নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও কোষাগাৰত উৎকোচৰ বেহাঃ এইবাৰ আৰক্ষীৰ জালত জ্যেষ্ঠ গাণনিক সঞ্জীৱ মিশ্র

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ নগাঁও আৰক্ষীয়ে নগাঁও কোষাগাৰ প্রাধিকাৰী কার্যালয়ৰ আন এগৰাকী কর্মচাৰীক উৎকোচ লোৱাৰ অভিযোগত যোৱানিশা গ্রেপ্তাৰ কৰে৷ উল্লেখ যে কালি বিয়লি কার্যালয়টোৰ সহকাৰী গাণনিক সহায়ক খুচবু হৰলালকা নামৰ মহিলা কর্মচাৰীগৰাকীয়ে কার্যালয়তে এজন আৰক্ষী কনিষ্টবলৰ পৰা কার্যালয়তে উৎকোচ লৈ থকা অৱস্থাত নগাঁও আৰক্ষীয়ে হাতে–লোটে ধৰা পেলাই গ্রেপ্তাৰ কৰিছিল৷

নগাঁও আৰক্ষীৰ নবীন বৰা নামৰ কনিষ্টবলজনৰ পৰা জি পি এফৰ ঋণৰ বিল মুকলি কৰি দিয়াৰ বিনিময়ত খুচবু হৰলালকাক উৎকোচ লোৱাৰ সময়ত নগাঁও আৰক্ষীয়ে কালি বিয়লি গ্রেপ্তাৰ কৰে৷ নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কৌশলেৰে মহিলা কর্মচাৰীগৰাকীক গ্রেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখে৷ মহিলা কর্মচাৰীগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত নগাঁও আৰক্ষীয়ে যোৱানিশাই নগাঁও কোষাগাৰৰ জেষ্ঠ গাণনিক সঞ্জীৱ মিশ্রৰ চহৰৰ পানীগাঁও ছয়আলিৰ ঘৰলৈ গৈ মিশ্রক নগাঁও সদৰ থানাত হাজিৰ হোৱাৰ নির্দেশ দিয়ে৷

আৰক্ষীৰ নির্দেশ পোৱাৰ পাছতেই জ্যেষ্ঠ গাণনিক সঞ্জীৱ মিশ্র নগাঁও সদৰ থানাত উপস্থিত হয়৷ আৰক্ষীয়ে মিশ্রক জেৰা কৰাৰ সময়ত উৎকোচ গ্রহণৰ ক্ষেত্রত মিশ্রই সহযোগিতা কৰাৰ কথা স্বীকাৰ কৰে৷ লগে লগে আৰক্ষীয়ে মিশ্রক গ্রেপ্তাৰ কৰে৷ আৰক্ষীৰ জেৰাত কালি গ্রেপ্তাৰ হোৱা মহিলা কর্মচাৰীগৰাকীয়ে কোষাগাৰ কার্যালয়ত সংঘটিত হৈ থকা উৎকোচৰ মুকলি বজাৰখন সন্দর্ভত বিস্ফোৰক স্বীকাৰোক্তি দিয়ে৷ মহিলা কর্মচাৰীগৰাকীয়ে কার্যালয়টোৰ জেষ্ঠ গাণনিক সঞ্জীৱ মিশ্রৰ সহযোগতহে তেওঁ উৎকোচৰ দৰে দুষ্কার্য সংঘটিত কৰি আহিছিল বুলি কয়৷

দুয়োগৰাকী কর্মচাৰীকে নগাঁও আৰক্ষীয়ে গুৱাহাটীৰ এখন বিশেষ আদালতত হাজিৰ কৰায়৷ নগাঁও আৰক্ষীয়ে এই সন্দর্ভত নগাঁও সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনত ৩৮৪/৪০৯/১৬৬ ধাৰাৰ অধীনত ২২১৫/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি এক অনুসন্ধান অব্যাহত ৰাখিছে৷ নগাঁও কোষাগাৰত ধন নিদিলে কোনো কামেই নহয় বুলি নগঞা ৰাইজৰ মাজত চর্চা চলি আহিছে৷ শিক্ষক–কর্মচাৰী আদিৰ দৰমহা–পেন্সনকে ধৰি অন্যান্য যাৱতীয় বিল পাছ কৰাৰ নামত একাংশ বিষয়া–কর্মচাৰীয়ে উৎকোচৰ মুকলি বেহা পাতি আহিছে৷

এই সন্দর্ভত নগাঁও কোষাগাৰৰ বিষয়াগৰাকী অৱগত যদিও ৰহস্যজনকভাৱে বিষয়াগৰাকীয়ে বিষয়টো আওকাণ কৰি আহিছে৷ ইপিনে নগাঁৱৰ কোষাগাৰ বিষয়া দেৱাশিস সেনগুপ্তই নগাঁও কোষাগাৰত কোনোধৰণৰ দুর্নীতি–নিয়ম সংঘটিত হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷ নগাঁও কোষাগাৰ কার্যালয়ে দুর্নীতিক কেতিয়াও প্রশ্রয় দিয়া নাই বুলি মন্তব্য কৰি বিষয়াগৰাকীয়ে কয়– নগাঁও কোষাগাৰ দুর্নীতিমুক্ত৷ বিষয়াগৰাকীয়ে দুর্নীতিৰ অভিযোগক অস্বীকাৰ কৰিলেও নগাঁও কোষাগাৰত যে দুর্নীতি–নিয়ম সংঘটিত হোৱাৰ লগতে উৎকোচৰ এক মুকলি বজাৰ চলি আছে, সেয়া সর্বজনবিদিত৷ এতিয়া এই দুগৰাকী কর্মচাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আন কোন কোন কর্মচাৰী আৰক্ষীৰ জালত পৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like