নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফুটবলাৰৰ ওপৰত দৃষ্টি ৰাখিবলৈ ব্যৱহাৰ হ’ব নতুন প্রযুক্তি

নিয়মীয়া বাৰ্তা, ২০জুনঃ ফুটবলাৰসকলক উদ্দেশ্যি বর্ণবিদ্বেষী মন্তব্যৰ ঘটনা নতুন নহয়৷ দর্শকসকল বাদেই মাজে সময়ে এইক্ষেত্রত ফুটবলাৰসকলৰ নামো জড়িত হৈ পৰে৷ এইধৰণৰ ঘটনা যাতে নঘটে তাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে ফিফাই৷ কিন্তু এইবাৰ ফিফাৰ মূৰৰ বিষৰ কাৰণ হৈ পৰিছে সমকামী মন্তব্য৷ ফিফাই জনোৱা অনুসৰি বর্ণবিদ্বেষী মন্তব্য যিমান কৰা হৈছে তাৰ দ্বিগুণৰ অধিক কটাক্ষ কৰা হৈছে সমকামিতাক লৈ৷ ২০২০ চনৰ ইউৰো কাপৰ ফাইনেলত ইংলেণ্ড আৰু ইটালী তথা ২০২২ চনৰ আফকন কাপৰ ফাইনেলত ছেনেগাল আৰু মিছৰৰ মাজৰ মেচখনৰ পিছত মুঠ ৫১৪টা বর্ণবিদ্বেষী আৰু সমকামী কটাক্ষ কৰা হৈছে৷ ইয়াৰ ভিতৰত ৬২ শতাংশ কটাক্ষ আছিল সমকামী আৰু ২৬ শতাংশ আছিল বর্ণবিদ্বেষী৷ সমগ্র বিশ্বৰ দর্শকে কৰা এই কটাক্ষৰ সর্বাধিক ৩৮ শতাংশ আহিছিল ব্রিটেইনৰ পৰা৷ এই পর্যবেক্ষণৰ পিছতে কঠোৰ পদক্ষেপৰ সিদ্ধান্ত লৈছে ফিফাই৷ মুৰব্বী সংস্থাটোৱে প্রতিখন প্রতিযোগিতাত অংশগ্রহণ কৰা ফুটবলাৰসকলক নেটৰ জৰিয়তে দৃষ্টি ৰখাৰ বাবে এক বিশেষ প্রযুক্তি আনিছে৷ এই প্রযুক্তি ব্যৱহাৰৰ বাবে এটি দল সাজু কৰিছে ফিফাই৷ কোনো ফুটবলাৰৰ বিৰুদ্ধে বর্ণবিদ্বেষী বা সমকামী মন্তব্য কৰিলে সেই মন্তব্য লগে লগে লুকুৱাই পেলোৱা হ’ব৷ ফলত সংশ্লিষ্ট ফুটবলাৰসকলৰ ওপৰত কোনো মানসিক প্রভাৱ নপৰিব৷

You might also like