নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্চত ক্ৰিকেটলৈ উভতিব ধোনী

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ বিগত বিশ্বকাপতে অন্তিমবাৰৰ বাবে খেলপথাৰত নমা টীম ইণ্ডিয়াৰ তাৰকা মহেন্দ্ৰ সিং ধোনীয়ে অহা বৰ্ষৰ মাৰ্চত ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাব । বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে অৱশিষ্ট বিশ্ব একাদশ আৰু এছিয়া একাদশৰ মাজত আয়োজন কৰা দুখন টি-২০ মেচত ধোনীক দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য যে বিশ্বকাপৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰত পৰাস্ত হোৱাৰ পিছৰে পৰা ধোনীয়ে প্ৰতিযোগিতামূলক ক্ৰিকেটত অংশ লোৱা নাই । লগতে বিশ্বকাপৰ পাছত টীম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্ৰিকা আৰু বাংলাদেশৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় মেচ খেলে যদিও ধোনীয়ে স্ব-ইচ্ছাই এই শৃংখলাসমূহৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লয় ।

You might also like