নিয়মীয়া বাৰ্তা ১৩ মার্চঃ চীনৰ পৰা বিশ্বজুৰি সম্প্রসাৰিত হোৱা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ ব্যাপক সংক্রমণৰ পৰিপ্রেক্ষিতত ক্রীড়া মন্ত্রালয়ে দেশৰ সকলো ৰাষ্ট্রীয় ক্রীড়া ফেডাৰেচনক বিশেষ নির্দেশনা জাৰি কৰিছে৷ এই অনুসৰি সকলো ৰাষ্ট্রীয় ক্রীড়া ফেডাৰেচনে বৃহৎ ৰাজহুৱা সমাগমৰ পৰা আঁতৰি থাকিবলৈ বন্ধ ষ্টেডিয়ামত প্রতিযোগিতা আয়োজন কৰিব লাগিব৷ কেন্দ্রীয় ক্রীড়া সচিব ৰাধেশ্যাম ঝুলানিয়াই এই কথা স্পষ্ট কৰি দিয়ে যে এৰাব নোৱাৰা ক্রীড়া ইভেণ্টসমূহ নির্ধাৰিত সময় অনুসৰি অনুষ্ঠিত হোৱা উচিত৷ কিন্তু এয়া বন্ধ ষ্টেডিয়ামৰ ভিতৰত অনুষ্ঠিত হ’ব লাগিব৷ ‘স্বাস্থ্য মন্ত্রালয়ে জাৰি কৰা নীতি–নির্দেশনা আৰু পৰামর্শসমূহ বি চি চি আইকে ধৰি দেশৰ সকলো ৰাষ্ট্রীয় ক্রীড়া ফেডাৰেচনে পালন কৰিব লাগিব৷ আমি তেওঁলোকক বৃহৎ ৰাজহুৱা সমাগমৰ পৰা আঁতৰি থাকিবলৈ এৰাব নোৱাৰা ক্রীড়া ইভেণ্টসমূহ বন্ধ ষ্টেডিয়ামৰ ভিতৰত আয়োজনৰ পৰামর্শ আগবঢ়াইছোঁ৷’ ৰাধেশ্যাম ঝুলানিয়াই এইদৰে কয়৷ কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ৰ এই নির্দেশনাৰ পিছত আগন্তুক আই পি এললৈ বিপদ দুগুণে বৃদ্ধি পালে৷ অহা ২৯ মার্চৰ পৰা আৰম্ভ হ’বলগীয়া ঐশ্বর্যশালী টি–২০ লীগখন বি চি চি আয়ে সময়মতে আয়োজনৰ সিদ্ধান্ত ল’লেও দর্শকে ষ্টেডিয়ামত বহি আই পি এলৰ আমোদ ল’ব নোৱৰাটো নিশ্চিত৷
You might also like