নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলিৰ হোটেলৰ কোঠাত সোমাই গোপন ভিডিঅ’ ; দুই কর্মীক বর্খাস্ত

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ:  কোহলিৰ অনুপস্থিতিত তেওঁ থকা হোটেলত প্রৱেশ কৰি গোপনে ভিডিঅ’ কৰাৰ পিছত এই ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাত আতংকিত হৈ পৰিছে ক্রিকেটাৰগৰাকীয়ে৷ এই কার্যত বিৰক্ত হৈ তেওঁ নিজেই ইনষ্টাগামত পোষ্ট কৰিছে এই ভিডিঅ’৷ কোহলিৰ এই ভিডিঅ’ প্রকাশ হোৱাৰ পিছতে ক্রিকেট বিশ্বত আলোড়ন সৃষ্টি হয়৷ ইয়াৰ পিছতে পার্থৰ সেই হোটেল কর্তৃপক্ষৰ ফালৰ পৰা দুখ প্রকাশ কৰি জনোৱা হয় যে এনে ধৰণৰ আচৰণ তেওঁলোকে কেতিয়াও সহ্য নকৰে৷ এই কার্যৰ বাবে দোষী সাব্যস্ত হোটেল কর্মীক চাকৰিৰ পৰা বর্খাস্ত কৰা হৈছে৷ তদুপৰি ভিডিঅ’টো সামাজিক মাধ্যমৰ পৰা আঁতৰাই দিয়া হৈছে৷ হোটেল কর্তৃপক্ষই জনাইছে যে তৃতীয় পক্ষৰ সংস্থাৰ সহায়ত সমগ্র ঘটনাটো তদন্ত কৰা হ’ব৷ এই ধৰণৰ ঘটনা যাতে ভৱিষ্যতে সংঘটিত নহয়, এই কথাও নিশ্চিত কৰা হ’ব বুলি তেওঁলোকে জনাইছে৷

উল্লেখ্য যে আজিপুৱা কোহলিয়ে ইনষ্টাগ্রামত প্রকাশ কৰা এটি ভিডিঅ’ত দেখা যায় যে কেইবাজনো ব্যক্তিয়ে কোহলিৰ হোটেলৰ কোঠাৰ ভিতৰত প্রৱেশ কৰি ভিডিঅ’ কৰিছে৷ ক্রিকেটাৰগৰাকীৰ ব্যক্তিগত সামগ্রীৰ ভিডিঅ’ কৰে তেওঁলোকে৷ তেওঁৰ জোতা, পিন্ধা কাপোৰ, বিছনাৰ পৰা আৰম্ভ কৰি শৌচাগাৰৰো ভিডিঅ’ কৰা হৈছে৷ সেই সময়ত দেখা যায় যে কোট–পেণ্ট পৰিহিত তিনিজন ব্যক্তি হোটেলত প্রৱেশ কৰিছে৷ তেওঁলোকক হোটেল কর্মী বুলি সহজে চিনিব পাৰি৷ এই ভিডিঅ’ প্রকাশ কৰি কোহলিয়ে লিখিছে– ‘মই জানো, অনুৰাগীসকলে সকলো সময়তে তেওঁলোকৰ প্রিয় খেলুৱৈক দেখি আনন্দ পায় আৰু তেওঁলোকৰ সৈতে সাক্ষাৎ কৰিব বিচাৰে৷ মই তেওঁলোকক সন্মান কৰোঁ৷ কিন্তু এই ভিডিঅ’ দেখি মই আতংকিত৷ যদি মোৰ হোটেলৰ কোঠাৰ গোপনীয়তা ৰক্ষা নহয়, তেনেহ’লে ক’ত হ’ব? এই ধৰণৰ ভালপোৱা মই নিবিচাৰোঁ৷ এনেদৰে কাৰো ব্যক্তিগত পৰিসৰত প্রৱেশ কৰা সঠিক নহয়৷ দয়া কৰি প্রত্যেকৰে ব্যক্তিগত পৰিসৰক সন্মান কৰক৷ তেওঁলোকক বিনোদনৰ পণ্য কৰি নুতুলিব৷’

শেহতীয়া খবৰ অনুসৰি কোহলিৰ গোপনীয়তা ভংগ কৰা হোটেলখন ত্যাগ কৰিছে ভাৰতীয় দলে৷ পার্থত পৰাজয়ৰ হোটেলৰ তিক্ত অভিজ্ঞতা লৈয়ে এডিলেইডত উপস্থিত হয় ভাৰতীয় দলটো৷ ইয়াত উপস্থিত হোৱাৰ পিছতে টুইটাৰত ছবি প্রকাশ কৰিছে কোহলিয়ে৷ দলৰ বাছত তেওঁৰ সৈতে দেখা গৈছে সূর্য কুমাৰ যাদৱ, যুজৱেন্দ্র চাহাল, মহম্মদ চিৰাজহতঁক৷

You might also like