নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ম’টেৰাত দিবা–নৈশ টেষ্ট মেচ; ইংলেণ্ডৰ বাবে ভাৰতে সাজু কৰিছে স্পিনসহায়ক উইকেট

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ বিশ্বৰ সর্ববৃহৎ ম’টেৰা ক্রিকেট ষ্টেডিয়ামত আজিৰে পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত আৰম্ভ হ’ব বহু প্রত্যাশিত দিবা–নৈশ টেষ্ট৷ অত্যাধুনিক ম’টেৰা ষ্টেডিয়ামত এয়া হ’ব প্রথমখন আন্তঃৰাষ্ট্রীয় মেচ৷ একেদৰে ভাৰতৰ বাবে এয়া স্বদেশত দ্বিতীয়খন আৰু সামগ্রিকভাৱে তৃতীয়খন দিবা–নৈশ টেষ্ট মেচ৷

প্রথম দুখন মেচত উভয় দলে এখনকৈ মেচত জয়েৰে শৃংখলাত সমতা স্থাপন হৈ থকাত শৃংখলাৰ বাবে এই দিবা–নৈশ মেচখন অত্যন্ত গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ ম’টেৰাৰ নতুন উইকেট আৰু পৰিৱেশত ভাৰত আৰু ইংলেণ্ডৰ বাবে ৰণকৌশল তৈয়াৰ কৰাটো কিছু প্রত্যাহ্বানজনক হৈ পৰিছে যদিও গুৰুত্বপূর্ণ মেচখনৰ বাবে উভয় দল পূর্ণোদ্যমে সাজু হৈ উঠিছে৷

টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে সংবাদ মেলত প্রকাশ কৰা মন্তব্যৰ পৰা এই কথাৰ ইংগিত পোৱা গৈছে যে দিবা–নৈশ টেষ্টত ভাৰতে ইংলেণ্ডৰ বাবে স্পিনসহায়ক উইকেট প্রস্তুত কৰিছে৷ ভার্চুৱেল সংবাদ মেলত কোহলিয়ে কয় যে গুলপীয়া বলৰ টেষ্টত স্বাভাৱিকতে বেগী বলাৰে ছুইং লাভ কৰিব যদিও স্পিনাৰেও মেচখনত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ ৰণনীতি অনুসৰি ঘৰুৱা দলটোৱে আজি দুই বিশেষজ্ঞ স্পিনাৰ ৰবিচন্দ্রন অশ্বিন আৰু অক্ষৰ পেটেলৰ সৈতে খেলপথাৰত নমাৰ সম্ভাৱনা আছে৷

ইফালে, দ্বিতীয় টেষ্টত বিশ্রাম লোৱাৰ পিছত প্রত্যাৱর্তনৰ বাবে সাজু হৈছে যশপ্রীত বুমৰাহ৷ শততম টেষ্ট খেলিবলগীয়া ঈশান্ত শর্মা আৰু মহম্মদ চিৰাজৰ সৈতে বুমৰাহে ভাৰতৰ বেগী বলিং আক্রমণৰ নেতৃত্ব দিব৷ অৱশ্যে বেটিং বিভাগৰ শক্তি বৃদ্ধি কৰিবলৈ শেষ মুহূর্তত চিৰাজৰ সলনি টীম ইণ্ডিয়াই মূল একাদশত অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াক অন্তর্ভুক্ত কৰাৰো সম্ভাৱনা নথকা নহয়৷ বেটিঙত ভাৰতৰ সফলতা নির্ভৰ কৰিব অধিনায়ক কোহলি, ৰোহিত শর্মা, শুভমন গিল, শ্বেটেশ্বৰ পূজাৰা, আজিংক্য ৰাহানে আৰু ঋষভ পণ্টৰ প্রদর্শনৰ ওপৰত৷

আনহাতে, জেমছ এণ্ডাৰছন আৰু জ’নী বিয়েৰষ্ট’ৰ প্রত্যাৱর্তনে ইংলেণ্ডৰ শক্তি বৃদ্ধি কৰিব৷ এণ্ডাৰছনে জ’ফ্রা আর্চাৰ আৰু ষ্টুৱার্ট ব্রডৰ সৈতে গুলপীয়া বলেৰে ভাৰতীয় বেটছমেনক শ’লঠেকত পেলোৱাৰ সম্ভাৱনা আছে৷ অভিজ্ঞ অফ স্পিনাৰ মঈন আলী দেশলৈ উভতি যোৱাত ডম বেছ আৰু জেক লিচে স্পিন বলিং আক্রমণৰ নেতৃত্ব দিব৷
খেলৰ সময়: দুপীয়া ২.৩০ বজা৷

You might also like