নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিষ্ণু ৰাভা দিৱস

২০ জুন৷ ৰাভা দিৱসৰ চিন্তা এতিয়া সকলোৰে মগজুত৷ শোণিতপুত্র বিষ্ণু ৰাভাক স্মৰণ কৰিবলৈ জাতিটো সাজু হৈছে৷ সাজু হৈছে ৰাভাৰ আদর্শক আত্মস্থ কৰি অসমীয়াৰ উদাৰ চিন্তাধাৰাক চিৰউদ্দীন কৰি তুলিবলৈ অসংখ্য লোক৷ এগৰাকী আজন্ম বিপ্লৱী, আজন্ম কমিউনিষ্ট তথা শিল্পী–সংস্কৃতিৰ সাধক বিষ্ণু প্রসাদ ৰাভা নিঃসন্দেহে অসমীয়া জাতীয় জীৱনৰ এটা অংগ৷ বিষ্ণু ৰাভাৰ দৰে মহান ব্যক্তিক বাদ দি কেতিয়াও অসমীয়া জাতিক বিশ্লেষণ কৰিব পৰা নাযায়৷ অসমীয়া সংস্কৃতি, শিল্প সাধনাক বিষ্ণু ৰাভা অবিহনে আলোচনাৰ মাজেলৈ অনাটোৱেই সম্ভৱ নহয়৷ বিষ্ণু ৰাভা অবিহনে আধুনিক অসমীয়া সংস্কৃতিৰ প্রগতিশীল ধাৰাক বিশ্লেষণ কৰিব পৰা নাযায়৷ সেইগৰাকী অসম সন্তানৰ আজি স্মাৰক দিৱস৷ সেইগৰাকী বিষ্ণু প্রসাদ ৰাভাৰ জীৱন বৃত্তান্ত স্মৰণ দিৱসত সকলোৱেই বিশ্লেষণ কৰিব৷ হয়তো বিষ্ণু ৰাভাৰ আদর্শক লৈ আগবঢ়াৰ বহু পৰামর্শ দিয়া হ’ব৷ বিষ্ণু ৰাভাৰ দৰে হ’বলৈ সকলোৱে তৰুণ প্রজন্মক অনুপ্রেৰণা যোগাব৷ কিন্তু দেশৰ আজিৰ যি পৰিস্থিতি, আজিৰ যি প্রসহন, তাৰ মাজত বিষ্ণু ৰাভাক সঁচা অর্থত কিমানে হূদয়ংগম কৰিব সেয়াহে গুৰুত্বপূর্ণ প্রশ্ণ৷ আঢ়ৈ হাজাৰ বিঘা ভূমিৰ মালিক হৈও বিষ্ণু ৰাভাই সেই ভূমি গতাই দিছিল দুখীয়া জনসাধাৰণক৷ এয়া তেওঁৰ বিখ্যাত হোৱাৰ পৰিকল্পনা নাছিল৷ জনসাধাৰণৰ সমস্যা আৰু পৰিস্থিতি বিশ্লেষণ কৰি বিষ্ণু ৰাভাই এই সিদ্ধান্ত গ্রহণ কৰিছে৷ শেষত নিজেই গৈ এনে পথৰ অনুগামী হ’বলগীয়া হৈছিল যে বিষ্ণু ৰাভা বহু শতচ্ছিন্ন–দুখীয়া লোকৰ মাজৰ এজন হৈ পৰিছিল৷ দিন ভিক্ষা আৰু প্রাণ ৰক্ষা যেন হৈ পৰিছিল সব্যসাচী বিষ্ণু ৰাভাৰ জীয়াই থকাৰ একমাত্র পথ৷ এখন সাম্যৰ পৃথিৱীৰ সপোন দেখা বিষ্ণু ৰাভাই কেতিয়াও গায়ক আৰু সংস্কৃতিৰ পূজাৰী হৈ থাকিব বিচৰা নাছিল৷ গান আৰু শিল্প সাধনাৰ জৰিয়তে মানুহৰ সুপ্ত চেতনাক জাগ্রত কৰাৰ প্রয়াস কৰিছিল বিষ্ণু ৰাভাই৷ এই চেতনাই মানুহক অধিকাৰৰ বোধ দিছিল৷ নিজৰ অধিকাৰপ্রাপ্তিৰ বাবে বিষ্ণু ৰাভা হৈ পৰিছিল মেহনতী জনসাধাৰণৰ পথপ্রদর্শক৷ সেইবাবে বিষ্ণু ৰাভা আজিও অমৰ৷ অসমীয়া জনসাধাৰণে বিষ্ণু ৰাভাক সেইবাবেই কোনো কাৰণতেই এৰি চলিব নোৱাৰে৷ আনকি মেহনতী জনতাৰ আদর্শৰ প্রতীকো হৈ থকা ৰাভাক আজি চৰকাৰী পক্ষয়ো স্বীকৃতি দিবলৈ বাধ্য হৈছে৷ চৰকাৰীভাৱে পালন কৰিবলগীয়া হৈছে ৰাভা দিৱস৷
