা, ১২ মার্চ: অষ্ট্রেলিয়াৰ বিৰুদ্ধে চতুর্থ টেষ্টত নতুন মাইলষ্ট’ন স্পর্শ কৰিলে ৰোহিত শর্মাই৷ ভাৰতৰ ষষ্ঠগৰাকী বেটাৰ ৰূপে আন্তর্জাতিক ক্রিকেটত ১৭০০০ ৰান পূর্ণ কৰিলে ভাৰতীয় অধিনায়কগৰাকীয়ে৷ আজি মেথিউ কুনেমেনৰ বলত ৩৫ ৰানত আউট হোৱাৰ পূর্বে তেওঁ এই কৃতিত্ব অর্জন কৰে৷ ভাৰতীয় ক্রিকেটাৰসকলৰ ভিতৰত এই কৃতিত্ব আছে শচীন তেণ্ডুলকাৰ, বিৰাট কোহলি, ৰাহুল দ্রাবিড়, সৌৰভ গাংগুলী, এম এছ ধোনী আৰু বীৰেন্দ্র সেহৱাগৰ৷ ভাৰতীয় ক্রিকেটাৰসকলৰ ভিতৰত সর্বাধিক ৰান কৰাৰ কৃতিত্ব দেখুৱাইছে শচীনে৷ আন্তর্জাতিক ক্রিকেটত তেওঁৰ ৰান ৩৪,৩৫৭৷ মুঠ ৬৬৪খন মেচ খেলি তেওঁ এই ৰান সংগ্রহ কৰিছে৷ দ্বিতীয় স্থানত আছে কোহলি৷ তেওঁৰ সংগ্রহ ২৫,০৪৭ ৰান৷ দ্রাবিড়ে কৰিছিল ২৪,০৬৪ ৰান৷ ইয়াৰ পিছতে থকা সৌৰভৰ ৰানৰ সংখ্যা ১৮,৪৩৩৷ আনহাতে, ধোনীয়ে কৰিছে ১৭,০৯২ ৰান৷ ৰোহিতে ২৪১খন এদিনীয়া মেচ খেলি ৯,৭৮২ ৰান কৰাৰ বিপৰীতে ১৪৮খন টি–২০ মেচ খেলি তেওঁ কৰিছে ৩,৮৫৩ ৰান৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে ৪৯সংখ্যক টেষ্টত অংশ লোৱা ৰোহিতে এই ফর্মেটত ৩,৩৪৪ ৰান সংগ্রহ কৰিছে৷ আন্তর্জাতিক ক্রিকেটত ৪৩টা শতৰানৰ গৰাকী হৈছে অধিনায়ক ৰোহিত৷

You might also like