নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব বক্সিং চেম্পিয়নশ্বিপঃ দ্বিতীয় ৰাউণ্ডতে থমকিল অসমকন্যা লাভলীনা

নিয়মীয়া বাৰ্তা, ১৪ মেঃ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পদকৰ আশা নির্বাপিত হৈছে অসমকন্যা লাভলীনা বৰগোহাঁইৰ৷ প্রতিযোগিতাখনৰ দ্বিতীয় ৰাউণ্ডতে লাভলীনাৰ প্রত্যাহ্বানৰ সামৰণি পৰে৷ ইস্তানবুলত চলি থকা প্রতিযোগিতাখনৰ মহিলাৰ ৭০ কেজি শাখাত চিণ্ডী এনগাম্বাৰ হাতত লাভলীনা ৪–১ পইণ্টৰ ব্যৱধানত পৰাজিত হয়৷ প্রথম ৰাউণ্ডৰ মেচখনত দুর্দান্ত জয়েৰে চমক সৃষ্টি কৰা লাভলীনাই আজি চিণ্ডী এনগাম্বাৰ সন্মুখত দ্বিতীয় ৰাউণ্ডত নিষ্প্রভ হৈ পৰে৷ দ্বিতীয় ৰাউণ্ডত কোনো এটা সময়তে প্রতিদ্বন্দ্বীগৰাকীক প্রত্যাহ্বান জনাব পৰা নাছিল অসমকন্যাই৷

ইপিনে, দুবাৰৰ এছিয়ান চেম্পিয়ন পূজাৰাণীয়ে প্রতিযোগিতাখনৰ কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰিছে৷ ৮১ কেজিৰ প্রি–কোৱার্টাৰত ভাৰতৰ তাৰকা বক্সাৰ পূজাই হাংগেৰীৰ টিমিয়া নাগীক ৫–০ৰ ব্যৱধানত পৰাজিত কৰি পদক নিশ্চিত কৰে৷ সোমবাৰে হ’বলগীয়া কোৱার্টাৰত অষ্ট্রেলিয়াৰ জেছিকা বাগলেৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ আনহাতে, ভাৰতৰ আন দুগৰাকী বক্সাৰ শিক্ষাই ৫৪ কেজি আৰু জেছমিনে ৬০ কেজি শাখাৰ প্রি–কোৱার্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে৷

You might also like