নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি বিৰোধী মিত্ৰজোঁটেই গঠন কৰিব চৰকাৰঃ নবাব মালিক

নিয়মীয়া বাৰ্তা,২৬ নৱেম্বৰঃ মঙলবাৰে মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ত এতিয়া উৎফুল্লিত বিজেপি বিৰোধী শিবিৰ । ন্যায়ালয়ৰ এই ৰায়ৰ পিচতেই সংবাদমাধ্যমক সম্বোধন কৰে এনচিপি নেতা নবাব মালিকে । উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক দেশৰ গণতন্ত্ৰৰ এক মাইলষ্ট’ন আখ্যা দি মহাৰাষ্ট্ৰত বিজেপি শেষ বুলি উল্লেখ কৰে নেতাগৰাকীয়ে । বুধবাৰে বিয়লি ৫ বজাৰ পাচতেই সম্পূৰ্ণ ছবিখন স্পষ্ট হোৱাৰ লগতে কেইটামান দিনৰ ভিতৰতে মহাৰাষ্ট্ৰত কংগ্ৰেছ-শিৱসেনা-এনচিপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে নবাব মালিকে ।

বুধবাৰে সন্ধ্যা ৫ বজাত বিধায়ক সকলৰ শপত গ্ৰহণৰ পাচতেই আস্থাভোট সম্পন্ন হ’ব । উল্লেখ্য যে, বিগত শনিবাৰে সকলোকে আচৰিত কৰি বিজেপিৰ নেতৃত্বত মহাৰাষ্ট্ৰত চৰকাৰ গঠন হৈছিল যদিও শিৱসেনা-কংগ্ৰেছ আৰু এনচিপিয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পাচতেই মঙলবাৰে এই ৰায় প্ৰদান কৰে ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে ।

২৮৮ খন আসনৰ মহাৰাষ্ট্ৰ বিধানসভাত ইতিমধ্যে বিজেপিয়ে জয়লাভ কৰিছে ১০৫ খন আসন । তেনেস্থলত বিজেপিক চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৪০ জন বিধায়কৰ সমৰ্থন । এইক্ষেত্ৰত বুধবাৰে হ’ব লগা আস্থা ভোটেই বিজেপি আৰু বিজেপিবিৰোধী মিত্ৰজোঁটৰ ভাগ্য নিৰ্ণয় কৰিব ।

You might also like