নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশৰ বিপক্ষে দীনেশ কার্তিক অনিশ্চিত

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ: চলিত বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনত অনিশ্চিত হৈ পৰিছে দীনেশ কার্তিক৷ ভাৰতৰ উইকেটকীপাৰগৰাকীৰ পিঠিৰ পেশীত প্রচণ্ড বিষ অনুভূত হৈছে৷ দক্ষিণ আফ্রিকাৰে কালি খেলা মেচখনত তেওঁ শেষৰফালে উইকেটকীপিং কৰিব নোৱাৰিলে৷ ১৬ অ’ভাৰৰ পৰা ঋষভ পণ্টে উইকেটকীপাৰৰ দায়িত্ব গ্রহণ কৰে৷ কার্তিকৰ আঘাত কিমান গুৰুতৰ সেই কথা জানিব পৰা হোৱা নাই যদিও সাধাৰণতে পিঠিৰ পেশীৰ বিষ উপশম ঘটিবলৈ কমেও তিনিৰ পৰা পাঁচ দিনৰ প্রয়োজন হয়৷ দলীয় সূত্রই সংবাদ মাধ্যমক জনোৱা মতে ‘কার্তিকৰ কঁকালৰ বিষ আৰম্ভ হৈছে৷ আমি এতিয়াও আঘাতৰ প্রকৃতি জানিব পৰা নাই৷ এতিয়াও তেওঁ খেলিব নোৱৰা অৱস্থাৰ সৃষ্টি হোৱা নাই৷’

You might also like