নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহি আছে ১০৮ মেগাপিক্সেল কেমেৰা সংযুক্ত স্মাৰ্ট ফোন

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ ছেমছাঙ স্মাৰ্ট ফোন ব্যৱসাৰকাৰী সকললৈ সুখবৰ। ছেমছাঙে গেলেক্সী এছ ১১+ স্মাৰ্টফোনটো Geekbench ত অন্তৰ্ভুক্ত কৰিছে। লগতে জানিব পৰা মতে এই স্মাৰ্ট ফোনটোত লেজাৰ অটোফক্সাছ ৰ সৈতে সংযুক্ত কৰা হ’ব। ৫ জি নেটৰ্ৱক পৰিচালনা কৰিবৰ বাবে এই স্মাৰ্ট ফোনটো মুকলি কৰা হ’ব। ইয়াৰ উপৰিও ১০৮ মেগাপিক্সেল ৰিয়েৰ কেমেৰা সংযুক্ত থাকিব বুলি অনুমান কৰা হৈছে।

Geekbench ত অন্তৰ্ভুক্ত মতে ফোনটোৰ মডেল নম্বৰ SM-G986B। ইয়াত এক্সীনীস ৯৮৩০ প্ৰচেচাৰ আৰু ১.৯৫ গিগাহাৰ্টেজত উপলব্ধ হ’ব। ইয়াৰ উপৰিও ভাৰতীয় বজাৰৰ বজাৰৰ বাবে স্নেপড্ৰেগন ৮৬৫ প্ৰচেচাৰ লগতে ১২ জিবি ৰেমৰ লগত মুকলি কৰিব বুলি Geekbench ত অন্তৰ্ভুক্ত হৈছে।

You might also like