বিশ্বনায়ক হিচাপে পৰিচিত হোৱা কিউবাৰ প্রাক্তন ৰাষ্ট্রপতি, বিপ্লৱী নেতা ফিডেল কাষ্ট্র’ৱে মৃত্যুৰ পূর্বে ভ্রাতৃ তথা তেতিয়াৰ ৰাষ্ট্রপতি ৰাউল কাষ্ট্র’ৰ হাতত নিজৰ ইচ্ছাপত্র প্রদান কৰি গৈছিল৷ তাত কাষ্ট্র’ৱে লিখিছিল যে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ নামত দেশখনত কোনো অনুষ্ঠান হ’ব নোৱাৰিব৷ কাষ্ট্র’ৰ নামেৰে কিউবাত কোনো পথৰ নাম থাকিব নোৱাৰিব৷ কাষ্ট্র’ৰ স্মৰণ দিৱস উপলক্ষে কিউবাত কোনো চৰকাৰী বন্ধ থাকিব নোৱাৰিব৷ কাষ্ট্র’ সেই দেশৰ শীর্ষনেতা আছিল বুলিও কোনেও কোনো অনুষ্ঠানৰ আয়োজন কৰিব নোৱাৰিব৷ এগৰাকী মহান নেতা ফিডেল কাষ্ট্র’ৰ এই ইচ্ছাপত্র বা ‘উইল’ প্রকাশ পোৱাৰ পিছত বিশ্বজুৰি সৃষ্টি হৈছিল ব্যাপক চর্চা৷ বিষ্ণু ৰাভাৰ মৃত্যুৰ পিছত অসমত বিভিন্ন মহলে কিংবদন্তি এই বিপ্লৱী শিল্পীগৰাকীক লৈ বহু তিতকাৰি আৰম্ভ কৰিছিল৷ ৰাভাই কিন্তু পূর্বে বুজি পাইছিল এই কথা৷ সেইবাবে তেওঁ উল্লেখ কৰিছিল যে অসমীয়া জনসাধাৰণৰ সর্বাংগীণ প্রগতিৰ স্বার্থত থকা সকলো মানুহেই তেওঁক এজন নিজৰ মানুহ হিচাপে সদায় মনত ৰাখিব৷ তেওঁ বিচৰা নাছিল তেওঁক লৈ এক মহা আনুষ্ঠানিক পয়োভৰ ঘটক৷ তেওঁ বিচৰা নাছিল তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ নামত বিভিন্ন অনুষ্ঠান গঢ়ি উঠক৷ এগৰাকী সঁচা বিপ্লৱীয়ে কেতিয়াও নিবিচাৰে যে তেওঁক ৰাজকীয় মর্যাদা প্রদান কৰা হওক মৃত্যুৰ পিছতো৷ বিষ্ণু ৰাভাৰ সেই সৰল তথা সহিষ্ণু মানসিকতাই তেওঁক অমৰ কৰি ৰাখিছে অসমীয়া মানুহৰ মাজত৷ আজিও সেয়ে বিষ্ণু ৰাভাক লৈ বহু বিতর্ক থকাৰ পিছতো সকলোৱে এই কিংবদন্তি বিপ্লৱী শিল্পীগৰাকীক নিজৰ মানুহ হিচাপে স্মৰণ কৰিবলগীয়া হয়৷ ৰাভা দিৱসত সেই কথাই বাৰে বাৰে প্রতিভাত হৈ আহিছে৷ এইবাৰো নানা সমস্যাৰ মাজত থাকিও ৰাজ্যবাসীয়ে প্রাণৰ শিল্পীগৰাকীক শ্রদ্ধা জনাবলৈ সাজু হৈছে৷ প্রাণৰ শিল্পীগৰাকীক এদিনৰ বাবে হ’লেও স্মৰণ কৰাটো যেন জাতীয় কর্তব্য সেই কথা বাৰে বাৰে দেখুৱাই আহিছে অসমীয়া জনসাধাৰণে৷ কিন্তু এনেদৰে ৰাভা দিৱসৰ আনুষ্ঠানিকতা ৰক্ষা কৰিলেই জানো বিষ্ণু ৰাভাৰ আদর্শক জীয়াই ৰখা হ’ব বিষ্ণু ৰাভাই যি পথৰ সন্ধান দি গৈছিল, সেই পথ যদি অসমীয়া জনসাধাৰণে আঁকোৱালি নলয়, তেন্তে ৰাভাৰ নামত স্মাৰক অনুষ্ঠান পতাৰ যুক্তি ক’ত? বিষ্ণু ৰাভাক আমি জীয়াই ৰাখিব পাৰিম তেতিয়াহে, যেতিয়া বিপ্লৱী শিল্পীগৰাকীয়ে দি যোৱা পথেৰে আমি ভৱিষ্যৎ কর্মপন্থা গ্রহণ কৰিম৷ সেই আহ্বান প্রতিবাৰেই আহিছে ৰাভা দিৱসত৷ কেৱল আমি তাক কেনেদৰে গ্রহণ কৰিছোঁ সেইটোহে মূল কথা৷

You might also like