নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ বিদেশ ভ্রমণত শুভ দেখা যায় যদিও সাৱধানে যোৱাই উচিত৷ পিতৃৰ অনুকূল৷ শুভ ৰং হালধীয়া৷
বৃষ ঃ শিক্ষক আদিত আগ্রহ বৃদ্ধি৷ চাকৰিয়ালৰ মধ্যম৷ ঘৰুৱাত কিছু পৰিমাণে অস্থিৰতা থাকিব৷ প্রেমত অশান্তি৷
মিথুন ঃ ঘৰুৱাত কিছু পৰিমাণে অস্থিৰতা থাকিব৷ ৰাজনীতিত থকা লোকসকলৰ সময়খিনি কঠিন৷ প্রেমত মধ্যম৷
কর্কট ঃ ব্যয় বহুত হ’ব৷ শৰীৰ ঠিকেই থাকিব৷ বিদ্যাত ভাল দেখা নাযায়৷ চেষ্টাৰ দৰকাৰ৷ প্রেমত মধ্যম৷
সিংহ ঃ ব্যৱসায়ত পূর্বতকৈ ভাল ক’ব পৰা যায়৷ নতুন কোনো আঁচনি হাতত নোলোৱা ভাল৷ প্রেমত মধ্যম৷
কন্যা ঃ আইনী সমস্যাৰ সমাধান হ’ব৷ ঘৰত অশান্তি সৃষ্টি হ’ব পাৰে৷ বিদ্যাত বৰ ভাল বুলি ক’ব পৰা নাযায়৷ প্রেমত শুভ৷
তুলা ঃ দিনটোত আর্থিক দিশত আয়–ব্যয় সমান৷ সন্তানৰ শৰীৰ সম্পর্কে সচেতন থাকক৷ কর্ম প্রার্থীয়ে ধৈর্যৰে কাম হাতত লোৱা ভাল৷
বৃশ্চিক ঃ মাতৃৰ শৰীৰক লৈ চিন্তা হ’ব পাৰে৷ সামাজিক কিবা কামত জড়িত হ’ব পাৰে৷ বন্ধুবর্গৰ পৰা অকৃত্রিম সহায় লাভ কৰিব৷
ধনু ঃ স্বাস্থ্য ঠিকেই থাকিব৷ নিকটাত্মীয়ৰ আৰোগ্য লাভ৷ প্রেমত বাধা৷ পত্নীৰ সহযোগ লাভ কৰিব৷ প্রেমত অশান্তি৷
মকৰ ঃ পাৰিবাৰিক শান্তি অব্যাহত থাকিব৷ ব্যৱসায়ত ধন বিনিয়োগ কৰিলে সাৱধান হ’ব৷ প্রেমত ভাল ফল বুলি ক’ব নোৱাৰি৷ বিশ্বাসঘাতক হ’ব পাৰে৷
কুম্ভ ঃ ওচৰ–চুবুৰীয়াৰ লগত জমি বিবাদ হোৱাৰ আশংকা আছে৷ ভ্রমণ নকৰিব৷ প্রেমত অশুভ৷
মীন ঃ কর্মত স্বীকৃতি লাভ আৰু সুনাম বৃদ্ধি৷ আর্থিকত ভাল৷ দিনটোত দাম্পত্যত সংঘাত৷ মাতৃৰ শৰীৰ ভাল নহয়৷

You might also like