নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্য অকাডেমিৰ কার্যবাহী পৰিষদলৈ নির্বাচিত দিগন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ১২ মার্চ: অসম অকাডেমিৰ সাধাৰণ পৰিষদৰ সদস্য দিগন্ত বিশ্ব শর্মাই কার্যবাহী পৰিষদলৈ নির্বাচিত হৈছে৷ শনিবাৰে অনুষ্ঠিত হৈ যোৱা নির্বাচনত দিগন্ত বিশ্ব শর্মাই কুলধৰ শইকীয়া আৰু অপূর্ব শইকীয়াক বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে৷ এই বিজয়ৰ সৈতে দিগন্ত বিশ্ব শর্মা অকাডেমিৰ অসমীয়া ভাষাৰ উপদেষ্টামণ্ডলীৰ আহ্বায়ক হিচাপেও স্থান লাভ কৰিলে৷ কার্যবাহী পৰিষদলৈ নির্বাচিত হোৱা শর্মাই ৪৪টা ভোট লাভ কৰাৰ বিপৰীতে কুলধৰ শইকীয়াই ৩২টা আৰু অপূর্ব শইকীয়াই মাত্র চাৰিটা ভোট লাভ কৰিছে৷ নতুন দিল্লীৰ সাহিত্য অকাডেমিৰ মুখ্য কার্যালয়ত  এই নির্বাচন অনুষ্ঠিত হৈছে৷ ইফালে, তৰেণ বড়োৱে বড়ো ভাষাৰ উপদেষ্টামণ্ডলীত বিনাপ্রতিদ্বন্দ্বিতাই নির্বাচিত হৈছে৷ তৰেণ বড়ো বর্তমান বড়ো সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈ আছে৷

You might also like