নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গর্ভস্থ অৱস্থাতে শিশুৱে শিকিব ভাৰতীয় সংস্কৃতি !

নিয়মীয়া বাৰ্তা, ৮মাৰ্চ: এইবাৰ গর্ভস্থ অৱস্থাৰ পৰাই ভাৰতীয় সংস্কৃতি শিকিব শিশুসকলে৷ ইয়াৰ বাবে ভগৱান ৰাম, হনুমান, শিৱাজীৰ দৰে স্বাধীনতা সংগ্রামীৰ কাহিনী শুনোৱা হ’ব অন্তঃসত্ত্বা মহিলাসকলক৷ ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যক জীয়াই ৰাখিবলৈ এই নতুন পদক্ষেপ গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে আৰ এছ এছে৷ সংগঠনটোৰ মহিলা গোট সম্বর্ধিনী ন্যাসৰ তৰফৰ পৰা এই নতুন প্রকল্পক কার্যকৰী ৰূপ দিয়া হ’ব৷ গর্ভ সংস্কাৰ নামৰ এই প্রকল্পৰ জৰিয়তে অন্তঃসত্ত্বা মহিলাসকলৰ সৈতে কথা পাতিব স্ত্রীৰোগ চিকিৎসকসকলে৷ জন্মৰ পূর্বেই গর্ভস্থ সন্তানসকলৰ মগজুত ভাৰতীয় সংস্কৃতিৰ বীজ ৰোপণ কৰিবলৈ এই প্রকল্প গ্রহণ কৰা হৈছে৷ সম্বর্ধিনী ন্যাসৰ আয়োজক মাধুৰী মাৰাঠে উল্লেখ কৰা অনুসৰি এই বিষয়ত আলোচনা কৰিবলৈ জে এন ইউত এক সন্মিলনৰ আয়োজন কৰা হৈছে৷ ১২খন ৰাজ্যৰ পৰা ৮০গৰাকী আয়ুর্বেদ বিশেষজ্ঞ আৰু স্ত্রীৰোগ চিকিৎসকে এই সন্মিলনত অংশগ্রহণ কৰিব৷

You might also like